Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 5 January, 2023 9:00 PM IST
Jowar cultivation in Assam

কৃষি উৎপাদনৰ ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ অসম চৰকাৰে ৰাজ্যখনত জোৱাৰ খেতিৰ অভিযান আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে৷ এই লক্ষ্যপ্ৰাপ্তিৰ উদ্দেশ্যে আৰম্ভ কৰা আঁচনিখন হৈছে ‘অসম জোৱাৰ অভিযান’৷ সাত বছৰীয়া এই অভিযানৰ আৰম্ভনি হ’ব ২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা৷

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰতৰ পৃষ্ঠপোষকতাত ২০২৩ বৰ্ষটো আন্তৰ্জাতিক জোৱাৰ বৰ্ষ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ভাৰত চৰকাৰে জোৱাৰ শস্য আৰু খেতিৰ প্ৰসাৰৰ বাবে কাৰ্যপন্থা গ্ৰহণ কৰিবলৈ সংকল্প লৈছে৷ অসম চৰকাৰেও ২০২৩ বৰ্ষটো জোৱাৰ বৰ্ষ হিচাপে পালন কৰিবলৈ প্ৰকৃতাৰ্থত সাজু হৈছে৷ তেজুপুৰৰ উপায়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰীগৰাকীয়ে জোৱাৰ খেতি সম্পৰ্কে এক বিশেষ ঘোষণা কৰাৰ পাছত প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে৷

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপৰ অংশ স্বৰূপে, ৰাজ্য চৰকাৰসমূহক ন্যূনতম সমৰ্থন মূল্যত জোৱাৰ ক্ৰয় কৰিবলৈ আৰু ৰাজহুৱা বিতৰণ প্ৰণালীৰ (পিডিএছ) অধীনত জোৱাৰৰ বিতৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে৷

জোৱাৰক স্মাৰ্ট ফুড ৰূপেও অভিহিত কৰা হয় কিয়নো ই গ্ৰাহকৰ লগতে আমাৰ ধৰিত্ৰী আৰু কৃষকসকলৰে বাবেও সমানে উপযোগী৷ ফিংগাৰ মিলেটত থকা কেলচিয়ামৰ পৰিমাণ গাখীৰৰ তুলনাত তিনিগুণ আৰু বেছিভাগ জোৱাৰতে অতি উচ্চ পৰিমাণৰ আইৰন আৰু জিংক, নিম্ন গ্লাইচেমিক ইণ্ডেক্স, উচ্চ মাত্ৰাৰ প্ৰ’টিন আৰু আঁহজাতীয় উপাদান থকাৰ লগতে জোৱাৰ হৈছে গ্লুটেন-মুক্ত।

জোৱাৰ অভিযানৰ অধীনত ইতিমধ্যে ৰাজ্যৰ ১৫খন জিলাত ফিংগাৰ মিলেটৰ শস্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে৷ এই অভিযানৰ সফল ৰূপায়ণৰ বাবে বিভিন্ন প্ৰতিষ্ঠিত সমিতি আৰু সংস্থালৈ অধিসূচনা প্ৰেৰণ কৰা হৈছে৷ হায়দৰাবাদৰ আইচিআৰআইএছএটি (International Crops Research Institute for the Semi Arid Tropics) ৰ পৰা কাৰিকৰী সহায় বিচৰা হৈছে আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মিলেটছ ৰিছাৰ্চক এই অভিযানৰ মসৃণ ৰূপায়ণৰ বাবে অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে৷

লগতে পঢ়কঃ Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ

English Summary: Jowar cultivation in Assam
Published on: 05 January 2023, 06:12 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now