1. News

ধানৰ কুমলীয়া পাত কটা টুপলিকটা পোক

KJ Staff
KJ Staff
টুপলিকটা পোক
টুপলিকটা পোক

চৰহা, গান্ধি পোকৰ লগতে ধান গছৰ পাতৰ আগবোৰ কুটি তাৰে বাহ সজা এবিধ কীট টুপলিকটা কটা পোক। ইহঁতে ধানৰ কুমলীয়া পাতত আক্রমণ কৰে আৰু কটা অংশটো উজ্বল বগা বৰণৰ হৈ জিলিকি উঠে  । ধান ৰোৱাৰ প্রায় এমাহলৈকে ইহঁতৰ আক্রমণ দেখা যায়। ধাননী পথাৰৰ পানীৰ সহায়েৰে টুপলি কীটবোৰ এগোছাৰ পৰা আন এগোছালৈ বিয়পি পৰে।

অসমত টুপলিকটাৰ দুটা প্রজাতি পোৱা যায়। যদিও N.depunctalis ৰ প্রাদুর্ভাৱ বেছি। এইবিধৰ পখিলাজনী ৰূপালী বৰণৰ। দিনৰ ভাগত এনে পখিলাবোৰ পাতৰ আগত পৰি থকা দেখা যায় ।  পানীৰ সংস্পর্শত থকা পাতৰ তল ফালে ইহঁতে কণী পাৰে আৰু এসপ্তাহমানৰ পাছত ইয়াৰ পৰা পলুবোৰ ওলায়।

প্রথম অৱস্থাত বাহিৰতে থাকি দুবাৰ মোট সলোৱাৰ পাছত পলুবোৰে টুপলি সাজিবলৈ লয়। প্রতিবাৰ মোট সলোৱাৰ পাছত নতুনকৈ টুপলি সাজে আৰু প্রায় ২০ দিনমানৰ পাছত ইয়াৰ ভিতৰতে লেটা বান্ধে; ৮-১০ দিনৰ পাছত লেটাৰ পৰা পখিলা ওলাই আৰু জোৰা পাতে। ধান ৰোৱাৰ এমাহলৈকে গোছাটোত আন কীট-পতংগৰ আক্রমণ নহ’লে টুপলিকটাৰ বাবে উৎপাদনৰ বিশেষ হ্রাস নঘটে । 

আক্রান্ত গোছাবোৰত পুনৰ নতুন পাত ওলায়। অৱশ্যে চপাওঁতে কিছু পলম হয়। আনহাতে আক্রমণৰ মাত্রা বেছি হৈ গোছাবোৰ পানীত ডুব গ’লে পুনৰ গা কৰিব নোৱাৰি মৰি যায়।

নিয়ন্ত্রণ:-

  • ৰোৱাৰ পাছত পথাৰত নিম গছৰ পাত, ৰবাব টেঙাৰ বাকলি আদি ছটিয়াই থলে টুপলিকটাৰ আক্রমণ কম হয়।
  • আক্রমণৰ প্রথম অৱস্থাত ডৰাটোৰ পৰা পানী বাহিৰ কৰি দি পথাৰত ইহঁতৰ বিস্তাৰ কমাব পাৰি।
  • কেৰাচিন আৰু পানীৰ ১: ১ অনুপাতৰ মিশ্রণত ৰচি এডাল তিয়াই ডৰাটোৰ ওপৰেদি চলাই দিলে আক্রমণ কম হয় ।   
  • আক্রমণ বাঢ়ি গোছে প্রতি ১-২ টুপলি দেখিলেইকালক্স ২০ ইচি নাইবা ক্লৰ’পাইৰিফছ ২০ ইচি ঔষধৰ এচামুচ প্রতি পাঁচ লিটাৰ পানীত মিহলাই প্রয়োগ কৰিলে টোপলি পৰা নিৰাময় পাব পাৰি। 

লগতে পঢ়ক- পদিনা খেতি কৰি মাহেলি ৩০ হাজাৰ টকা উপাৰ্জন কৰে অক্ষয় কলিতা

English Summary: Paddy insect (1)

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.