1. এগ্ৰিপেডিয়া

Snake gourd : ধুন্দুলি পাছতে ৰবি শস্যৰ খেতিসমূহ কৰিব পাৰিব সেই মাটিত

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Snake gourd
Snake gourd

অসমত বাৰিষা কালত হোৱা পাচলিসমূহৰ অন্যতম ধুন্দুলী। এপ্ৰিল মাহৰ পৰা জুনমাহলৈকে কৃষকসকলে ধুন্দুলি খেতি কৰিব পাৰে। আগতীয়াকৈ ধুন্দুলি খেতি কৰিও ভালকৈ বজাৰখন ধৰিব পাৰিলে কৃষকসকল লাভান্বিত হোৱাৰ স্থল আছে। গতিকে কৃষকসকলৰ প্ৰতি লক্ষ্য ৰাখি ধুন্দুলি খেতিৰ বিষয়ে কেইটামান তথ্য দাঙি ধৰিলো।

সঁচ :

অসম বিশ্ববিদ্যালয়ৰ মতে, অসমৰ জলবায়ুৰ বাবে উপযোগী ধুন্দুলিৰ কেইটামান সঁচ ক্ৰমে, লং গ্রীণ, লং হুৱাইট আৰু এক্সট্রা লং।

মাটি নির্ব্বাচন :

পানী জমা হ’ব নোৱাৰা ওখ আৰু পলসুৱা মাটি ধুন্দুলী খেতিৰ বাবে উপযোগী।

সিঁচাৰ সময় :

এপ্রিলৰ পৰা আৰম্ভ কৰি জুন মাহলৈকে ধুন্দুলী বীজ সিঁচিব পাৰি ।

লগতে পঢ়ক- 

Black Tomato : ক’লা বিলাহী খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰক

বীজৰ ব্যৱধান :

২.০-২.৫ মিটাৰ (শাৰীৰ পৰা শাৰীলৈ) আৰু ৭৫ - ৯০ চে: মিটাৰ (গছৰ পৰা গছলৈ )

জলসিঞ্চন :

শুকান বতৰত ৮-১০ দিনৰ ব্যৱধানত গছত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে ।

শস্য চপোৱা :

ফলবোৰ যেতিয়া পূৰঠ হয় চিঙাৰ ব্যৱস্থা কৰিব লাগে ।

উৎপাদন :

১০০ - ১২০ কুইন্টল / হেক্টৰত

যিসকল কৃষকে প্ৰথমবাৰৰ বাবে ব্যৱসায়িক ভিত্তিত এই খেতি কৰিব বিচাৰে তেওঁলোকে অভিজ্ঞ কৃষকৰ পৰা দুই এটা পৰামৰ্শ গ্ৰহণ কৰিলে অধিক লাভাৱান হ’ব। কৃষকসকলে যিমান পাৰে নিজৰ অঞ্চলত আগতীয়াকৈ বজাৰত উলিয়াব পৰাকৈ খেতি কৰিব লাগে। কাৰণ প্ৰথম অৱস্থাত সকলো বস্তুৰে চাহিদা থাকে। তাৰ সুবিধা লৈ কৃষকসকলে ভাল উপাৰ্জন কৰিব পাৰে।

লগতে পঢ়ক- 

Gulapi potato : মাত্ৰ ৮০ দিনতে গোলাপী আলুৰ খেতিৰে লাখপতি হওঁক

English Summary: Snake gourd farming & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.