Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 March, 2023 3:34 PM IST
Millet/proso/চীনা ধান

অসম মিলেট মিচনৰ অধীনত যিসমূহ শস্যৰ প্ৰচাৰ চৰকাৰে অব্যাহত ৰাখিছে, তাৰ ভিতৰত চীনা ধানো অন্যতম। অসমত পূৰ্বে নকৰা এই শস্যৰ খেতি কৰিবলৈ কৃষকসকলক পাৰ্যমানে সা-সুবিধা প্ৰদান কৰা হ’ব বুলি চৰকাৰে ঘোষণা কৰিছে। কিন্তু ধানজাতীয় শস্য বাদ দি অসমৰ মাটিত এই ধৰণৰ মিলেটৰ খেতি কিমান দূৰ ফলপ্ৰসূ হ’ব সেয়া এতিয়াও স্পষ্ট নহয়।

মন কৰিব লগীয়া যে, মিলেট সম্পৰ্কীয় এক চৰকাৰী প্ৰতিবেদন অনুসৰি, অসমৰ নিম্ন ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলটো নিম্ন শস্য উৎপাদনশীলতা, খাদ্য আৰু পুষ্টিগত নিৰাপত্তাহীনতা, জনসংখ্যা বিস্ফোৰণ, দৰিদ্ৰতা আৰু সম্পদ সংকোচন তথা অৱনতিৰ দীৰ্ঘম্যাদী সমস্যাৰ সন্মুখীন হৈছে।

ৰাজ্যখনৰ সৰ্ববৃহৎ অঞ্চল হোৱাৰ বাবে, ই কৃষি-পাৰিপাৰ্শ্বিক পৰিস্থিতি, আৰ্থ-সামাজিক পৰিস্থিতি, জাতিগত, বান পানী আৰু খৰাং প্ৰৱণতা, মাটিৰ পৰিস্থিতি আৰু সূক্ষ্ম জলবায়ুৰ তাৰতম্যৰ এক বিস্তৃত বিন্যাস সন্নিবিষ্ট কৰে। সেয়ে অঞ্চলটোৰ শস্য উৎপাদনশীলতা সমস্যাৰ সৈতে মোকামিলা কৰিবলৈকে এক দীৰ্ঘম্যাদী পৰিকল্পনা হিচাপে অসম চৰকাৰে কেন্দ্ৰৰ সহযোগত অসম মিলেট মিচন আৰম্ভ কৰিছে।

চীনা ধান কি জানো আহক

চীনা ধান (Proso Millet) এবিধ মোটা শস্য। ইয়াক 'পুণৰ্বা' বুলিও কোৱা হয়। ইয়াক প্ৰথমে ক'ত খেতি কৰা হৈছিল সেয়া জনা নাযায় যদিও শস্য হিচাপে ইয়াক ৭০০০ বছৰ আগৰ পৰা ককেছাছ আৰু চীনত উৎপাদন কৰা হৈ আহিছে। বিশ্বাস কৰা হয় যে এই শস্য স্বতন্ত্ৰভাৱে বৃদ্ধি কৰিবলৈ শিকা হৈছিল। এতিয়াও ভাৰত, ৰাছিয়া, ইউক্ৰেইন, মধ্য প্ৰাচ্য, এছিয়া, তুৰস্ক আৰু ৰোমানিয়াত ব্যাপকভাৱে ইয়াৰ খেতি কৰা হয়। ইয়াক স্বাস্থ্য ৰক্ষাৰ উপযোগী শস্য বুলি গণ্য কৰা হয়। ইয়াত গ্লুটেনৰ অভাৱৰ বাবে, ঘেঁহুৰ  এলাৰ্জি থকা লোকসকলেও চীনা ধান ব্যৱহাৰ কৰিব পাৰে।

ই বিভিন্ন প্ৰকাৰৰ জলবায়ুত বৃদ্ধি হয়। এই ধানৰ খেতি কৰিবলৈ অতি কম পানীৰ প্ৰয়োজন আৰু বিভিন্ন প্ৰকাৰৰ মাটিত ই বৃদ্ধি হয়। ইয়াৰ বিকাশৰ বাবে কম সময়ৰ প্ৰয়োজন। শুকান এলেকাৰ বাবে চীনা ধান এক আদৰ্শ শস্য। ইয়াৰ মূল শস্যত নিম্নতম পানীৰ প্ৰয়োজন হয়। ইয়াৰ উদ্ভিদ ৪ ফুট লৈকে ওখ হ'ব পাৰে, বীজবোৰ গোটত বিকশিত হয় আৰু ২-৩ মিলিমিটাৰ দীঘল হয়, সেইবোৰ হালধীয়া, কমলা বা মুগা বৰণৰ হ'ব পাৰে। যদিও ই এবিধ ঘাঁহ, আন ডাঠ শস্যৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

কণি ধানৰ দৰে, এই শস্যৰ বনৰীয়া সঁচ চিনাক্ত কৰা হোৱা নাই। তথাপি, ই মধ্য এছিয়াৰ পৰা বাকী বিশ্বলৈ বিয়পি পৰিছিল বুলি বিশ্বাস কৰা হয়| ইয়াক নিয়'লিথিক যুগত খেতি কৰা হৈছিল, যাৰ প্ৰমাণ জৰ্জিয়াত পোৱা যায়। ই হৈছে আফ্ৰিকাত খেতি নকৰা ডাঠ শস্যবোৰৰ ভিতৰত এটা, উন্নত দেশবোৰত ইয়াক কেৱল পশুখাদ্য হিচাপে খেতি কৰা হয়।

লগতে পঢ়কঃ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক

English Summary: Why government is urging farmers to grow millets
Published on: 09 January 2023, 05:53 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now