1. এগ্ৰিপেডিয়া

অসমৰ বজাৰ ভৰি থকা স্কোৱাচৰ খেতি কেনেদৰে কৰিব!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
জানুৱাৰী-ফেব্ৰুৱাৰীত আৰম্ভ কৰক এই খেতি
জানুৱাৰী-ফেব্ৰুৱাৰীত আৰম্ভ কৰক এই খেতি

সম্প্ৰতি অসমত জনপ্ৰিয় হৈ পৰা পাচলিবোৰৰ ভিতৰত এবিধ অন্যতম পাচলি স্কোৱাচ। দুই এবছৰ আগৰলৈকে অভিজাত্য লোকসকলৰ মাজতে সীমাৱদ্ধ হৈ আছিল এই পাচলিবিধ। কিন্তু বৰ্তমান গ্ৰামাঞ্চলৰ লোকসকলৰ মাজতো জনপ্ৰিয় হৈ উঠিছে পাচলিবিধ। বৰ্তমান অসমৰ বজাৰসমূহ ভৰি থাকে স্কোৱাচে। কিন্তু এই পাচলিসমূহৰ খেতি কৰা নহয় অসমত। মেঘালয়-অৰুনাচলৰ দৰে ৰাজ্যসমূহতে কেৱল স্কোৱাচৰ খেতি হয় বুলি এটা ভ্ৰান্ত ধাৰণা এটা অলমীয়া কৃষক ৰাইজে কৰি আহিছে। ফলত অসমৰ বজাৰসমূহ ভৰি থাকে বহিঃৰাজ্যৰ স্কোৱাচেৰে। ইয়াৰ মাজতে অসমৰ দুই এজন কৃষকে স্কোৱাচৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে। এই স্কোৱাচ খেতিৰ কৃষকসকলৰ সফলতাই প্ৰমাণ কৰি দেখুৱাইছে যে অসমৰ জলবায়ু স্কোৱাচ খেতিৰ উপযোগী আৰু এই খেতিৰ দ্বাৰা যথেষ্ট লাভান্বিত হ’ব পাৰে কৃষকসকল।

অসমৰ জলবায়ু উপযোগী স্কোৱাচ খেতিৰ সঁচসমূহ-

  • লং হোৱাইট,
  • পইণ্টেড গ্ৰীণ,
  • ৰাউণ্ড হোৱাইট,
  • ব্ৰড গ্ৰীণ,
  • অ’ভেল গ্ৰীণ

এই বীজসমূহ অসমৰ যিকোনো বীজ ভাণ্ডাৰতে লাভ কৰিব নাইবা আপুনি অনলাইনত অৰ্ডাৰ কৰিও আনিব পাৰে।

লগতে পঢ়ক- 

চাকৰিয়ালসকলৰ বাবে ভাল খবৰ ! ২০২৩ ৰ আৰম্ভণীতে বাঢ়িব দৰমহা !

স্কোৱাচ
স্কোৱাচ

খেতিৰ বতৰঃ

জলসিঞ্চনৰ ব্যৱস্থা থকা পথাৰত আগতীয়াকৈ অৰ্থাৎ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰতে স্কোৱাছৰ খেতি কৰিব পাৰি। কিন্তু বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হ’লে জানুৱাৰী- ফেব্ৰুৱাৰী হ’ল উপযুক্ত সময়।

মাটি বাছনিঃ

ওখ, পানী জমা নোহোৱা, ভালকৈ ৰ’দ পৰা তথা বালিচহীয়া- পলসুৱা মাটি স্কোৱাছ খেতিৰ বাবে উত্ত্ম।

