1. এগ্ৰিপেডিয়া

আপুনি পাচাউলি খেতি কৰিব আগ্রহী নেকি? তেন্তে এনেদৰে সহজতে কৰক পুলি উৎপাদন

KJ Staff
KJ Staff
Pogostemon cablin Farming
Pogostemon cablin Farming

   এবাৰ পাচাউলি খেতি কৰাৰ পাচত বছৰবােৰত প্ৰয়ােজনীয় পুলিসমূহ অতি সহজে ঘৰতে উৎপাদন কৰাৰ লগতে ব্যৱসায়িক ভিত্তিত পুলি উৎপাদন কৰি কৃষক ৰাইজ লাভান্বিত হ’ব পাৰে। পুলি উৎপাদনৰ বাবে প্ৰথমে ৩ ইঞ্চি x৪ ইঞ্চি জোখৰ পলিথিনৰ মােনাত মাটি ভৰাই লােৱাৰ পাচত পাচাউলি গছৰ আগবিলাক ৩-৪ টা গাঁঠিসহকাটি এক ইঞ্চিমানলৈকে পুতি দিব লাগে। এনেদৰে তৈয়াৰ কৰা মােনাসমূহ ছাঁত ৰাখিব লাগে আৰু বাৰিষা কালত ৩০ দিন মানৰ ভিতৰতে সেইবােৰ মূল পথাৰত ৰুব পৰা হয়।

   পুলি প্রস্তুতিৰ বাবে উত্তম সময় হ’ল মাৰ্চৰ পৰা অক্টোবৰলৈ। বেছি বৰষুণ হােৱা বতৰত জমা কৰি ৰখা পুলিবােৰত ডায়থেন এম-৪৫ নামৰ দৰৱ (২.৫ গ্রাম প্রতি লিটাৰ পানীত) সপ্তাহত এবাৰকৈ স্পে কৰিলে গুৰিপঁচা বেমাৰসহজেই নিয়ন্ত্রণ কৰিব পাৰি।

আৰু পঢ়ক- অতি লাভজনক আৰু চাহিদা থকা খেতিৰ ভিতৰত পাচাউলি এক অন্যতম। য'ত আপুনি মাহে লাখ টকা উপার্জন কৰিব পাৰে

   বর্তমান সময়ত সমগ্ৰ উত্তৰ-পূর্বাঞ্চলতে পাচাউলি পাতৰ তথা তেলৰ বজাৰ আৰু মূল্য ইত্যাদি ক্ষেত্ৰত আগভাগ লােৱা চৰকাৰী প্রতিস্থান হৈছে North Eastern Development Finance Corporation বা চমুকৈ NEDFi। এই খেতিৰ বাবে NEDFi য়ে প্রয়ােজনীয় খণ অথবা কাৰিকৰী জ্ঞান কৃষকলৈ আগবঢ়াই আহিছে। আগ্রহী কৃষকে পাচাউলি খেতিৰ বাবে ঋণ আৰু বজাৰ সুবিধাৰ বাবে তলৰ ঠিকনাত যােগাযােগ কৰিব পাৰে :- North Eastern Development Finance Corporation জনতা ভৱনৰ ওচৰত (চাহ নিলাম কেন্দ্ৰৰ সমুখত), দিছপুৰ, গুৱাহাটী, অসম।

   উদ্যোগী কৃষক ৰাইজে এই খেতি কৰিবলৈ প্রয়ােজনীয় পুলিৰ বাবে কৃষি বিজ্ঞান কেন্দ্র, খুমটাই, গােলাঘাট - ৭৮৫৬১৯ ৰ লগত যােগাযােগ কৰিব পাৰে।

আৰু পঢ়ক- পাচাউলিৰ খেতিৰ ৰোগ আৰু নিয়ন্ত্রনৰ উপায় (Disease and Control)

লেখক- ড০ মনোৰঞ্জন নেওগ

             ড০ অভিজিৎ শর্মা সহ কৃষি বিজ্ঞান কেন্দ্র দল, গোলাঘাট

   কৃষক বন্ধুসকলৰ সুবিধার্থে পোষ্টটি শ্বেয়াৰ কৰিব অনুৰোধ জনোৱা হ'ল। লগতে আগলৈ এনে ধৰণৰ লিখনি পাবলৈ আমাৰ ৱেবচাইট Visit কৰি থাকিব।

English Summary: Are you interested to grow pogostemon cablin at your home then this is best tips to prepare saplings

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.