আজিৰ এই লেখাটো নগৰীয়া লোকসকলক সন্মুখত ৰাখি প্ৰস্তুত কৰা হৈছে।। অৱশ্যে এই লেখাটো যে কৃষকসকলৰ প্ৰয়োজন নাই তেনে কোনো কথা নাই। এই পদ্ধতিৰে ভোট জলকীয়া খেতি কৰি গ্ৰাম্য কৃষকসকলো লাভাৱান্বিত হ’ব পাৰিব।
চহৰাঞ্চলত সাধাৰণতে মাটি কম। নিজৰ ঘৰটো বনাবৰ বাবেই মাটি কিনিবলৈ দহবাৰ চিন্তা কৰিব লগীয়া হয় মধ্যবিত্তসকলে। গতিকে গাঁৱৰ দৰে শাক-পাছলি বাৰী এখন অকল্পনীয়। কিন্তু এতিয়াৰ পৰা আপুনি ঘৰতে কিছুমান খেতি কৰিব পাৰিব যিবোৰে আপোনাৰ ঘৰটো সৌন্দৰ্যশালী কৰাৰ লগতে উপাৰ্জনৰ এটা নতুন পথ দিব। লগতে আজৰি সময়খিনি আপুনি সদ্ব্যৱহাৰ কৰিব পাৰিব।

মাটি, গোৱৰ আৰু কেঁচুসাৰ মিশ্ৰণ ঘটাই অলপ শুকুৱাই বস্তা বা মাছৰ কাৰ্টনত ভৰাই ভোট জলকীয়া পুলিসমূহ ৰোপন কৰিব পাৰে। এই পদ্ধতিৰে কেৱল ভোট জলকীয়াই যে ৰুব পাৰে তেনে কথা নহয়। কণ জলকীয়া, বেঙেনা, বিলাহী, ধনিয়া আদি আদিৰ খেতি কৰি আপুনি বজাৰৰ পৰা নিকিনাকৈ ঘৰতে এইসমূহ শাক-পাচলি কৰি খাব পাৰে। কিন্তু এই শস্যৰ খেতি কৰিবলৈ সঁচ নিৰ্বাচন কৰোঁতে চাপৰ জাতীয় শস্যসমূহ নিৰ্বাচন কৰিলে ভাল ফল পাব।
লগতে পঢ়ক- “মৃত্যুৰ আগমুহূৰ্তলৈ নিজৰ মাটিত খেতি কৰি যাম”- ধনেশ্বৰী ৰাজখোৱা!