1. এগ্ৰিপেডিয়া

Foxtail millet: অসমত অৱহেলিত কণিধান, আমাজনত প্ৰতিকেজিৰ দাম ৩০০ টকা

Mrigakshi Phukan
Mrigakshi Phukan
Foxtail millet
Foxtail millet

অসমৰ হাবিয়ে-বননিয়ে গজি থকা এবিধ বিশেষ ধান। আমাজনত প্ৰতি কেজিত ৩০০ টকাকৈ বিক্ৰী হয় জৈৱিকভাৱে উৎপাদিত এই ধান। ১৮শ শতিকাৰপৰা এই ধান বিধৰ প্ৰচলন আছে যদিও অসমত ইয়াৰ খেতি হোৱা দেখা নাযায়। ইংৰাজীত ফক্সটেইল মিলেট আৰু অসমীয়াত কণিধান নামেৰে পৰিচিত এই শস্য নৱ প্ৰজন্মৰ কমেইহে চিনি পায়। জানিব পৰা মতে আজিৰপৰা ৩০-৪০ বছৰৰ পূৰ্বে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কেইবাখনো জিলাত ইয়াৰ খেতি কৰা হৈছিল।

লখিমপুৰ, ধেমাজি, মাজুলী, যোৰহাট, বোকাখাত আদিত এসময়ত কণিধানৰ খেতি কৰা হৈছিল। বৰ্তমান অসমৰ কৃষকসকলে এই ধানৰ খেতিত গুৰুত্ব দিলে ইয়াৰপৰা যথেষ্ট লাভৱান হোৱাৰ সম্ভাৱনা আছে। কিয়নো অসম মিলেট মিছনৰ অধীনত এনেধৰণৰ শস্যৰ খেতি কৰিবৰ বাবে কৃষকক উৎসাহিত কৰিবলৈ কেইবাটাও আঁচনি হাতত লৈছে চৰকাৰে। ২০২৩ বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে চিহ্নিত কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে কণি ধানকে ধৰি বিভিন্ন মিলেটৰ খেতি কৰিবলৈ কৃষকক উদগণি দিছে।

স্বাস্থ্য ৰক্ষাত কণিধান: কণিধানত কাৰ্বহাইড্ৰেট বেছি থাকে, যিয়ে শক্তিৰ এক উৎকৃষ্ট উৎস হিচাপে কাম কৰে।

পুষ্টিৰ তথ্য: ই আঁহ, তাম আৰু আইৰণৰ দৰে খনিজ পদাৰ্থৰে সমৃদ্ধ খাদ্য

খেতি: কণিধানৰ খেতি অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত পৰ্যাপ্ত পৰিমাণে কৰা হয়।

কণি ধানৰ জলপান (foxtail millet breakfast recipe)

কণি ধানখিনি পৰিষ্কাৰ কৰি লওক আৰু যদি ইয়াত পতান থাকে তেন্তে সেয়া আঁতৰাই পেলাওক। এতিয়া চাউলখিনি কম জুইত সুগন্ধি হোৱালৈকে ভাজক। তাৰ পাছত তিনি কাপ কণি ধানৰ বিপৰীতে ২.৫ কাপ উতলা পানী দি, তাত এচিকুট নিমখ বা চেনি দি মিশ্ৰণটো প্ৰায় ১০ মিনিট কম জুইত সিজাব। জুইৰপৰা নমাই ২০ মিনিট ঢাকি ৰাখিব, তাৰ পাছত এখন চামুচেৰে লৰাই পৰিৱেশন কৰক।

কণি ধানৰ পায়স (foxtail millet kheer/pudding)

১ কাপ ধুই লোৱা কণিধান ৪ কাপ গাখীৰত কোমল আৰু গাখীৰ কমি যোৱালৈকে ৰান্ধক। ইয়াত আপুনি ইচ্ছা অনুযায়ী ইলাচী আদি দিব পাৰে। সিজিবলৈ ধৰা পায়সখিনিত ৰুচি অনুসৰি চেনি দিব আৰু মিশ্ৰণটোৱে আকাংক্ষিত স্তৰ পোৱালৈকে আৰু কেইমিনিটমান ৰান্ধিব। ঠাণ্ডা হোৱাৰ পাছত গৰম বা ঠাণ্ডাকৈ পৰিবেশন কৰক। এই পায়সত খিচমিচ, বাদাম আদি যোগ কৰিব পাৰি। অৱশ্যে সেয়া আপোনাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব।

লগতে পঢ়কঃ ৩৫ বিঘা মাটিত বিভিন্ন শাক-পাচলিৰ খেতি কৰি চৰ্চাত জনপ্ৰতিনিধি

English Summary: Foxtai millet farming in Assam, online market price, recipe

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.