গুছি হৈছে এবিধ মৰেল কাঠফুলা যাক জম্মু আৰু কাশ্মীৰৰ লগতে উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ কেইটামান অঞ্চলটো পোৱা যায় । আমি সচৰাচৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা খোৱা কাঠফুলাবোৰৰ ভিতৰত এইবিধ কাঠফুলা হৈছে আটাইতকৈ ব্যয়বহুল।
ফেব্ৰুৱাৰীৰ পিছত আৰ্দ্ৰতাৰ মাটিত মৰ্চেলা কাঠফুলা প্ৰাকৃতিকভাৱে খেতি কৰা হয় । বাৰিষাৰ সময়ছোৱাত এই কাঠফুলাবোৰৰ বিকাশ আৰম্ভ হয় । মন কৰিবলগীয়া যে, এইবিধ কাঠফুলাৰ খেতি কৰাতো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে ।
এই ক্ষে্তৰত দুটা মুখ্য কাৰণ আছে । প্ৰথমটো হৈছে গুছি খেতি কেৱল প্ৰাকৃতিকভাৱেহে কৰিব পাৰি । যাৰ ফলত এই কাঠফুলাৰ জৰিয়তে উপাৰ্জন কৰাটো অত্যন্ত কঠিন হৈ পৰে । দ্বিতীয়তে এই কাঠফুলাবোৰৰ উপলব্ধতা দিনক দিনে দুৰ্লভ হৈ পৰিছে ।
চোলানৰ ভাৰতীয় কৃষি গৱেষণা সঞ্চালকালয়ৰ জ্যেষ্ঠ বিজ্ঞানী অনিল কুমাৰৰ মতে, মৰেল কাঠফুলা পৰিৱৰ্তনশীল জলবায়ুৰ ভুক্তভোগী । তেওঁ লগতে কয় যে, প্ৰতি বছৰে উষ্ণতা বৃদ্ধি হোৱাৰ ফলত মাটিৰ আৰ্দ্ৰতা পৰিমাণ হ্ৰাস পাইছে । যিহেতু মৰেল কাঠফুলাৰ বিকাশৰ বাবে মাটিৰ আৰ্দ্ৰতাৰ প্ৰয়োজন হয় । ফলত ক্ৰমাৎ নোহোৱা হৈ গৈছে এইবিধ কাঠফুলা ।
যিহেতু এইবিধ কাঠফুলা পৰীক্ষাগাৰত খেতি কৰিব পৰাকৈ সাধাৰণ কাঠফুলা নহয় । গতিকে বৰ্তমান বতৰৰ পৰিৱৰ্তনৰ লগতে কিছুমান মানৱীয় কাৰ্যকলাপৰ ফলত হ্ৰাস পাবলৈ ধৰিছে মৰেল কাঠফুলাৰ উৎপাদন ।
লগতে পঢ়কঃ Ukraine Crisis:কণী আৰু কুকুৰা ৰপ্তানিৰ ক্ষেত্ৰত সুবৰ্ণ সুযোগ ভাৰতৰ