1. এগ্ৰিপেডিয়া

Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ

KJ Staff
KJ Staff
Queen Pineapple
Queen Pineapple

ৰাণী আনাৰসক পৃথিৱীৰ আটাইতকৈ মিঠা আনাৰস বুলি জনা যায়। ফলটোৰ এক সুগন্ধি মিঠা সোৱাদ থাকে আৰু ই আন আনাৰসৰ প্ৰকাৰতকৈ তুলনামূলকভাৱে সৰু। ইয়াৰ ওজন কেৱল ৪৫০ গ্ৰামৰ পৰা ৯৫০ গ্ৰাম হয়। ২০১৫ চনত ৰাণী আনাৰসে জিআই টেগ লাভ কৰিছিল। তদুপৰি ইয়াক ত্ৰিপুৰাৰ ৰাজ্যিক ফল হিচাপেও ঘোষণা কৰা হৈছে। উল্লেখ্য যে, ত্ৰিপুৰা হৈছে দেশৰ অন্যতম বৃহৎ আনাৰস খেতি কৰা ৰাজ্য।

অসমকে ধৰি ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত আনাৰস হৈছে এক মুখ্যতঃ উৎপাদিত ফল। এই অঞ্চলৰ লোকসকলৰ মাজত আনাৰস অতি জনপ্ৰিয়। আনাৰস আৰু ইয়াৰ ৰস গোটেই বছৰ জুৰি উপলব্ধ হোৱাৰ বাবে ইয়াৰ লোকসকলে যেতিয়াই বিচাৰে তেতিয়াই আনাৰস খাব পাৰে। কেৱ আৰু কুইন হৈছে উৎপাদকসকলৰ মাজত আটাইতকৈ জনপ্ৰিয় প্ৰকাৰ। অসমত ৰাণী আনাৰস বা Queen Pinaple  বহুলভাৱে উৎপাদন কৰা হয়। কাৰ্বি আংলং, এনচি হিলছ আৰু কাছাৰ হৈছে ৰাজ্যখনৰ মুখ্য আনাৰস খেতি কৰা জিলা। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত দেশৰ মুঠ আনাৰসৰ ৪০ শতাংশতকৈও অধিক উৎপাদন হয় আৰু ইয়াৰে প্ৰায় ৯০-৯৫ শতাংশ খেতি জৈৱিক পদ্ধতিৰে কৰা হয়।

আনাৰসৰ বিভিন্ন জাতঃ

আনাৰসৰ বিভিন্ন জাতসমূহ হৈছে- মাটি কিউ, কুইন আৰু মৌৰিচিয়াচ

মাটিঃ

উপযুক্ত নলা-নৰ্দমা থকাৰ লগতে অলপ পৰিমাণে এচিড থকা যিকোনো মাটিত অনাৰস ভাল হয়।

আনাৰসৰ বৃদ্ধিঃ আনাৰসৰ উৎপাদন ইয়াৰ শিপাৰ পৰা ওলোৱা গজালি ৰোপন কৰি বৃদ্ধি কৰিব পাৰি, ইয়াৰ ডালৰ অংশ কাটি আনি ৰোপন কৰি আৰু মূৰৰ অংশ ৰোপন কৰিব লাগে। অৱশ্যে এইখিনি ৰুবলৈ হ’লে আনাৰসজোপাৰ বয়স কমেও ৫-৬ মাহ হ’ব লাগে। তাৰ পাছত ৰোৱা অংশবিলাক ১২ মাহৰ ভিতৰতে ফুলিব ধৰে, কিন্তু মূৰৰ অংশ ৰোৱাৰ ১৯-২০ মাহ পিছতহে ফুল ফুলে।

মাটি কঁঠাল ৰোৱাৰ সময়ঃ

এপ্ৰিলৰ পৰা অক্টোবৰ মাহৰ ভিতৰত ৰুলে আনাৰসৰ বৃদ্ধি ভালদৰে হয়

মাটি কঁঠালৰ পৰিচৰ্যাঃ

এবছৰত প্ৰায় তিনি চাৰিবাৰমান অনাৰস গছৰ মাজত গজা ঘাহঁ বন বিলাক চাফ কৰিব লাগে। হাতেৰে চাফ চিকুন নকৰি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিও পৰিস্কাৰ কৰিব পাৰি। ডিউৰন নামৰ ঔষধবিধ প্ৰথম বছৰত ব্যৱহাৰ কৰি বহুত পৰিমানে ঘাহ বন চাফ-চিকুন কৰিব পাৰি।

আকৌ কেতিয়াবা যদি দীঘলীয়া খৰাং বতৰ হয় সূৰ্যৰ তাপৰ পৰা যাতে ফলবিলাক বেয়া হৈ নাযায় তাৰ বাবে অনাৰসৰ বাগানত দৈনন্দিন পানী দিব লাগে। সূৰ্যৰ তাপৰ পৰা ৰক্ষা পাবলৈ সাময়িকভাৱে ছাঁ পৰাৰ ব্যৱস্হা কৰিব লাগে। পূৰঠ ফলবিলাক ইয়াৰ পাতবিলাকেৰে ঢাকি দি সূৰ্যৰ তাপ আৰু বিভিন্ন আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি।

মাটি কঁঠালৰ খেতিঃ

মাটি কঁঠালৰ বাবে সাধাৰণতে উষ্ণ আৰু নাতিশীতোষ্ণ জলবায়ু উপযোগী। মাটি কঁঠাল গছ ৰোৱাৰ পৰা ২০-২৪ মাহৰ ভিতৰত গুটি ধৰে। ফলৰ ওপৰত অংশত থকা আগটো ফল চিঙাৰ পাছত তাৰ পৰা চিঙি ৰুলেই নতুন গছ হয়। ই এবিধ গুল্ম উদ্ভিদ। ইয়াৰ গুৰিৰ পৰাও পোখা মেলিও নতুন গছ গজে।

ৰোগঃ

মাটি কঁঠালৰ খেতিত বিভিন্ন ধৰণৰ ৰোগ দেখা দিব পাৰে। ইয়াৰ ভিতৰত মাটি কঁঠালত ফুটি পোক সৃষ্টি কৰা ৰোগ গুৰুতৰ হব পাৰে। এই ৰোগে মাটি কঠালৰ লগতে কোঁহৰো ক্ষতিসাধন কৰে। ইয়াৰ উপৰিও পিংক ৰোগ, শিপাৰ পৰা হোৱা ৰোগ আদি। মাটি কঁঠালৰ ক্ষতিসাধন কৰা পোকবোৰৰ ভিতৰত চৰহা, ফুটি আদি।

কীটনাশকঃ

মাটি কঁঠালৰ খেতি কৰিবলৈ লওঁতে প্ৰতি হেক্টৰ মাটিত ২০ কিলোগ্ৰাম কীটনাশক পানীত নিহলাই ছটিয়াব লাগে। মাটি কঁঠালত ব্যৱহৃত কীটনাশকৰ ভিতৰত অৰ্গেনফছফেট, অৰ্গেনক্লৰিনেজ আদি।

খেতি চপোৱাঃ

মাটি কঁঠাল পূৰঠ হোৱাৰ পাছত ছিঙিব লাগে। মাটি কঁঠালবোৰ পৃথকে ৰাখিব লাগে, কিয়নো ই সহজে নষ্ট হৈ যাব পাৰে।

লগতে পঢ়কঃ Foxtail millet: অসমত অৱহেলিত কণিধান, আমাজনত প্ৰতিকেজিৰ দাম ৩০০ টকা

(জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।  জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/

যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)

English Summary: Queen pineapple of Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.