1. এগ্ৰিপেডিয়া

অক্টোৱৰতে এই দহবিধ ৰবিশস্যৰ খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
অক্টোৱৰ মাহত কৰিব পৰা শীতকালীন শাক-পাচলি
অক্টোৱৰ মাহত কৰিব পৰা শীতকালীন শাক-পাচলি

বৰষুণৰ বতৰ কৃষকসকলৰ বাবে অতি উপকাৰী৷ এই ঋতুত শস্যবোৰে পৰ্যাপ্ত পৰিমাণৰ পানী পায়৷ বহুতো শস্যৰ বাবে অধিক পানী ক্ষতিকাৰক আনহাতে কিছুমান শস্যৰ বাবে বৰষুণৰ পানী উপকাৰী৷ কেতবোৰ শস্যৰ বাবে পানীৰ বেছি প্ৰয়োজন নাথাকে। বৰষুণৰ পৰিমাণ কমি অহাৰ লগে লগে কৰিব পৰা কিছুমান খেতিৰ বিষয়ে কৃষকসকলৰ সহায়ৰ বাবে আগবঢ়ালো।

১। গাজৰ খেতি

আগষ্ট-ছেপ্তেম্বৰৰ সময়খিনিত কৰিব পৰা এবিধ খেতি হ’ল গাজৰ। ই লাভদায়ক খেতি। আগতীয়াকৈ গাজৰ খেতি কৰি বজাৰত উলিয়াব পাৰিলে কৃষক বেছি লাভাৱান্বিত হ’ব। গাজৰ খেতি কৰিবলৈ বৰ বেছি শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন নাই। মাটিডৰা ভালদৰে চহাই অলপ শুকাবলৈ দি গুটি সিঁচিলৈ হৈ যায়। প্ৰয়োজন অনুসৰি সাৰ-পানী আৰু যত্নৰ প্ৰয়োজন হয়।

২। শালগম খেতি

শালগামৰ খেতিও আগষ্ট-ছেপ্তম্বৰ মাহত কৰিব পাৰে। অসমৰ গ্ৰাম্য কৃষকসকলে সাধাৰণতে মূলা-লাইৰ খেতি বেছি কৰে এই সময়ছোৱাত। মূলা-লাইৰ সলনি শালগামৰ খেতিৰ পৰা অধিক লাভৱান হব পাৰিব কৃষকসকল। কাৰণ শালগামৰ দাম আৰু চাহিদা বৰ্তমানসময়ত অধিক। এই খেতিৰ বাবে মাটিডৰা ভালদৰে চহাই অলপ শুকাবলৈ দি শাৰীকৈ ৰোপন কৰিলে প্ৰয়োজন অনুসৰি সাৰপানী যোগান ধৰিবলৈ সুবিধা হয়।

লগতে পঢ়ক-  ছাগলীৰে আৰম্ভ কৰা ফাৰ্মখনৰ পৰা এতিয়া বছৰি উপাৰ্জন হয় ৩ লাখ টকা

৩। ফুলকবি খেতি

ফুলকবি অসমৰ এবিধ অতি জনপ্ৰিয় খাদ্য। এই ফুলকবিৰ খেতিও আগষ্ট-ছেপ্তেম্বৰত ৰোপন কৰিলে শীতকালত ছিঙিব পৰা হয়। এইখেতিৰ বাবে কৃষকসকলে কৃষি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণৰ লগতে মাটিৰ গুণাগুণ পৰীক্ষা কৰাতো অত্যন্ত প্ৰয়োজনীয়। কাৰণ এই খেতি অলপ খৰচী। গতিকে লোকচান হ’ব লাগিলে আপোনাৰ মন ভাঙি যাব।

৪। পালেং শাক খেতি

পালেং শাকক পাচলি আৰু ৰস হিচাপে ব্যৱহাৰ কৰা হয়৷ এই পালেং শাকো কৃষকসকলে আগষ্ট-ছেপ্টেম্বৰৰ সময়খিনিত কৰিব পাৰে। এইখিনি সময়ত কৰি বজাৰত আগতীয়াকৈ উলিয়াব পাৰিলে যথেষ্ট দাম পাব।

৫। ধনিয়াৰ খেতি

আগষ্ট-ছেপ্টেম্বৰতে কৰিব পৰা আন এবিধ শস্যৰ খেতি হ’ল ধনিয়া। ধনিয়াৰ পাতৰ বাহিৰেও গুটিবোৰ মচলা হিচাপেও ব্যৱহাৰ কৰা হয়। বজাৰত ধনিয়া যথেষ্ট চাহিদা আছে। কেতিয়াবা বজাৰত এজোপা সৰু ধনিয়াতে ৫ টকা পৰ্যন্ত হয়।

