1. এগ্ৰিপেডিয়া

বানে মৰা বা আগতীয়া ধান চপোৱা পথাৰখনত নাইবা কঠিয়ানীতলীডৰাত

PANKAJ KHANIKAR
PANKAJ KHANIKAR
আগষ্ট-ছেপ্টম্বৰত কৰিব পৰা খেতি
আগষ্ট-ছেপ্টম্বৰত কৰিব পৰা খেতি

অসমৰ খেতিয়কসকল ধান খেতিৰ পাছতেই ইনেই বহিহে থাকিব। এনেদৰে ইনেই বহি থকাৰ সলনি কঠিয়ানী তলী, খৰাঙৰ বাবে ৰুৱ নোৱৰা মাটি কেইডৰাত লগতে বানে মৰা খেতিডৰাত কৃষকসকলে বিভিন্ন খেতি কৰিব পাৰে। ধান খেতি সামৰাৰ পাছতে অসমৰ কৃষকসকলে কৰিব পৰা কেইবিধমান খেতিৰ বিষয়ে থোৰতে আলোচনা কৰা হ'ল।

মাটিমাহ :

আগষ্ট-ছেপ্তম্বৰ মাহৰ ভিতৰত অসমৰ কৃষকে কৰিব পৰা এবিধ লাভদায়ক খেতি হ’ল মাটিমাহ। বিজ্ঞানসন্মত পদ্ধতিৰে এই খেতি কৰি যথেষ্ট লাভাৱান্বিত হ’ব পাৰিব গ্ৰাম্য কৃষকসকল। বানে মৰা পথাৰখনত, আগতীয়া ধান অৰ্থাৎ আহিনীয়া ধান চপোৱা পথাৰখনত এই খেতি কৰিব পাৰিব কৃষকসকলে। অসমত মাটিমাহৰ এখন ভাল বজাৰ আছে। এই বজাৰখনৰ সুবিধা গ্ৰহণ কৰি মাটিমাহ খেতিত মনোনিৱেশ কৰি লাভাৱান্বিত হ’ব পাৰে অসমৰ কৃষকসকল।

মাটিমাহ
মাটিমাহ

শালগম খেতি

শালগামৰ খেতিও আগষ্ট-ছেপ্তম্বৰ মাহত কৰিব পাৰে। অসমৰ গ্ৰাম্য কৃষকসকলে সাধাৰণতে মূলা-লাইৰ খেতি বেছি কৰে এই সময়ছোৱাত। মূলা-লাইৰ সলনি শালগামৰ খেতিৰ পৰা অধিক লাভৱান হব পাৰিব কৃষকসকল। কাৰণ শালগামৰ দাম আৰু চাহিদা বৰ্তমানসময়ত অধিক। এই খেতিৰ বাবে মাটিডৰা ভালদৰে চহাই অলপ শুকাবলৈ দি শাৰীকৈ ৰোপন কৰিলে প্ৰয়োজন অনুসৰি সাৰপানী যোগান ধৰিবলৈ সুবিধা হয়

শালগাম
শালগাম

ধনিয়াৰ খেতি

আগষ্ট-ছেপ্টেম্বৰতে কৰিব পৰা আন এবিধ শস্যৰ খেতি হ’ল ধনিয়া। ধনিয়াৰ পাতৰ বাহিৰেও গুটিবোৰ মচলা হিচাপেও ব্যৱহাৰ কৰা হয়। বজাৰত ধনিয়া যথেষ্ট চাহিদা আছে। কেতিয়াবা বজাৰত এজোপা সৰু ধনিয়াতে ৫ টকা পৰ্যন্ত হয়।

ধনিয়া
ধনিয়া

কেৰেলা খেতি

ধানখেতিৰ পাছতে অসমৰ কৃষকে কৰিব পৰা এবিধ লাভজনক খেতি কেৰেলা। অলপ আগতীয়াকৈ খেতি কৰি বজাৰত উলিয়াব পাৰিলে যথেষ্ট লাভৰ সন্মুখীন হ’ব কৃষকসকল।  কেৰেলা খেতি বছৰটোত তিনিবাৰকৈ কৰিব পাৰি- আগষ্ট-নৱেম্বৰ, ফেব্ৰুৱাৰী-মাৰ্চ আৰু জুন-জুলাই  মাহত। সময় অনুসৰি সাৰ, পানীৰ প্ৰয়োগ আৰু কেৰেলাৰ সঁচ ভিন্ন ধৰণৰ হয়। 

কেৰেলা ছিঙা সময়
কেৰেলা ছিঙা সময়

অসমৰ খেতিয়কসকল ধান খেতিৰ পাছতেই ইনেই বহিহে থাকিব। এনেদৰে ইনেই বহি থকাৰ সলনি কঠিয়ানী তলী বা খৰাঙৰ বাবে ৰুৱ নোৱৰা মাটি কেইডৰাত আপুনি উল্লিখিত  খেতিসমূহ কৰি সময়ৰ সদ্ব্যৱহাৰ কৰাৰ লগতে উপাৰ্জন কৰিব পাৰিব।

লগতে পঢ়ক- গুৱাহাটীত নগৰীয়া মীন পালনঃ ঘৰৰ ছাদ, চৰা কোঠা অথবা চোতালত মৎস উৎপাদন!

English Summary: AUGUST-SEPTEMBAR CULTIVATE

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.