Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 15 October, 2023 2:28 PM IST
ধান দোৱা পথাৰসমূহত শেহতীয়াকৈ কৰিব পাৰিব এই শাক-পাচলিসমূহৰ খেতি

ধান দোৱাপ পাছতে পথাৰসমূহ খালি হৈ পৰি থাকিব। কিন্তু পথাৰসমূহ পেলাই নাৰাখি খালি পথাৰসমূহত খেতি কৰিলে লাভান্বিত হ'ব কৃষকসকল। ভালকে কৰিলে ধান খেতিতকৈ দহগুণ লাভ কৃষকগৰাকীৰ।

১। ব্ৰ'কলি খেতি কৃষকে কিয় কৰিব লাগে? (সবিশেষ জানিবলৈ ক্লিক কৰক)

সম্প্ৰতি অসমত জনপ্ৰিয় উঠা বিদেশী মূলৰ এবিধ খেতি হল ব্ৰকলিৰ খেতি। ব্ৰ'কলি শীতকালীন শস্য যদিও ইয়াক গ্ৰীণ হাইচ বা পলিহাউচত বিভিন্ন সময়ত কৰিব পাৰি। এই খেতি কৰি কৃষকসকল যথেষ্ট লাভান্বিত হোৱাৰ স্থল আছে। কাৰণ ব্ৰ'কলিৰ দামৰ সমান্তৰালভাৱে ইয়াৰ চাহিদাও লক্ষ্যণীয়ভাৱে ভাল। ওলকবি, বন্ধাকবি বা ফুলকবিৰ দৰেই এই খেতিত যতনৰ প্ৰয়োজন কিন্তু একেই যতন বা একেই শ্ৰমৰ প্ৰয়োজন যদিও এই পাচলিবোৰৰ তুলনাত ব্ৰ'কলিৰ দাম বেছি। গতিকে এই খেতি এইবোৰৰ তুলনাত অধিক লাভদায়ক।

২। এবিঘা মাটিত খেতি কৰি ২-৩ মাহতে ৬০ হাজাৰ টকা কেনেকৈ ইনকাম কৰিব! (সবিশেষ জানিবলৈ ক্লিক কৰক)

অসমৰ গ্ৰাম্য কৃষকসকলে আন খেতি নহ’লেও লাই, মূলা, পালে, লফা আদিৰ খেতি কৰিবই। গতিকে ব্যৱসায়িকভাৱে এই খেতি কৰা কৃষকসকল বৰ বেছি লাভৱান নহয়। বজাৰত এটকা পৰা দুটকা দৰত এমুঠি এই শাক-পাচলি বিক্ৰি কৰিব লগা হয়। অৱশ্যে লাই-মূলাতকৈ লফা-আৰু পালেঙৰ বজাৰখন ভাল হয়।

আমাৰ কৃষকসকলে লাই-মূলাৰ দৰেই কাতি-আঘোণ মাহত কৰিব পৰা এবিধ খেতি হ’ল – শালগোম। শালগোমৰ বজাৰ ভাল। সকলোশ্ৰেণী গ্ৰাহকৰ মাজত শালগোমৰ জনপ্ৰিয়তা আছে। লগতে ইয়াৰ কৃষি পদ্ধতিও সহজ। চাৰি-পাঁচ চাহ হাল মাৰি মাটিখিনি চহোৱাৰ পাচতে তলিখনত অলপ শুকান গোৱৰ ছটিয়াব লাগে।

৩। অসমৰ বজাৰ ভৰি থকা স্কোৱাচৰ খেতি কেনেদৰে কৰিব! (সবিশেষ জানিবলৈ ক্লিক কৰক)

সম্প্ৰতি অসমত জনপ্ৰিয় হৈ পৰা পাচলিবোৰৰ ভিতৰত এবিধ অন্যতম পাচলি স্কোৱাচ। দুই এবছৰ আগৰলৈকে অভিজাত্য লোকসকলৰ মাজতে সীমাৱদ্ধ হৈ আছিল এই পাচলিবিধ। কিন্তু বৰ্তমান গ্ৰামাঞ্চলৰ লোকসকলৰ মাজতো জনপ্ৰিয় হৈ উঠিছে পাচলিবিধ। বৰ্তমান অসমৰ বজাৰসমূহ ভৰি থাকে স্কোৱাচে। কিন্তু এই পাচলিসমূহৰ খেতি কৰা নহয় অসমত। মেঘালয়-অৰুনাচলৰ দৰে ৰাজ্যসমূহতে কেৱল স্কোৱাচৰ খেতি হয় বুলি এটা ভ্ৰান্ত ধাৰণা এটা অলমীয়া কৃষক ৰাইজে কৰি আহিছে। ফলত অসমৰ বজাৰসমূহ ভৰি থাকে বহিঃৰাজ্যৰ স্কোৱাচেৰে। ইয়াৰ মাজতে অসমৰ দুই এজন কৃষকে স্কোৱাচৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। এই স্কোৱাচ খেতিৰ কৃষকসকলৰ সফলতাই প্ৰমাণ কৰি দেখুৱাইছে যে অসমৰ জলবায়ু স্কোৱাচ খেতিৰ উপযোগী আৰু এই খেতিৰ দ্বাৰা যথেষ্ট লাভান্বিত হ’ব পাৰে কৃষকসকল।

