1. এগ্ৰিপেডিয়া

জৈৱিক খেতি কৰিবলৈ লৈছে যদি এই আঁচনিখনৰৰ বিষয়ে জানি থওক

KJ Staff
KJ Staff
organic farming
organic farming

উত্তৰ-পূৰ্বাঞ্চলৰ সাৰুৱা মাটি আৰু অনুকূল বতৰৰ অৱস্থা বিশেষভাৱে লক্ষ্য কৰি ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে দ্বাদশ পঞ্চ বাৰ্ষিক পৰিকল্পনাৰ অধীনত ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে জৈৱিক মূল্যৰ ধাৰা বিকাশ অভিযান’ নামৰ কেন্দ্ৰীয় আঁচনি এখন আৰম্ভ কৰে। উত্তৰ পূৰ্বাঞ্চলত জৈৱিক খেতিৰ সম্ভাৱনীয়তা অনুভৱ কৰি আঁচনিখনে মূল্য শৃংখল হিচাপে প্ৰমাণ-পত্ৰ দিয়া জৈৱিক উৎপাদনসমূহৰ যাতে উৎপাদক আৰু উপভোক্তাৰ মাজত এখন সেতু গঢ়ি উঠে

আৰু গোটেই মূল্য শৃংখলাটোৰ বহনক্ষম উন্নয়নটোক যোগান, বীজ, খেতি কৰা সঁজুলি, প্ৰমাণ-পত্ৰৰ পৰা সংগ্ৰহৰ সুবিধা সৃষ্টি, শস্য চপোৱাৰ পিছৰ পৰিচালনা, থূপ কৰা, সংসাধন কৰি বিপণন কৰা, ব্যাণ্ড বনোৱাত আগভাগ লোৱাৰ পৰা কামখিনি তিনি বছৰত সমাধা কৰিবলৈ ৪০০ কোটি টকাৰ আঁচনি লৈছে আৰু এইখন ২০১৫-১৬ৰ পৰা আৰম্ভ হব।

এই আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে প্ৰতিজন মানুহৰ থালত যেন নিৰাপদ আৰু স্বাস্যসন্মত খাদ্য পৰে। জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকীকৰণ আৰু গোলকীয়কৰণে দেশত জৈৱিক কৃষিৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে বঢ়াইছে।

এই জৈৱিক কৃষিখণ্ডৰ আটাইতকৈ বেছি চাহিদা উত্তৰ পূৰ্বাঞ্চলতে বেছিকৈ কেন্দ্ৰীভূত হৈছে। পৰম্পৰাগতভাৱে উত্তৰ পূৰ্বাঞ্চল হৈছে জৈৱিক কৃষিৰ এক কেন্দ্ৰবিন্দু, এই অঞ্চলটো বহুলাংশে বৰ্ষাসিক্ত, পাহাৰী অঞ্চল, মহানন্দ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ উপস্থিতি, সাৰুৱা মাটি আৰু পাহাৰী ভূখণ্ডৰ বাবে জৈৱিক খেতিৰ বাবে প্ৰচুৰ সম্ভাৱনীয়তা আছে, -আৰু এইবিলাক সম্পদৰ সহায়তেই এই অঞ্চলটোৱে জৈৱিক খেতিক আগলৈ হেঁচুকি থাকিব পাৰে।

এই কথাখিনি মনত ৰাখি গোটেই অঞ্চলটোৰ উন্নয়নত সহায় কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলত জৈৱিক মূল্যৰ শৃংখল আঁচনিখন নিম্নোল্লেখিত উদ্দেশ্য লৈ কাৰ্যকৰী কৰিবলৈ লোৱা হৈছে।

জৈৱিক মূল্যমানৰ বিশেষ পণ্যসামগ্ৰীৰ উন্নতি সাধন কৰি আৰু জৈৱিক শস্য উত্পাদনৰ খালী সময়ছোৱা কামত লগাবলৈ, বনৰয়া শস্য চপোৱা, পশুপালন কৰা আৰু জৈৱিক কৃষি উৎপাদনসমূহ সংসাধন, চোৱাচিতা কৰা, বিপণন কৰা আদি।

(১) বিশেষ জৈৱিকভাৱে উৎপাদিত শস্যৰ দৰকাৰী আন্তঃগাঁঠন, কাৰিকৰী আৰু আৰ্থিক সাহায্যৰে উন্নয়ন সাধন কৰা,

(২) কৃষক আৰু জৈৱিক শস্যৰ ব্যৱসায়ী – স্থানীয় আৰু/বা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ লগত অংশীদাৰিত্বৰ ব্যৱস্তা কৰি লগে লগে ঘৰুৱা আৰু ৰপ্তানি বজাৰৰ ব্যৱসায়ীৰ লগত দীঘলীয়া ধৰণৰ বাণিজ্যিক সম্পৰ্ক স্থাপন কৰাত সাহায্য কৰা।

(৩) জৈৱিক মূল্যমানৰ শৃংখল উন্নয়ন কৰি বজাৰত প্ৰৱেশ কৰিবলৈ দৰকাৰী সাহায্যৰে সৈতে প্ৰকল্প আৰম্ভণ আৰু উন্নয়নৰ বাবে উপযুক্ত পৰিবেশৰ সৃষ্টি কৰা।

অসম চৰকাৰে নতুনকৈ কাৰ্যকৰী হোৱা উত্তৰ-পূৱ অঞ্চলৰ জৈৱিক মূল্যমানৰ শৃংখল উন্য়ন আঁচনিখনে যাতে আশা কৰা মতে লক্ষ্যত উপনীত হব পাৰে তাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে। কেন্দৰৰ পৰা প্ৰতিজন নাগৰিকৰ সজাগতা আৰু যোগদান, জৈৱিক খেতিৰ কৃষকসকলৰ প্ৰশিক্ষণ, গৱেষণা আৰু উন্নয়ন –ই সদায়েই বিচাৰি আছে। নাগৰিকসকলে জৈৱিক খাদ্য গ্ৰহণ কৰিবলৈ সজাগতা আনিব লাগিব যাতে, জৈৱিক খাদ্যৰ ওপৰত এই ধাৰণাৰ সৃষ্টি হয় আৰু ই সুদূৰপ্ৰসাৰী হয়।

লগতে পঢ়কঃ Top Five Schemes for Girl: ছোৱালীৰ বাবে শীৰ্ষ পাঁচখন আঁচনি!

English Summary: Organic farming schemes

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.