Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 7 April, 2023 3:49 PM IST

ধান খেতিৰ উৎপাদন নিৰ্ভৰ কৰে কঠীয়াৰ শ্ৰীবৃদ্ধিৰ ওপৰত। সেয়েহে কঠীয়াতলীতে যাতে কঠীয়াবোৰ সুস্থ-সবল হয়, তাৰ বাবে গুৰুত্ব দিয়া উচিত। এই লেখাত নিৰোগী আৰু স্বাস্থ্যৱান কঠীয়া পাবলৈ হ’লে কঠীয়াতলী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া কথাকেইটা চমুকৈ আলোচনা কৰা হ’ল।

মাটি নিৰ্বাচন:

বোকা, বালোচহীয়া মাটি আৰু সম্পূৰ্ণ ৰ’দ পৰা হ’ব লাগে। কিয়নো কঠীয়াতলীত গজালিয়ে মাত্ৰ গুটিটোৰ পৰাহে আহাৰ খায়। গজালিটোৰ চাৰিটা পাত ওলোৱাৰ পিছত গুটিত থকা আহাৰ শেষ হয় আৰু তাৰ পিছৰপৰা গজালিয়ে শিপাৰ সহায়ত মাটিৰপৰা আৰু পাতৰ সহায়ত ৰ’দৰ পোহৰৰ জৰিয়তে আহাৰ গ্ৰহণ কৰে। আনহাতে, ভাল ৰ’দ পৰা কঠীয়াবোৰ চাপৰ আৰু সবল হয়।

কঠীয়াতলীৰ প্ৰস্তুতকৰণ:

মাটিডৰা ভালদৰে বোকা কৰি ১০ মিটাৰ দীঘল আৰু ১.২৫ মিটাৰ বহল বীজতলী একোখন প্ৰস্তুত কৰিব লাগে। বীজতলীবোৰৰ মাজত ৩০ ছেন্টিমিটাৰ ব্যৱধান থাকিব লাগে।

লগতে পঢ়ক- 

Black Tomato : ক’লা বিলাহী খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰক

বীজ শোধন:

বীজবোৰ পানীত ঢালি পানীখিনি ভালদৰে ঘোদালি ল’ব লাগে আৰু ওপৰত ওপঙি উঠা বীজবোৰ পেলাই দিব লাগে। বীজখিনি নিৰ্বাচন কৰাৰ পিছত অনুমোদিত ঔষধ পানীত ২৪ ঘন্টা তিয়াই থ’ব লাগে। এক কিলোগ্ৰাম বীজৰ বাবে এক লিটাৰ মিশ্ৰণৰ প্ৰয়োজন হয়।

সাৰ প্ৰয়োগ:

এখন বীজতলীত ২০-৩০ কিলোগ্ৰাম গোবৰ বা পচন সাৰ, ৮০ গ্ৰাম ইউৰিয়া, ৮০ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৪০ গ্ৰাম মিউৰেট পটাছ প্ৰয়োগ কৰিব লাগে।

বীজৰ পৰিমাণ:

প্ৰতিখন বীজতলীত ৬৫০ গ্ৰামৰপৰা ১০০০ গ্ৰাম অংকুৰিত হোৱা বীজ ছটিয়াব লাগে।

পানী যোগান:

বীজতলীৰ ওপৰভাগ জেকা ৰাখিব পাৰিলে ভাল। বীজতলীৰ মাজৰ খালবোৰত পানী দিব লাগে। অৱশ্যে কঠীয়া উঠোৱাৰ সময়ত বীজতলীত কমেও ২-৩ ছেন্টিমিটাৰ পানী ৰাখিব পাৰিলে ভাল। বেছি পানী জমা হৈ থাকিলে কঠীয়াবোৰৰ কম শিপা গঠন হয় আৰু ওখ, দুৰ্বল হয়।

শস্য ৰক্ষা:

কঠীয়াবোৰত পোক-পতংগই আক্ৰমণ কৰা দেখিলে অনুমোদিত ছিষ্টেমিক ঔষধ প্ৰয়োগ কৰা নিতান্তই আৱশ্যক। এনেদৰে নিৰ্দ্ধাৰিত সময়ত কঠীয়াতলী বা বীজতলীৰপৰা কঠীয়া তুলি আগবোৰ কাটি ঔষধ পানীত শিপা শোধন কৰি পথাৰত ৰুলেহে উৎপাদন বৃদ্ধি হ’ব।

উৎস : বিকাশ পেডিয়া

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা

লগতে পঢ়ক- 

Snake gourd : ধুন্দুলি পাছতে ৰবি শস্যৰ খেতিসমূহ কৰিব পাৰিব সেই মাটিত

English Summary: How to prepare seedbed for paddy cultivation!
Published on: 07 April 2023, 02:11 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now