৪। ভোট জলকীয়াৰ কৃষি পদ্ধতি আৰু ব্যৱসায়িক দিশসমূহ

অসমীয়া খাদ্য প্ৰণালীত ব্যৱহৃত আৰু সকলোৰে পৰিচিত এবিধ জলকীয়া হৈছে ভোট জলকীয়া। বহুলোকে ইয়াৰ সোৱাদৰ তীক্ষ্ণতা খুবেই পছন্দ কৰে। ভোট জলকীয়া ঔষধি গুণাগুণেৰে সমৃদ্ধ। ঔষধি গুণেৰে সমৃদ্ধ হোৱাৰ উপৰিও ই এবিধ অৰ্থকাৰী শস্য।ভাৰতবৰ্ষত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰত ইয়াৰ খেতি কৰা হয়। ভোট জলকীয়াক ২০০৭ চনত পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়া হিচাপে Guinness Book of world Records ত লিপিবদ্ধ কৰা হৈছে। বৰ্তমান ভোট জলকীয়া বিশ্বব্যাপী জনপ্ৰিয়। বহুতো ঔষধি আৰু ব্যৱহাৰিক উপযোগিতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰত ভোট জলকীয়াৰ চাহিদা যথেষ্ট বেছি। ভোটজলকীয়া খেতিৰ উপযুক্ত সময় আঘোণ-পুহৰ পৰা জেঠ-আহাৰ মাহলৈ। পাহাৰীয়া অঞ্চলসমূহত বহাগ জেঠৰ পৰা পুহ আৰু মাঘ উপযুক্ত সময়। 

৫। কেপচিকাম খেতিৰ A to Z (সবিশেষ জানিবলৈ ক্লিক কৰক)

সম্প্ৰতি অসমত জনপ্ৰিয়তা লাভ কৰা এবিধ পাচলি কেপচিকাম। ই প্ৰধানতঃ বিদেশী শস্য যদিও অসমীয়া সমাজত কেপচিকামে কম সময়তে ইয়াৰ চাহিদা বৃদ্ধি কৰাবলৈ সক্ষম হৈছে। পূৰ্বতে কেপচিকাম বিশেষকৈ অভিজাত শ্রেণীৰ অতি প্রিয়। কিন্তু বৰ্তমান ই সাধাৰণ লোকৰ মাজলৈয়ো ক্ৰমান্বয়ে সম্প্ৰসাৰণ ঘটিছে। কেপচিকাম শীতকালীন শস্য যদিও আগষ্টৰ শেষৰ পৰা এই খেতি কৰিব পাৰি। ই বিদেশী শস্য যদিও অসমৰ মাটিৰ লগত ইতিমধ্যে কেপচিকামে সম্পৰ্ক গঢ়ি তুলিছে। কেপচিকামৰ খেতি কৰি আমাৰ কৃষকসকল যথেষ্ট লাভাৱান্বিত হ’ব পাৰে। কাৰণ বজাৰত কেপচিকামৰ দাম যথেষ্ট। অন্যান্য শীতকালীন শস্যতকৈ বেছি যত্নৰো প্ৰয়োজন নাই। অথচ এইবিধ পাচলিৰ বজাৰত চাহিদা আৰু দাম দুয়োটাই বেছি। পিছে বজাৰত চাহিদা আৰু দাম দুয়োটা আছে যদিও অসমৰ বহু কৃষকে নাজানে কিদৰে কৰিব লাগে কেপচিকামৰ খেতি। কেপচিকামৰ খেতি কৰিব বিচৰা কৃষকৰ সহায় হোৱাকৈ লেখাটো যুগুত কৰাৰ যত্ন কৰা হৈছে।

৬। এবিঘা মাটিতে ২০-৩০ কুইন্টলকৈ ফ্ৰেঞ্চবিন কিদৰে উৎপাদন কৰিব (সবিশেষ জানিবলৈ ক্লিক কৰক)

অসমতে নহয় সমগ্ৰ ভাৰতে সমাদৰ থকা, প্ৰ’টিন আৰু ভিটামিনযুক্ত এবিধ শীতকালীন পাচলি ফ্ৰেঞ্চবিন। পাচলি। নিৰামিষভোজীসকলৰ অতি উপাদেয় এইবিধ পাচলি। এই খেতিৰ বাবে অসমৰ মাটি আৰু জলবায়ু উৎকৃষ্ট। এই খেতিৰ দ্বাৰা অসমৰ কৃষকসকলে যথেষ্ট লাভাৱান্বিত হব পাৰে। ছেপ্টম্বৰ পৰা মাৰ্চ মাহলৈ কৰিব পাৰি এইবিধ খেতি। বৰ্তমান সময়ত ১ কেজি ফ্ৰেঞ্চবীনৰ দাম ১২০ টকাৰ পৰা ১৫০ টকা।

লগতে পঢ়ক- 

ৰাষ্ট্ৰসংঘৰ বহনক্ষম জীৱিকা উন্নয়নৰ লক্ষ্যত মুগা আৰু এৰী ৰেচম শিল্পৰ ভূমিকা

English Summary: These vegetables can also be monsoon season
Published on: 29 November 2022, 03:47 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now