1. এগ্ৰিপেডিয়া

Black Tomato : ক’লা বিলাহী খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Black Tomato Farming (ক'লা বিলাহীৰ খেতি)
Black Tomato Farming (ক'লা বিলাহীৰ খেতি)

বিলাহী অসমৰ মানুহৰ অতিকে চিনাকী। কেৱল অসমেই নহয় সমগ্ৰ বিশ্বতে বিলাহীৰ এক পৰিচয় আছে। কিন্তু এই আলোচনাত আমি আপুনি নজনা বা নেদেখা এবিধ বিলাহীৰ বিষয়ে কম। কাৰণ এই জাতৰ বিলাহী অসমতে নহয় ভাৰততো একেবাৰে নতুন। কিন্তু বহু কৃষকে এই জাতৰ বিলাহী খেতি কৰি লাখ টকা উপাৰ্জন কৰি আছে।

নতুন বস্তুৰ বজাৰত সদায় চাহিদা বেছি। গতিকে ভাৰতৰ বজাৰত এক সুকীয়া পৰিচয় লাভ কৰিছে কলা বিলাহীয়ে। কলা বিলাহী আটাইতকৈ ডাঙৰ বিশেষত্বটো হ’ল ইয়াক কেন্সাৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। লগতে এই ই বহু ৰোগৰ বিৰুদ্ধে যুঁজ দি দূৰতে বিদূৰ কৰে। এই বিলাহীয়ে ওজন হ্ৰাস,  চুগাৰ মাত্ৰা হ্ৰাস, কলেষ্টেৰল হ্ৰাস কৰাত ফলপ্ৰসূ বুলি জনা যায়।

লগতে পঢ়ক- 

New Paddy Variety : ধানৰ নতুন জাত ‘Kavuni Co-57’ দুগুণ উৎপাদন পাব

এই ক’লা  বিলাহীক ইংৰাজীত ইংৰাজীত ইণ্ডিগো ৰোজ টমেটো বুলি জনা যায়। প্ৰথমে ইংলেণ্ডত ইয়াৰ খেতি পৰা আৰম্ভ হৈছিল । ক’লা  বিলাহীৰ খেতি জানুৱাৰী মাহত কৰা হয়। জানুৱাৰী মাহত কৰি মাৰ্চ-এপ্ৰিলত চিঙিব পৰা হয়। আমাৰ সাধাৰণ বিলাহী খেতিৰ দৰেই কৰা হয় ক’লা  বিলাহীৰ খেতি। কিন্তু সাধাৰণ ৰঙা বিলাহীতকৈ ক’লা টমেটোৰ ঔষধি গুণ বেছি। ইয়াক বহুদিনলৈ সতেজ কৰি ৰাখিব পাৰি। ইয়াৰ দাম বজাৰত সাধাৰণ বিলাহীতকৈ বহু বেছি।

সম্প্ৰতি নেডাৰলেণ্ডৰ ক’লা জিকা, নতুন প্ৰকাৰ ৰং-বিৰঙৰ ফুল কবি-কেৰটিনা, ভেলেন্টিনা আদিয়ে খেতিয়ে অসমৰ কৃষিখণ্ডত এক আলোড়নৰ সৃষ্টি কৰিছে। কম দিনতে বহু কৃষকে নতুন জাত আৰু আধুনিক পদ্ধতিৰে খেতি কৰি সফলতা লাভ কৰিছে আৰু নিজৰ কৃতিত্ব দাঙি ধৰিছে। বিলাহীৰ নতুন প্ৰজাতি ক’লা  বিলাহীৰ খেতি কৰিও অসমৰ কৃষকসকলে এক খলকণি সৃষ্টি কৰিব পাৰে।

লগতে পঢ়ক- 

কুমকুম ভেণ্ডিৰ খেতিত আচৰিত লাভ, বহিঃৰাজ্যতো চাহিদা বৃদ্ধি

English Summary: Black Tomato Farming Methods & Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.