৬। কেৰালা খেতি

ধানখেতিৰ পাছতে অসমৰ কৃষকে কৰিব পৰা এবিধ লাভজনক খেতি কেৰেলা। এই খেতি যথেষ্ট লাভজনক। অলপ আগতীয়াকৈ খেতি কৰি বজাৰত উলিয়াব পাৰিলে যথেষ্ট লাভৰ সন্মুখীন হ’ব কৃষকসকল।  কেৰেলা খেতি বছৰটোত তিনিবাৰকৈ কৰিব পাৰি- আগষ্ট-নৱেম্বৰ, ফেব্ৰুৱাৰী-মাৰ্চ আৰু জুন-জুলাই  মাহত। সময় অনুসৰি সাৰ, পানীৰ প্ৰয়োগ আৰু কেৰেলাৰ সঁচ ভিন্ন ধৰণৰ হয়।

৭। তিল খেতি

বানে মাৰি যোৱা ধানৰ পথাৰসমূহত তিলৰ খেতি কৰিব পাৰো। কাৰণ বানে মৰা পথাৰখন ইয়াৰ পাছতে খালি হৈয়ে ৰ’ব পুনৰ বাৰিষা নহালৈকে। গতিকে ধান খেতিত লোকচান হোৱা আপোনাৰ ধন তিল খেতিৰে উভতাই আনিব পাৰিব। অৱশ্যে বেছি দ ঠাইসমূহ তিল খেতিৰ বাবে উপযোগী নহয়। বালিঅহিয়া পলসুৱা মাটি তিলৰ বাবে উপযোগী। তদুপৰি ধানৰ খেতি ভাল নোহোৱা বাম ঠাই সমূহো তিল খেতিৰ বাবে উপযোগী। এনে ঠাইসমূহত আমি বাৰিষা পাচলি খেতি কৰি জুলাই-আগষ্ট মাহত সেইবোৰ উঠাই তিলৰ খেতি কৰিব পাৰোঁ।

৮। মাটিমাহ খেতি

আগষ্ট-ছেপ্তম্বৰ মাহৰ ভিতৰত অসমৰ কৃষকে কৰিব পৰা এবিধ লাভদায়ক খেতি হ’ল মাটিমাহ। বিজ্ঞানসন্মত পদ্ধতিৰে এই খেতি কৰি যথেষ্ট লাভাৱান্বিত হ’ব পাৰিব গ্ৰাম্য কৃষকসকল। বানে মৰা পথাৰখনত, আগতীয়া ধান অৰ্থাৎ আহিনীয়া ধান চপোৱা পথাৰখনত এই খেতি কৰিব পাৰিব কৃষকসকলে। অসমত মাটিমাহৰ এখন ভাল বজাৰ আছে। এই বজাৰখনৰ সুবিধা গ্ৰহণ কৰি মাটিমাহ খেতিত মনোনিৱেশ কৰি লাভাৱান্বিত হ’ব পাৰে অসমৰ কৃষকসকল।

৯। বেঙেনা খেতি

বেঙেনা আমাৰ আহাৰৰ এক অপৰিহাৰ্য অংশ। বেঙেনা দেহৰ অতি উপকাৰী কিয়নো ই স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। এই বেঙেনা খেতি ঘৰত খাবৰ বাবে কৰিব পাৰি লগতে বেঙেনাক ব্যৱসায়িকভাৱে কৰিব পাৰে কৃষকসকলে। ঘৰতে খাবৰ বাবে ঘৰৰ পিড়ালীত ৰোৱা খহুৰা বেঙেনাৰ কথা প্ৰতিজন অসমীয়া মানুহে জানে।  এই বেঙেনা খেতিও এই আগষ্ট-ছেপ্তেম্বৰতে কৰি লাভ উঠাব পাৰে।

১০। ফ্ৰেন্সবিন

অসমতে নহয় সমগ্ৰ ভাৰতে সমাদৰ থকা, প্ৰ’টিন আৰু ভিটামিনযুক্ত এবিধ শীতকালীন পাচলি ফ্ৰেঞ্চবিন। পাচলি। নিৰামিষভোজীসকলৰ অতি উপাদেয় এইবিধ পাচলি। এই খেতিৰ বাবে অসমৰ মাটি আৰু জলবায়ু উৎকৃষ্ট। এই খেতিৰ দ্বাৰা অসমৰ কৃষকসকলে যথেষ্ট লাভাৱান্বিত হব পাৰে। ছেপ্টম্বৰ পৰা মাৰ্চ মাহলৈ কৰিব পাৰি এইবিধ খেতি। বৰ্তমান সময়ত ১ কেজি ফ্ৰেঞ্চবীনৰ দাম ১২০ টকাৰ পৰা ১৫০ টকা।

এইবোৰ খেতিৰ উপৰি আগষ্ট-ছেপ্টেম্বৰৰ সময়ছোৱাত আমি লাই, মূলা, ওলকবি, বন্ধাকবি , বিলাহি আদিৰ আগতিয়াকৈ বজাৰলৈ উলিয়াই দি দুগুণ লাভ উঠাব পাৰোঁ।

লগতে পঢ়ক- 

মাগি খোৱাৰ পৰা সফল কৃষকলৈ ধনীৰাম চেতিয়াৰ এক যাত্ৰা

English Summary: winter cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.