Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 20 June, 2023 4:56 PM IST
জিৰ' টিলেগ পদ্ধতিৰে কেনেকৈ কৰিব খেতি

আমি সাধাৰণতে ধান, সৰিয়হ, শাক-পাচলি আদিকে ধৰি যি কোনো শস্যৰ খেতি কৰাৰ আগমূহুৰ্তত মাটিডৰা ভালকৈ চহাই লও। কিন্তু ট্ৰেক্টৰ, কোৰ, নাঙল আদিৰে মাটি নচহোৱাকৈও খেতি কৰিব পাৰি। এই ধৰণেৰে খেতি কৰিও অধিক শস্য উৎপাদন কৰিব পাৰি।  মাটিত হাল নোবোৱাকৈ বা নচহোৱাকৈ কৰা এই কৃষি ব্যৱস্থাক কোৱা হয় ‘zero tillage mathod’ বুলি। ভাৰতত ৭০ ৰ দশকতেই এই পদ্ধতি আৰম্ভ হৈছিল যদিও এতিয়ালৈ ইয়াৰ বিষয়ে বেছিভাগ কৃষকেই নাজানে।

আমাৰ কৃষক ৰাইজ, বিশেষকৈ কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী যুৱ প্ৰজন্মই এই নতুন পদ্ধতিক আদৰি ল’ব পাৰে আৰু সকলোকে ইয়াৰ সৈতে চিনাকি কৰাই দিব পাৰে। কাৰণ ই হৈছে এটা কম খৰচী আৰু কম কষ্ট কৰিয়েই অধিক উৎপাদন কৰিব পৰা সুন্দৰ ব্যৱস্থা। এই পদ্ধতিত মাটিডৰাত শস্যৰ বীজ সিঁচি তাৰ ওপৰত পচন সাৰ, গোবৰ আদি দিব লাগে। প্ৰয়োজন সাপেক্ষে ৰাসায়নিক সাৰো প্ৰয়োগ কৰিব পাৰে। ইয়াৰ পাছত তাৰ ওপৰত ধানৰ নৰা বা খেৰ দিব লাগে।

সাধাৰণতে বহু কৃষকে শালি ধানৰ খেতি চপোৱাৰ পাছত মাটিখিনি চন পেলাই থয়। কিন্তু তাৰ সলনি সেই ঠাইত zero tillge পদ্ধতিৰে সৰিয়হ, আলু, বিভিন্ন শাক-পাচলি আদিৰ খেতি কৰিব পাৰে। এই পদ্ধতিৰে খেতি কৰোতে খৰচ তেনেই কম হয়। কাৰণ ইয়াৰ বাবে মাটিত হাল মৰাৰ প্ৰয়োজন নহয় লগতে এই খেতিৰ বাবে সময়ো যথেষ্ট কম লাগে। ইয়াৰ উপৰিও এই পদ্ধতিৰ খেতিত পানীৰ পৰিমানো কম লাগে। Zero tillage পদ্ধতিৰ খেতিত বেমাৰ আজাৰ কম হয় আৰু শস্যডৰা জংঘলে আৱৰি নধৰে।

লগতে পঢ়ক- 

ড্ৰেগন ফলতকৈ অধিক উপাৰ্জন দিব ক’লা কুঁহিয়াৰৰ খেতিয়ে : পুলি পাবলৈ আজিয়ে যোগাযোগ কৰক

Zero tillage farming

সম্প্ৰতি এই পদ্ধতিত সম্প্ৰতি অসমত আলু খেতি আৰম্ভ হৈছে। বিগত দিনত কলিয়াবৰৰ মাধতাৰি অঞ্চলৰ তোষেশ্বৰ বৰা, ধনীৰাম বৰা, প্ৰদীপ শইকীয়াকে ধৰি বহুকেইগৰাকী খেতিয়কে কৰিছিল এই নতুন পদ্ধতিৰ আলুখেতি। পৰম্পৰাগত আলুখেতিৰ পৰিৱৰ্তে হাল নোবোৱাকৈয়ে আৰু তেনেই কম খৰচত আৰু কম পৰিশ্ৰম বিনিয়োগ কৰি তুলনামূলকভাৱে বহু বেছি উৎপাদন কৰিব পাৰি এই আলুখেতিৰ পৰা। ধান চপোৱাৰ পিছতে এৰি অহা নৰানিতে এই আলুখেতি কৰিব পাৰে কৃষকসকলে।

তেওঁলোকে জানিবলৈ দিয়া মতে, খেতি পথাৰত ধানখেতি চপোৱাৰ পাছতেই দ্বিতীয় খেতি হিচাপে এই খেতি কৰিব পৰা যায়। ইয়াৰ বাবে হাল বাব নালাগে। নৰাৰ মাজে মাজে নিৰ্দিষ্ট দূৰত্বত শাৰী শাৰীকৈ আলুৰ বীজ দি মাত্ৰ ছয় ইঞ্চি ডাঠকৈ নৰাৰে ঢাকি দিলেই হল। ৰোপণ কৰাৰ ৯০ দিনৰ মূৰত খান্দিব পাৰি। গছে প্ৰতি ১ কেজিৰ ওপৰত উৎপাদন হয়।

জিৰ' টিলেগ পদ্ধতি

কৃষকসকলে মন কৰিব যে, এই পদ্ধতিৰে খেতি কৰোতে কৃষিভেদে বীজ ৰোপন, সাৰ প্ৰয়োগ আদি বেলেগ বেলেগ ধৰণেৰে কৰিবলগীয়া হ’ব পাৰে। গতিকে ইচ্ছুক কৃষকে অসম চৰকাৰৰ কৃষি বিভাগৰ লগত যোগাযোগ কৰি এই বিষয়ে সৱিশেষ জানি ল’ব পাৰে। অসম চৰকাৰৰ কৃষি বিভাগে অসম কৃষি-বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ অধীনত বিভিন্ন জিলাত zero tillage কৃষি পদ্ধতিৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ইয়াৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলাই আছে।

উৎস- জ্ঞানচ'ৰা

লগতে পঢ়ক- 

New Farming technique : নতুন কৃষি পদ্ধতিৰে খেতি কৰোঁ আহক

English Summary: Zero tillage farming Methods & its benefit
Published on: 20 June 2023, 02:16 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now