1. অন্যান্য

New Farming technique : নতুন কৃষি পদ্ধতিৰে খেতি কৰোঁ আহক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
New Farming technique
New Farming technique

ভাৰতবৰ্ষৰ কৃষিৰ ইতিহাস বহু পুৰণি  আৰু সময়ৰ লগে লগে বিভিন্ন কৃষি কৌশল আৰু পদ্ধতি ব্যৱহাৰ কৰা হৈছে। ভাৰতত গ্ৰহণ কৰা কিছুমান নতুন কৃষি কৌশল ইয়াত উল্লেখ কৰা হ’ল। এই নতুন কৃষি কৌশল প্ৰয়োগ কৰি অসমৰ কৃষকসকলো বহু দিশত লাভান্বিত হ’ব।

হাইড্ৰপনিক্স (Hydroponics) :

হাইড্ৰ’পনিক্স হৈছে মাটিবিহীন কৃষি কৌশল। য’ত পুষ্টিকৰ পদাৰ্থ সমৃদ্ধ পানীত শাক-পাচলিৰ খেতি কৰা হয়। অত্যাধিক লাভজনক শস্যৰ এই প্ৰণালীত, মাটিহীন কৃষি আৰু এক নিয়ন্ত্ৰিত পৰিৱেশত কৰা হয়, পানীয়ে গছবোৰৰ বাবে প্ৰয়োজনীয় খাদ্য প্ৰদান কৰে। জনবহুল দেশবোৰত বিল্ডিংৰ ছাদ, চোতাল, পলি টানেল আৰু নেট ঘৰত হাইড্ৰোপনিক পদ্ধতিত পাচলি আৰু ফল উৎপাদন কৰা হয়। আমেৰিকা যুক্তৰাজ্য, জাপান, টাইৱান, চীন, থাইলেণ্ড, ছিংগাপুৰ, মালয়েছিয়া আদিৰ দৰে দেশত পাচলি আৰু ফলৰ হাইড্ৰপনিক কৃষিৰ জৰিয়তে বাণিজ্যিকভাৱে উৎপাদন কৰা হয়। এই শস্যৰ আটাইতকৈ ডাঙৰ সুবিধা হ'ল ইয়াক গোটেই বছৰ খেতি কৰিব পাৰি আৰু উৎপাদিত শস্যত কোনো কীটনাশক ব্যৱহাৰ কৰা নহয়। অধিক গুৰুত্বপূৰ্ণ কথা এয়ে যে হাইড্ৰপনিক পদ্ধতিয়ে দেখুৱাইছে যে মাটি অবিহনে শস্য উৎপাদন কৰা আৰু খাদ্যৰ চাহিদা পূৰণ কৰা সম্ভৱ।

লগতে পঢ়ক- 

Green House : সেউজগৃহ এটা বনাই ল’লে কি কি দিশত লাভান্বিত হ’ব কৃষকজন

হাইড্ৰ’পনিক্স (Hydroponics)
হাইড্ৰ’পনিক্স (Hydroponics)

ড্ৰীপ জলসিঞ্চন (Drip Irrigation):

ড্ৰিপ জলসিঞ্চন হৈছে পাইপেৰে পানী পোনপটীয়াকৈ উদ্ভিদৰ শিপালৈ প্ৰেৰণ কৰা এক কৌশল। এই কৌশলে ভাৰতত জনপ্ৰিয়তা লাভ কৰিছে কাৰণ ই পানীৰ অপচয় কম কৰাত সহায় কৰে আৰু শস্যৰ উৎপাদন বৃদ্ধি কৰে। তলৰ ফটোত দেখুওৱাৰ দৰেই শাক-পাচলিত Drip Irrigation ৰ জৰিয়তে পানী যোগান ধৰা হয়।

ড্ৰীপ জলসিঞ্চন (Drip Irrigation)
ড্ৰীপ জলসিঞ্চন (Drip Irrigation)

শূন্য বাজেট প্ৰাকৃতিক কৃষি (Zero Budget Natural Farming) :

জিৰ’ বাজেট ফাৰ্মিং এটা খৰচ শূণ্য (জিৰ’) কৃষি পদ্ধতি। কাৰণ ই এটা প্ৰাকৃতিক প্ৰণালী। এই কৃষি পদ্ধতিত কেৱল কেঁচু, গোৱৰ, গোমূত্ৰ, অণুজীৱ, জাৱৰ-জোথৰ আদিৰ ব্যৱহাৰৰ কৰা হয়। আৰু এই সামগ্ৰীবোৰ কৃষকৰ ঘৰত সহজে উপলব্ধ । এই পদ্ধতিত ৰাসায়নিক সাৰ অথবা কীটনাশকৰ ব্যৱহাৰ একেবাৰে নিষিদ্ধ। প্ৰণালীব্ধভাৱে কৰা এই পদ্ধতিয়ে আন পদ্ধতিৰে কৰা কৃষিতকৈ ফচলৰ উৎপাদন গুনগতভাবে দুগুণ কৰে। জিৰ’ বাজেট খেতিয়ে কৃষকৰ আয় বৃদ্ধি আৰু খৰছ হ্ৰাস কৰা লগতে এখন বহনক্ষম পৃথিবীৰ সৃষ্টিত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়।  মহাৰাষ্ট্ৰৰ বিদৰ্ভৰ এজন কৃষক সুভাষ পালেকৰে প্ৰথমবাৰৰ বাবে বৈজ্ঞানিকভিত্তিত “জিৰ’ বাজেট নেচাৰেল ফাৰ্মিং” পদ্ধতিৰে এই খেতি কৰে।

লগতে পঢ়ক- 

হাইড্ৰপনিক পদ্ধতিৰে ছাগলী পালন কৰি কিদৰে লাভান্বিত হ’ব আপুনি!

English Summary: New Farming technique of India

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.