1. এগ্ৰিপেডিয়া

জানো আহক কেনেকৈ প্ৰস্তুত কৰিব পাৰি কেঁচুসাৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Vermicompost
Vermicompost

কেঁচুসাৰ  হ’ল এবিধ জৈৱ সাৰ। ই কেঁচুৰ দ্বাৰা উৎপন্ন হয়। কেঁচুৱে মাটিত থকা বিভিন্ন জৈৱিক পদাৰ্থসমূহৰ পচন ঘটাই মাটিৰ উৰ্বৰতাৰ বাবে প্ৰয়োজনীয় উপাদান সৃষ্টি কৰে। এই উপাদানসমূহকে কেঁচু সাৰ বোলা হয়। সম্প্ৰতি এই কেঁচুসাৰৰ চাহিদা বহুত বেছি। অসমত ১ কেজি কেঁচুসাৰৰ দাম ২০ ৰ পৰা ২৫ টকাৰ ভিতৰত। আজিকালি ঘৰুৱা খেতিৰ বাবে বেছিভাগ মানুহেই কেঁচুসাৰ প্ৰয়োগ কৰে। চহৰঅঞ্চলৰ লোকসকলে ফুলৰ টাব, টাবত ৰুৱা শাক-পাচলি, ছাদত কৰা শাক-পাচলিৰ বাবে কেঁচুসাৰ প্ৰয়োগ কৰে।

তদুপৰি বৰ্তমান সময়ত জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ কেঁচুসাৰৰ বাবে গত্যন্তৰ নাই। এনেদৰে কেঁচুসাৰ প্ৰয়োগ কৰা শাক-পাচলিৰ চাহিদ বজাৰত বেছি। ৰাসায়নিক সাৰ প্ৰয়োগ কৰা ২-৩ গুণতকৈ অধিক দামত এই শাক-পাচলি বিক্ৰি কৰিব পাৰি। এক কথাত কেঁচুসাৰ প্ৰস্তুত আৰু কেঁচুসাৰ প্ৰয়োগ কৰি আপুনি যথেষ্ট লাভাৱান্বিত হব পাৰে বৰ্তমান সময়ত। এই কেঁচুসাৰ কেনেদৰে প্ৰস্তুত কৰিব পাৰি।

Vermicompost
Vermicompost

কেঁচু সংগ্ৰহ

কেঁচুসাৰ প্ৰস্তুতৰ বাবে প্ৰথমেই প্ৰয়োজন হব কেঁচুৰ। ভাৰতত প্ৰায় ৫০০টা প্ৰজাতিৰ কেঁচু পোৱা যায়। মাটি আৰু পৰিৱেশ অনুযায়ী কেঁচুৰ বৈশিষ্ট্য বেলেগধৰণৰ। সেয়ে স্থানীয় মাটিত সেই স্থানৰ কেঁচুৰ সহায়ত জৈৱ সাৰ তৈয়াৰ কৰাটো অতি প্ৰয়োজন। কেঁচুসাৰ প্ৰস্তুতৰ বাবে আপুনি কেঁচু ক্ৰয় কৰিবও পাৰে। নাইবা আপুনি ঘৰতে কেঁচু সংগ্ৰহ কৰিব পাৰে। ঘৰতে সংগ্ৰহ কৰাটোৱেই উপযুক্ত হ’ব। খৰচো কমিব। কেঁচু ঘৰতে উতপাদনৰ বাবে ৫০০ গ্ৰাম গুড় আৰু ৫০০ গ্ৰাম কেঁচা গোবৰ ২ লিটাৰ পানীত দ্ৰৱীভূত কৰি ১মি x ১মি অঞ্চলত মাটিৰ উপৰিভাগত ভালকৈ ছটিয়াই দিব লাগে।তাৰপাছতে ঠাইখিনি শুকান পাত জাবৰ-জোঁথৰ আদিৰে ঢাকি দি ২০ ৰ পৰা ৩০ দিনলৈকে সদায় পানী ছটিয়াই দিব লাগে। পৰৱৰ্তী সময়ত দেখিব ঠাই ডোখৰত বহুত কেঁচু গোট খাইছে। এই কেঁচুবোৰ সংগ্ৰহ কৰি আপুনি কেঁচুসাৰ প্ৰস্তুত কামত লগাব পাৰে।

কেঁচুসাৰ প্ৰস্তুতৰ বাবে তৈয়াৰ কৰা টেংকিটো
কেঁচুসাৰ প্ৰস্তুতৰ বাবে তৈয়াৰ কৰা টেংকিটো

