Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ Prawn Farming  : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন  আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 15 April, 2025 6:16 PM IST
Malta Fruit farming in Assam
Malta Fruit farming in Assam

শেহতীয়াকৈ অসমৰ ফল-মূলৰ দোকানত দেখিবলৈ পোৱা আৰু অসমৰ মানুহৰ মাজত চাহিদা লাভ কৰা এবিধ ফল তথা উদ্যান শস্য হ’ল- মাল্টা টেঙা।  অতি সম্প্ৰতি অসমৰ কৃষকেই ইয়াৰ খেতি কৰিবলৈ লৈছে আৰু দুই এজন কৃষকে এই খেতি কৰি সফলতা লাভ কৰিছে। অসমৰ কৃষকৰ এই সফলতাই প্ৰমাণ কৰি দেখুৱাইছে যে অসমৰ মাটি তথা জলবায়ু মাল্টা টেঙাৰ খেতি উপযোগী। ইয়াৰ এখন ভাল বজাৰো অসমত আছে। অসমৰ বজাৰত ৮০-৯০ টকা প্ৰতিকেজিত বিক্ৰি হয়। অৱশ্যে অসমৰ বজাৰ ভৰি থকা এই মাল্টাবোৰ বহিঃৰাজ্যৰ কৃষকে কৰা আৰু বহিঃৰাজ্যৰ পৰাহে অহা।

ৰোপনৰ সময় (Malta Plantation Time)

অসমত মাৰ্চ-এপ্ৰিলৰ পৰা জুনলৈকে অসমৰ কৃষকে মুল পথাৰত মাল্টা টেঙাৰ পুলি ৰোপন কৰিব পাৰে। ৰোপনৰ পূৰ্বে উদ্যান শস্যৰ বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে। আৰু তেওঁলোকৰ পৰামৰ্শ অনুসৰি কামবোৰ আগবঢ়াই নিব লাগে। পুলিবোৰ ৰোপন কৰোঁতে এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব আৰু এটা শাৰীৰ পৰা এটা শাৰীৰ দূৰত্ব ১০ ফুট মান সাধাৰণতে ৰাখে। অসমত চিৰাঙ জিলাৰ এজন প্ৰগতিশীল কৃষক আচগৰ আলীয়ে মাল্টা টেঙাৰ খেতি কৰোঁতে এটা পুলি আৰু শাৰীৰ দূৰত্ব ১০ ফুট ৰাখিছিল। ৰোপন কৰা পুলিবোৰ স্বাস্থ্যৱান হোৱাটো অতি প্ৰয়োজন। আৰু এটা কথা যে কৃষকসকলে যিডোখৰ মাটিত মাল্টা টেঙাৰ খেতি কৰিব, সেইডোখৰ মাটি পৰীক্ষা কৰোৱাই ল’ব। মাটি পৰীক্ষা কৰোৱাই ললে মাল্টা টেঙাৰ বাবে কি সাৰ বা কি কীটনাশক কিমান মাৰিব লাগে ইত্যাদি কথাবোৰ ওলাই পৰিব। সেই অনুপাতে প্ৰয়োগ কৰিলে ভাল ফল পাব।

মাল্টা টেঙাৰ খেতি ভিডিঅ' আকাৰে চাবলৈ তলৰ লিংকটো ক্লিক কৰক- https://www.youtube.com/watch?v=Fst1Fo36VP8

এফুট ওখ পুলি এটা মুল পথাৰত ৰোপন কৰাৰ পাছত ভাল দৰে যত্ন ল’লে এবছৰতে ফল লাগে। প্ৰথম বছৰত কম লাগে, একেদৰে দ্বিতীয় বছৰত প্ৰথম বছৰতকৈ অলপ বেছি লাগে, পাঁচ বছৰমান বয়সত ভালদৰে যত্ন ল’লে এজোপা গছত ৪০-৫০ কেজিতকৈ অধিক ফল লাগিব। আৰু এটা কথা যে এজোপা মাল্টাই প্ৰায় ১০-১৫ বছৰলৈ একেৰাহে ফল দি থাকে। প্ৰথম ৰোপন কৰোঁতে খৰচ কৰাৰ পাছত বাকী বছৰবোৰত বেছি খৰচ নকৰাকৈ হৈ যায়। পাৰিলে কৃষকসকলে পানী যোগানৰ বাবে ড্ৰীপ ইৰিগ্যেশ্বন ব্যৱহাৰ কৰিব লাগে।

পূৰ্বতে আমাৰ ধাৰণা আছিল মাল্টা বা অন্যান্য উন্নত তথা গ্ৰাফটিং প্ৰজাতিৰ ফল-মূলৰ খেতি আমাৰ অসমত নহয়। কিন্তু বৰ্তমান সময়ত অসমৰ কৃষকে বিজ্ঞানসন্মত পদ্ধতিৰে এই নতুন তথা গ্ৰাফটিং প্ৰজাতিৰ ফল-মূলবোৰৰ খেতি কৰিবলৈ লোৱাত ভাল ফলাফল পাবলৈ সক্ষম হৈছে।

অসমৰ নিৱনুৱা যুৱক-যুৱতীসকলে স্বাৱলম্বণৰ পথ হিচাপে মাল্টা খেতিক ল’ব পাৰে। অসমত বজাৰত বা ফল-মূলৰ দোকানত দেখা বেছিভাগ মাল্টাই বহি:ৰাজ্যৰ। বিশেষ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ, উত্তৰ-প্ৰদেশৰ। অসমৰ যুৱক-যুৱতীসকলে বিজ্ঞানসন্মত পদ্ধতিৰে মাল্টা টেঙাৰ খেতি কৰিলে অসমৰ বজাৰবোৰ অসমৰ মাল্টা টেঙাৰে ভৰি পৰিব। আৰু যুৱক-যুৱতীসকল স্বাৱলম্বী হব আৰু ৰাজ্যৰ অৰ্থনীতিয়ো টনকিয়াল কৰিব পাৰিব।

লগতে পঢ়ক-

Pointed gourd : ৬০ দিনতে লাগিব ফল, কম ৮০-৯০ হাজাৰ টকা উপাৰ্জন

 

English Summary: Malta Fruit farming in Assam
Published on: 15 April 2025, 06:16 IST