1. এগ্ৰিপেডিয়া

এপ্ৰিল মাহত কাঠফুলা খেতি কেনেদৰে কৰিব ? জানো আহক সৰ্বিশেষ...

KJ Staff
KJ Staff
Mushroom Production
Mushroom Production in April

হাৰিয়ানাৰ ২০০০-২৫০০ কৃষকে কৰে কাঠফুলা খেতি । দেশৰ ১৪-১৫ শতাংশ কাঠফুলা উৎপাদন কৰে হাৰিয়ানাৰ কৃষক সকলে । গতিকে দেশৰ আগশাৰী ৰাজ্যসমূহৰ ভিতৰত মাজত এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আহিছে ৰাজ্যখনে ।

আমাৰ খেতিয়ক সকলে বিভিন্ন প্ৰকাৰৰ কাঠফুলাৰ খেতি কৰা দেখা যায় । বহু সংখ্যক কৃষকে কাঠফুলা খেতি  শৰৎকালত কৰা দেখা যায় । শৰতৰ সময়ত কৰা এই বগা বুটাম কাঠফলা খেতি কৰাৰ পাছতে সেই কাঠফুলা ফাৰ্মখন বন্ধ কৰি দিয়ে খেতিয়ক সকলে ।

কিন্তু আন একাংশ খেতিয়কে এই বিধ কাঠফুলা খেতি কৰাৰ পাছৰ সময়তো ধিংগ্ৰী কাঠফুলা, গাখীৰ কাঠফুলা আদি খেতি কৰা দেখা যায় । ধিংগ্ৰী কাঠফুলা  খেতিয়কে বছৰৰ বিভিন্ন সময়ত কৰিব পাৰে । কৃষক সকলৰ সুবিধাৰ্থে এই প্ৰৱন্ধটিত এপ্ৰিল মাহত কৰিবৱ পৰা কাঠফুলা খেতি সম্পৰ্কে আলোচনা কৰা হৈছে ।

এপ্ৰিল মাহত কাঠফুলা উৎপাদন

  • ধিংগ্ৰী কাঠফুলা উৎপাদন কৰিবলৈ ইচ্ছুক কাঠফুলা খেতিয়কসকলে কাঠফুলাৰ ফাৰ্মত পানী ছটিয়াব লাগে আৰু ৮৫ ৰ পৰা ৯০ শতাংশ আপেক্ষিক আৰ্দ্ৰতা বজাই ৰাখিব লাগে।
  • পানী ছটিয়াই দিয়াৰ আগতে কাঠফুলাবোৰ প্লাক কৰক ।
  • ধিংগ্ৰী কাঠফুলাত পানী ছটিয়াই বায়ুৰ চলাচল কৰিব পৰা ব্যৱস্থা ৰাখক । অন্যথা বেক্টেৰিয়াৰ ব্লচ ৰোগ হোৱাৰ সম্ভাৱনা থাকিব পাৰে ।
  • যদি ধিংগ্ৰী কাঠফুলাৰ ফাৰ্মটোৰ তাপমাত্ৰা 23 ৰ পৰা 28 ডিগ্ৰী চেলচিয়াছত ৰাখিব লাগে ।
  • যদি এই কাঠফুলাৰ মোনাটোত ভেঁকুৰৰ প্ৰাদুৰ্ভাৱ হয়, তেন্তে কাঠফুলাৰ ফাৰ্মৰ পৰা মোনাটো আঁতৰ কৰক আৰু ইয়াক কাঠফুলাৰ ফাৰ্মৰ পৰা আঁতৰত এটা গভীৰ গাঁতত পুতি পেলাওক ।
  • যদি কীট-পতংগৰ প্ৰাদুৰ্ভাৱ হয়, তেন্তে আপুনি কৃষি বিজ্ঞানীৰ পৰামৰ্শ অনুসৰি কাম কৰক।

সাৱধানতাঃ

ধিংগ্ৰী কাঠফুলা খেতি দুমাহৰ ভিতৰত সম্পূৰ্ণ হয় । এপ্ৰিল মাহত যদি আপুনি এই খেতি কৰিব বিচাৰে তেন্তে কাঠফুলাৰ ফাৰ্মখন পৰিষ্কাৰ কৰক আৰু ফৰামালিনৰ 2 শতাংশ স্প্ৰে কৰক । ইয়াৰ পাছতে ফাৰ্মৰ কোঠাটো ভালদৰে বন্ধ কৰক, যাতে ফৰ্মলাইনৰ গোন্ধৰ সৈতে কোঠাটোত কোনো পতংগ,  ভেঁকুৰ, বেক্টেৰিয়া, ঘুণ আদিৰ সকলো অৱশিষ্ট  যাতে ধ্বংস হয় ।

লগতে পঢ়কঃ সূৰ্যমুখী ফুল উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব ভাৰত চৰকাৰৰ

English Summary: Mushroom Production in April

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.