Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 11 October, 2022 4:50 PM IST
rice cultivation after flood

বিগত কেইবাদিনো ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন জিলাত বানপানীয়ে কৃষকৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে। পানী শুকোৱাৰ ওপৰত ভিত্তি কৰি কৃষক ৰাইজে খেতিৰ বাবে পথাৰত ল’বলগীয়া বিভিন্ন ব্যৱস্থাৱলী সন্দৰ্ভত কৃষি বিভাগৰ নিৰ্দেশনা কিছু এনেধৰণৰ-

জুন-জুলাই মাহত হোৱা বানপানীৰ ক্ষেত্ৰত ৰঞ্জিত, বাহাদুৰ আদিৰ দৰে দীৰ্ঘদিনীয়া জাতৰ কঠীয়া আগষ্ট মাহত ১০ তাৰিখলৈকে পথাৰত ৰুব পাৰিব। মধ্যমীয়া কৃষিকালৰ জাত যেনে- শ্ৰাৱণী, সত্যৰঞ্জন, বসুন্ধৰা, লাচিত, চিলাৰায় আদিৰ ২৫-৩০ দিন বয়সৰ কঠীয়া জুলাই মাহৰ ২৫ তাৰিখৰ ভিতৰত সিঁচি আগষ্ট মাহৰ ২০ তাৰিখলৈকে ৰুব পাৰিব। বান অধ্যুষিত অঞ্চলৰ বাবে স্বৰ্ণ চাব-১, জলশ্ৰী, জলকুঁৱৰী আদিৰ দৰে বানপানী সহনশীল জাতৰ কঠীয়া ৰোৱক।শেহতীয়া বানপানীয়ে খেতি নষ্ট কৰিলে মধ্যমীয়া মাটিত তিল, মাটিমাহ আৰু মগুমাহ সিঁচিবও পাৰে।

আগষ্ট মাহত হোৱা বানপানীৰ ক্ষেত্ৰত(পলমকৈ হোৱা বানপানী) অতি কম কৃষিকালৰ অৰ্থাৎ ৯০-১০০ দিনীয়া জাত যেনে- লুইত, দিচাং আদি ধানৰ ২১-২৫ দিনীয়া কঠীয়া আগষ্ট মাহৰ শেহলৈকে ৰুব পাৰি। ইয়াৰ বাবে আগষ্ট মাজলৈকে কঠীয়াৰ বীজ সিঁচক।

এই দুয়োবিধ জাতৰ গজালি ওলোৱা বীজ ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈকে মূল পথাৰত বোকা মাটিত কঠীয়া সিঁচাৰ দৰে পাতলীয়াকৈ সিঁচিব পাৰি।মনোহৰ শালি, এন্দ্ৰিউশালি আদিৰ দৰে স্থানীয় উন্নত আৰু পলমকৈ কৰিব পৰা জাতৰ বয়সীয়া কঠীয়া আগষ্ট মাহৰ ৩১ তাৰিখলৈকে পথাৰত ৰুব পৰা যায়।

বেছি পলমকৈ হোৱা বানপানীৰ ক্ষেত্ৰত(ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহ) কিছুমান থলুৱা জাতৰ বেছি বয়সীয়া কঠীয়া ৰোৱাৰ বাহিৰে অন্য উন্নত বা অধিক উৎপাদনক্ষম জাতৰ ধানৰ খেতি কৰাতো উচিত নহয়। পানী কমাৰ লগে লগে ওখ মাটিত মগুমাহ নাইবা মাতিমাহৰ বীজ ছেপ্তেম্বৰ মাহৰ মাজভাগলৈকে সিঁচিব পাৰি। পথাৰত পানী পলমকৈ শুকালে বা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহলৈকে বানপানী হ’লে, ৰবি শস্যৰ বীজ সংগ্ৰহ কৰিব লাগিব।

ইয়াৰ ভিতৰত সৰিয়হৰ টি এচ-৩৬, টি এচ-৩৮, টি এচ-৪৫ আদি জাত উত্তম। ইয়াৰ উপৰিও মচুৰমাহ, মটৰ মাহ, খেচাৰী মাহ আদিৰ খেতিও কৰিব পাৰি। পশুধনৰ খাদ্য হিচাবে ওট আৰু খৰালি কৰা শাক-পাচলি খেতিয়েও ক্ষতি পূৰণত কিছু সহায় কৰিব।

হঠাৎ উদ্ভৱ হোৱা পৰিস্থিতিৰ মুখামুখি হ’বলৈ প্ৰফুল্ল, গীতেশ আদিৰ দৰে ধানৰ জাতৰ কঠীয়া পাৰিবলৈ ওখ ঠাইত সমূহীয়া কঠিয়াতলিৰ ব্যৱস্থা কৰক। বানাক্ৰান্ত অঞ্চল আৰু বানপানীৰ পৰা মুক্ত হৈ থকা অঞ্চলৰ কৃষকৰ মাজত কঠীয়া আদান-প্ৰদানৰ ব্যৱস্থা কৰক। নিয়মীয়া বানাক্ৰান্ত অঞ্চলৰ বাবে থলুৱা জাতৰ কঠীয়াও কিছু পৰিমাণে সিঁচাৰ ব্যৱস্থা কৰক।

লগতে পঢ়কঃ জৈৱিক খেতি কৰিবলৈ লৈছে যদি এই আঁচনিখনৰৰ বিষয়ে জানি থওক

English Summary: rice cultivation after flood
Published on: 11 October 2022, 04:49 IST