কেঁচুসাৰ প্ৰস্তুতৰ প্ৰণালী আৰু কৌশল

  • প্ৰথমে প্ৰয়োজন অনুযায়ী বাৰীত, বাগিচাত বা পথাৰত ইটা আৰু চিমেণ্টেৰে যিকোনো জোখৰ টেংক। এই কামৰ বাবে ২ ফুট, ৩ ফুট বহল আৰু দীঘলটো কিমান সাৰ আপুনি উতপাদন কৰিব বিচাৰে তাৰ ওপৰত লক্ষ্য কৰি নিৰ্ধাৰণ কৰিব।
  • টেংকিটোৰ তলত ১-২ ইঞ্চি গুৰি মাটি ছটিয়াই তাৰ ওপৰত ১-২ ইঞ্চি আধা পচা গোবৰ দিব লাগে।
  • শুকান পাত, পেলাই দিয়া শাক-পাচলি, পচি যোৱা বিভিন্ন জাৱল-জোঁথৰসমূহ সৰু সৰুকৈ কাটি তাৰ ওপৰত গোবৰ পানী ছটিয়াব লাগে। এই জৈৱিক পদাৰ্থসমূহৰ লগতে আধা পচা গোবৰ ৪-৫ ইঞ্চি ডাঠকৈ টেংকিটোত তৰপে তৰপে জাপি যাব লাগে। মন কৰিব লাগে যাতে জাপি দিয়া জৈৱিক পদাৰ্থবোৰ ১.৫ ফুটতকৈ বেচি নহয়।
  • তাৰপাছতে টেংকিটোত আপুনি সংগ্ৰহ কৰা কেঁচুসমূহ এৰি দিব লাগে। সাধাৰণতে এক মেট্ৰিক টন সাৰ তৈয়াৰ কৰিবলৈ ১ ৰ পৰা ১.৫ কেজি কেঁচুৰ প্ৰয়োজন হয়।
  • টেংকিটোৰ ভিতৰখন বৰ বেছি শুকাই যাব দিব নালাগে।সঠিক আৰ্দ্ৰতা বজাই ৰাখিবলৈ জৈৱৈক পদাৰ্থসমূহ পৰীক্ষা কৰি নিয়মিতভাবে পানী ছটিয়াই থাকিব লাগে। ইয়াৰ টেংকিটো পাত অথবা পুৰণি বস্তাৰে ঢাকি থব লাগে।
  • মাজে মাজে কোৰ বা বেলচাৰে জৈৱ বৰ্জ্য পদাৰ্থবিলাক ভালকৈ ওলট-পালট কৰি মিহলাই থাকিব লাগে।

সাৰ সংগ্ৰহ

  1. পদাৰ্থবিলাক সামান্যভাৱে শুকান আৰু বাদামী ৰঙৰ হলে ই ব্যৱহাৰৰ বাবে উপযোগী হৈছে বুলি ধৰা হয়।
  2. ৬০-৯০ দিনৰ ভিতৰত ওপৰভাত কেঁচু মটাৰ উপস্থিতি দেখা পোৱা পালে কেঁচুসাৰ ব্যৱহাৰৰ বাবে গোটাব পৰা যায়। সাৰৰ পৰা কেঁচুসমূহ পৃথক কৰিবলৈ ২-৩ দিন আগৰ পৰা পানী দিয়া বন্ধ কৰিব লাগে। ফলত প্ৰায় ৮০ শতাংশ কেঁচু তললৈ গুচি যাব।
  3. চালনিৰ সহায়ত কেঁচুবিলাকক পৃথক কৰিব পৰা যায়। চালনিত থাকি যোৱা কেঁচু আৰু সামান্য ডাঠ পদাৰ্থ আকৌ টেংকিত ৰাখি পুনৰ কেঁচুসাৰ ব্যৱহাৰত প্ৰয়োগ কৰিব পাৰি। কেঁচুসাৰৰ গোন্ধ মাটিৰ নিচিনা। যিকোনো বেয়া গোন্ধৰ উপস্থিতিয়ে পচন প্ৰক্ৰিয়াটো শেষ নোহোৱা আৰু বেক্টিৰিয়াৰ কাৰ্য-ক্ৰিয়া চলি থকাৰ ইঙ্গিত দিয়ে। বাহী গোন্ধ ওলোৱাই ভেঁকুৰ লগা বা অত্যধিক তাপ পোৱাৰ কথা ইঙ্গিত কৰে যাৰ ফলত নাইট্ৰ’জেন কমি যাব পাৰে। এনে হ'লে বায়ু চলাচলৰ ব্যৱস্থা কৰিব লাগে বা অধিক বৰ্জ পদাৰ্থ যোগ কৰি এই বিলাক শুকানে ৰাখি প্ৰক্ৰিয়াটো পুনৰাই আৰম্ভ কৰিব লাগে। ইয়াৰ পিচত মিশ্ৰসাৰখিনি চালনিৰে চালি লৈ পেকেটত ভৰাব লাগে।
ছানা খান  : প্ৰদেশৰ যুৱতী  এই ২৫ বছৰীয়া যুৱতীয়ে কেঁচুসাৰ উৎপাদনেৰে উপাৰ্জন কৰে বছৰি ১ কোটি টকা।
ছানা খান : প্ৰদেশৰ যুৱতী এই ২৫ বছৰীয়া যুৱতীয়ে কেঁচুসাৰ উৎপাদনেৰে উপাৰ্জন কৰে বছৰি ১ কোটি টকা।

উল্লেখ্য যে বৰ্তমান অসমত ১ কেজি কেঁচুসাৰৰ দাম ২০ ৰ পৰা ২৫ টকাৰ ভিতৰত। খুৱ কম ব্যয়তে এই ব্যৱসায়ৰ জৰিয়তে আপুনি লাভাৱান্বিত হ’ব পাৰিব। লগতে কেঁচুসাৰ প্ৰয়োগ কৰি খেতি কৰি লাভৱান হোৱাৰ বহু উদাহৰণ আছে। কেঁচুসাৰ উৎপাদনেৰে বছৰি ১ কোটি টকা উপাৰ্জন কৰাৰ  উদাৰণো আছে। উত্তৰ প্ৰদেশৰ যুৱতী ছানা খানে কেঁচুসাৰ উৎপাদনেৰে উপাৰ্জন কৰে বছৰি ১ কোটি টকা।

লগতে পঢ়ক ঃ কৰ্মৰে অসমীয়াগিৰীঃ নলবাৰীৰ যুৱক সঞ্জীৱ দত্ত!

English Summary: How can we make Vermicompost

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.