Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 13 June, 2021 7:49 PM IST
Pogostemon cablin

   পাচাউলিৰ পৰা নিষ্কাষণ কৰা সুগন্ধি তেল সুগন্ধিকাৰক হিচাবে চাবােন, তেল, বিভিন্ন খাদ্য দ্রব্র্য, পানীয় ইত্যাদিত ব্যৱহাৰ কৰা হয়। বর্তমান সমগ্র বিশ্বত পাচাউলি.তেলৰ বছৰি চাহিদা হ’ল ২০০০ টন আৰু ভাৰতত ইয়াৰ চাহিদা বছৰি প্রায় ৩০০.টন। ক্রমবর্ধমান চাহিদা তথা তুলনামূলক সহজ কৃষি পদ্ধতিৰ বাবে পাচাউলি খেতি অসমত জনপ্রিয় হবলৈ ধৰিছে। পাচাউলি খেতি কৰি কেনেদৰেকৃষক ৰাইজ লাভান্বিত হ’ব পাৰে তাৰেই এটি বিৱৰণ এই লিখনিৰ জৰিয়তে দিবলৈ প্ৰয়াস কৰা হৈছে।

    পুলি ৰােৱাৰ প্ৰায় চাৰি মাহ মানলৈ প্রয়ােজন অনুসৰি বন- বাত নিৰাই দিব লাগে। এইখিনি সময়ৰ ভিতৰত পাচাউলি গছবােৰ লহপহকৈ বাঢ়ি মাটিডৰা সম্পূর্ণকৈ ঢাকি ধৰে বাবে চাৰি মাহ মানৰ পাচত বন-বাত নিৰণিৰ কাম প্রায় নাথাকেই। অসমত পাচাউলি খেতিৰ বেমাৰ-আজাৰ তথা অনিষ্টকাৰী কীট নাই যদিও কাচিৎ দেখা পােৱা কেতবোৰ উপসৰ্গৰ নিয়ন্ত্রণ তলত দিয়া ধৰণে কৰিব পাৰিঃ-

আৰু পঢ়ক- আপুনি পাচাউলি খেতি কৰিব আগ্রহী নেকি? তেন্তে এনেদৰে সহজতে কৰক পুলি উৎপাদন

১। মুজুৰা পৰা বেমাৰ- এইবিধ বেমাৰ মাটিত থকা এবিধ ভেঁকুৰৰ দ্বাৰা হয়। মুজুৰা পৰা গছবােৰ তৎক্ষণাত উভালি দি মাটিত বেভিষ্টিন (এক গ্রাম প্রতি লিটাৰ) নামৰ দৰৱ প্ৰয়ােগ কৰিব লাগে।

২। পাতৰ ব্লাইট : এইবিধ বেমাৰৰ ভেঁকুৰৰ দ্বাৰা হয় আৰু আক্রান্ত গছৰ পাতবােৰত মুগা বৰণৰ দাগ পৰি পাতবােৰ শুকাই যায়। ইন্দ’ফিল এম্ ৪৫ নামৰ দৰৱ প্রতি লিটাৰ পানীত ২.৫ গ্রাম মিহলাই স্প্রে কৰিলে সুফল পাব পাৰি।

৩। মাইট পােক- এইবিধ পাের্কে পাচাউলি গছৰ পাতবােৰ খহটা আৰু মুজুৰা কৰি পেলায়। এইক্ষেত্ৰত ইথিয়ন নামৰ দৰৱ স্প্রে কৰিলে সুফল পাব পাৰি।

৪। শস্য কৃমি- শস্য কৃমিৰ দ্বাৰা আক্রান্ত গছৰ পাতবােৰ হালধীয়া হয় আৰশিপাবােৰত টেমুনা ধৰে। যি মাটিত শস্য কৃমিৰ সঘন আক্রমণ হয় তেনে মাটিত পুলি ৰােৱাৰ সময়ত প্ৰতিটো পুলিৰ গাঁতত ফুৰাডন নামৰ ঔষধ ১০ গ্রামকৈ প্ৰয়ােগ কৰিব লাগে।

  কৃষক বন্ধুসকলৰ সুবিধার্থে পোষ্টটি শ্বেয়াৰ কৰিব অনুৰোধ জনোৱা হ'ল। লগতে আগলৈ এনে ধৰণৰ লিখনি পাবলৈ আমাৰ ৱেবচাইট Visit কৰি থাকিব।

লেখক- ড০ মনোৰঞ্জন নেওগ

             ড০ অভিজিৎ শর্মা সহ কৃষি বিজ্ঞান কেন্দ্র দল, গোলাঘাট

আৰু পঢ়ক- অতি লাভজনক আৰু চাহিদা থকা খেতিৰ ভিতৰত পাচাউলি এক অন্যতম। য'ত আপুনি মাহে লাখ টকা উপার্জন কৰিব পাৰে
English Summary: Pogostemon cablin Farming  disease and it's control
Published on: 12 June 2021, 10:05 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now