হেণ্ডালিত উলমি থকা স্কোৱাছ
হেণ্ডালিত উলমি থকা স্কোৱাছ

কৃষি প্ৰণালীঃ

  • এইবিধ পাচলিৰ খেতি কৰিবলৈ একোটা গোটা পূৰঠ স্কোৱাছকে বীজ হিচাপে ৰোপণ কৰিব লাগে। পূৰঠ স্কোৱাছ এটা কেইদিনমান ঘৰত থৈ দিলে তাৰ তলফালেৰে শিপা ওলাবলৈ আৰম্ভ কৰা দেখা যায়। তেনে শিপাযুক্ত স্কোৱাছকে পথাৰত ৰূব লগে। শিপাৰে সৈতে স্কোৱাছবোৰ পোনে পোনে মূল পথাৰত ৰূব লাগে। অথবা প্ৰথমে বীজতলীত ৰোপণ কৰি উৎপাদন কৰা পুলি যথা সময়ত মূল পথাৰত ৰূব পাৰি। অৱশ্যে পোনে পোনে মূল পথাৰত ৰোৱাতেই গুৰুত্ব দিয়া উচিত। স্কোৱাছবোৰ মাটিৰ সমান্তৰালকৈ ৰূব লাগে।
  • তিনি চৰিবাৰ হাল বাই, মৈয়াই মটিডৰা খেতিৰ বাবে উপযোগী কৰি ল’ব।
  • ২-৩ মিটাৰ ব্যৱধানত একোটা শাৰী কৰিব। প্ৰতিটো শাৰীত ১-২ মিটাৰ ব্যৱধানত একোটা গাঁত খান্দিব। প্ৰতিটো গাঁতৰ জোখ হ’ব লাগে ৪৫ ছেঃ মিঃ × ৪৫ ছেঃ মিঃ × ৪৫ ছেঃ মিঃ।
  • প্ৰতিটো গাঁততে একোটাকৈ স্কোৱাছ মাটিৰ সমান্তৰালকৈ ৰোপণ কৰি মাটিৰে পাতলীয়াকৈ ঢাকি দিব।

সাৰ প্ৰয়োগঃ

  • প্ৰতিজোপা গছত ১০-১৫ কিলোগ্ৰাম পচন সাৰ, ১০০ গ্ৰাম ইউৰিয়া, ১২৫ গ্ৰাম ছুপাৰ ফছফেট আৰু ৫০ গ্ৰাম এম অ’ পি সাৰ প্ৰয়োগ কৰিব লাগে।
  • আটাইকেইবিধ সাৰ একেলগে মিহলাই বীজ ৰোপণৰ ৪-৫ দিন আগতেই প্ৰতিটো গাঁতত প্ৰয়োগ কৰি মাটিৰ লগত ভালকৈ মিহলাই দিব।

পৰিচৰ্যাঃ

  • গছবোৰ ডাঙৰ নোহোৱালৈকে দুই-তিনি সপ্তাহৰ ব্যৱধানত বন-বাত নিৰাই থাকিব।
  • বাঢ়িবলৈ ধৰা গছবোৰক বগাবলৈ সুবিধা কৰি দিব। জিকা, ভোল আদিৰ খেতিৰ দৰে বঁহৰ আগলি একোটা পুতি দিলে গছবোৰে ডাল-পাত মেলি ভালকৈ বগাব।
  • প্ৰয়োজন মতে পাতলীয়াকৈ জলসিন্সনৰ ব্যৱস্থা কৰিব। বিশেষকৈ ফুল ধৰা আৰু ফলবোৰ ডাঙৰ হৈ থকা অৱস্থাত বতৰ খৰাং হ’লে পানী দিব লাগে।

স্কোৱাছ ছিঙাৰ সময়ঃ

  • ফুল ধৰাৰ এমাহমানৰ ভিতৰতে স্কোৱাছ ছিঙিব পৰা হয়। কুমলীয়া হৈ থাকোতেই স্কোৱাছবোৰ ছিঙি বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে।

লগতে পঢ়ক- 

ভোট জলকীয়াৰ কৃষি পদ্ধতি আৰু ব্যৱসায়িক দিশসমূহ

English Summary: SQUWAS CUTIVATION

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.