Green Gram Farming : গ্ৰীষ্মকালীন মগুমাহৰ বিজ্ঞানসন্মত কৃষি প্ৰণালী Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 16 July, 2026 10:10 AM IST

আমাৰ অসমৰ কৃষকসকলৰ বাবে মিঠা আলু (Sweet Potato) হৈছে এবিধ অতি লাভজনক আৰু সহজতে কৰিব পৰা খেতি। বানপানীৰ পাছত পৰি থকা পলসুৱা মাটিত বা পানীৰ অভাৱ হোৱা খৰাং পথাৰত য’ত আন খেতি কৰিব নোৱাৰি, তাত অতি সহজে মিঠা আলু কৰিব পাৰি। কম কষ্ট আৰু তাকৰীয়া খৰচতে এই খেতিৰ পৰা কেনেকৈ ভাল লাভ কৰিব পাৰি, তাৰ এক সহজ হিচাপ তলত দিয়া হ’ল:

১/ খেতিৰ উপযুক্ত সময়

অসমৰ জলবায়ু অনুসৰি মিঠা আলু খেতি কৰাৰ আটাইতকৈ উত্তম সময় হৈছে আহিনৰ পৰা আঘোণ মাহ (ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ)। বৰ্ষা ঋতু শেষ হোৱাৰ পাছতেই মাটিত থকা সেমেকানি ব্যৱহাৰ কৰি ইয়াৰ লতা (Cuttings) ৰোপণ কৰিব লাগে।

২/ মাটি কেনেকৈ সাজু কৰিব

বালিচহীয়া বা পলসুৱা ওখ মাটি এই খেতিৰ বাবে আটাইতকৈ ভাল। মাটিডৰা ৩-৪ বাৰ ভালদৰে হাল বাই লৈ দীঘল দীঘলকৈ ওখ ভেটি বা ঢিপ (Ridges) বনাই ল’ব লাগে। এই ভেটিবোৰৰ ওপৰত ১ ফুট দূৰত্বত আলুৰ লতাবোৰ কাটি মাটিত গুজি দিব লাগে।

৩/ খৰচ আৰু লাভৰ সহজ খতিয়ান (১ বিঘা মাটিৰ বাবে)

মিঠা আলুৰ আটাইতকৈ ভাল দিশটো হ’ল ইয়াত ৰাসায়নিক সাৰ বা ঔষধৰ নামত পইচা খৰচ কৰিব নালাগে। অলপ গোবৰ সাৰ দিলে গছ ভাল হয়।

  • ১ বিঘা মাটিত আনুমানিক খৰচ:
  • মাটি চহোৱা আৰু ভেটি বনোৱা: ৩,০০০ টকা
  • আলুৰ লতা বা পুলি ক্ৰয়: ২,০০০ টকা (লতাৰ পৰাই পুনৰ লতা কাটি বঢ়াব পাৰি)
  • গোবৰ সাৰ আৰু শ্ৰমিক: ৩,০০০ টকা
  • মুঠ খৰচ:প্ৰায় ,০০০ টকা
  • উৎপাদন আৰু লাভৰ পৰিমাণ:লতা ৰোৱাৰ ৪ মাহৰ ভিতৰত আলু খন্দাৰ উপযোগী হয়।
  • ১ বিঘা মাটিত গড়ে প্ৰায়১৫ কুইণ্টলৰ পৰা ২০ কুইণ্টল (১৫০০-২০০০ কেজি) মিঠা আলু উৎপাদন হয়।
  • বজাৰত মিঠা আলুৰ পাইকাৰী দাম প্ৰতি কেজিত গড়ে ৩০ টকাৰ পৰা ৪০ টকা পৰ্যন্ত পোৱা যায়।
  • যদি অতি কমেও ৩০ টকা কেজিও ধৰা হয়, তেন্তে ১৫০০ কেজি × ৩০ টকা =৪৫,০০০ টকা
  • খৰচ বাদ দি মাত্ৰ ৪ মাহত ১ বিঘা মাটিৰ পৰা প্ৰায়৩৫,০০০ ৰ পৰা ৩৭,০০০ টকা পোনপটীয়া লাভ কৰিব পাৰি।

৪/ মিঠা আলু খেতিৰ সুবিধাসমূহ (লাভালাভ)

  • কম পানী লাগে:এই খেতিত অতিৰিক্ত পানী সিঁচিব নালাগে, খৰাং বতৰতো খেতিডৰা জীয়াই থাকে।
  • বেমাৰ-আজাৰ কম:আন পাচলিৰ দৰে ইয়াত পোক-পৰুৱাৰ উপদ্ৰৱ একেবাৰে কম হয়।
  • লতাৰ পৰাও লাভ:আলু খন্দাৰ পাছত ইয়াৰ কোমল পাত আৰু লতাবোৰ গৰু-ছাগলীক খুৱাব পাৰি, যাৰ ফলত পশুধনৰ গাখীৰ উৎপাদন বৃদ্ধি পায়।
English Summary: How to Start Sweet Potato Cultivation
Published on: 16 July 2026, 10:10 IST