1. News

অতুল বৰাৰ সিদ্ধান্ত : ধানৰ দৰে নন্যূতম সমৰ্থন মূল্যত চৰকাৰে ক্ৰয় কৰিব সৰিয়হ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ATUL BORA MEETING ON MSP OF MUSTERD
ATUL BORA MEETING ON MSP OF MUSTERD

বুধবাৰে জনতা ভৱনত কৃষি বিভাগৰ উচ্চপদস্থ বিষয়াৰে মন্ত্ৰী অতুল বৰাৰ। বৈঠকত কৃষি বিভাগৰ অধীনস্থ বিভিন্ন আঁচনিৰ বাবে ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ বাজেটত নিৰ্ধাৰিত ধনৰ ব্যৱহাৰ আৰু বিভাগীয় কাম-কাজৰ শেহতীয়া স্থিতিৰ সন্দৰ্ভত আলোচনা কৰে।

বৈঠকতে কৃষিমন্ত্ৰী অতুল বৰাই এইবাৰ ৰাজ্যখনত সৰিয়হৰ উৎপাদন অধিক বৃদ্ধিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলৰ সুবিধাৰ্থে ধানৰ দৰে সৰিয়হ ক্ৰয়ৰো এক আঁচনি প্ৰস্তুতৰ বাবে বৈঠকত বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে। বিষয়াসকলে মন্ত্ৰীৰ নিৰ্দেশক কাৰ্যকৰী কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰে।

লগতে পঢ়ক- 

Mint Farming : ব্যৱসায়িকভাৱে কেনেদৰে কৰিব পদিনা খেতি!

লগতে কৃষিমন্ত্ৰীগৰাকীয়ে বৈঠকখনত ৰাজ্যত ৰূপায়ণ হৈ থকা  PMKISAN, PMFBY, NFSM, RKVY, RIDF, AIF, NMEO-OP, SMAM, CMSGUY, AGRI-STACK, অসম মিলেট্ অভিযান ইত্যাদি আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতি, সাৰ আৰু বীজৰ উপলব্ধতা তথা অন্যান্য আঁচনিৰ অগ্ৰগতিৰ বুজ লয়।

বৰ্তমানেও সম্পূৰ্ণ হৈ নুঠা কামসমূহ নিয়াৰিকৈ আগবঢ়াই নিবলৈ কয় কৃষি বিভাগৰ বিষয়াসকলক। বৈঠকত কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস কুমাৰ ভূটানী, ARIAS ছ'চাইটীৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক আকাশদীপ ডেকা, কৃষি বিভাগৰ সচিব তথা সঞ্চালক অনন্তলাল জ্ঞানী প্ৰমুখ্যে কৃষি বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক- 

খাদ্য আৰু সাৰৰ ৩.৭ লাখ কোটি টকাৰ ৰাজসাহায্য কৰ্তন হ’ব নতুন বাজেটত!

English Summary: ATUL BORA MEETING ON MSP OF MUSTERD

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.