আমাৰ ঘেঁহু খেতিয়ক সকলে প্ৰায়ে অভিযোগ কৰে যে, তেওঁলোকৰ ঘেঁহু খেতিৰ উৎপাদন লাভজনক হোৱা নাই । পিছে খেতিযক সকলৰ ঘেঁহু খেতিৰ উৎপাদন হ্ৰাস পোৱাৰ কেইবাটাও কাৰণ আছে । তাৰে ভিতৰত ঘেঁহু উন্নত জাত নিৰ্ধাৰণত সমস্যা আৰু প্ৰয়োজনীয়া সা-সুবিধাৰ অভাৱ ।
উৎপাদন বৃদ্ধি কৰিবৰ বাবে খেতিয়ক সকলৰ বাবে বহু কেইটা ঘেঁহু জাত আছে । গতিকে আমি আজি এই প্ৰৱন্ধটিত আলোচনা কৰিম উন্নত জাতৰ ঘেঁহু জাত শৰ্বাতিৰ বিষয়ে । শৰ্বাতি ঘেঁহু কেৱল খাদ্যৰ ক্ষেত্ৰত পুষ্টিকৰ নহয়, এইৱ প্ৰকাৰৰ ঘেঁহু খেতিৰ দ্বাৰা খেতিয়ক সকলে লাভজনক উপাৰ্জন কৰিব পাৰে ।
শৰ্বাতি ঘেঁহুৰ বিশেষত্ব আৰু বৈশিষ্ট্যসমূহঃ
- "শৰ্বাতি" হৈছে দেশত উপলব্ধ আটাইতকৈ প্ৰিমিয়াম প্ৰকাৰৰ ঘেঁহু ।
- চেহোৰ অঞ্চলত শৰ্বাতি ঘেঁহু প্ৰচুৰ পৰিমাণে খেতি কৰা হয় ।
- চেহোৰ অঞ্চলত ক'লা আৰু পলসুৱা উৰ্বৰ মাটি আছে, যিন এই বিধ ঘেঁহু খেতি কৰিবৰ বাবে উপযুক্ত ।
- শৰ্বাতি ঘেঁহুক সোণালী শস্য বুলিও কোৱা হয়, কিয়নো ইয়াৰ ৰং সোণালী ।
- যি ৪০,৩৯০ হেক্টৰ এলেকাত যি "শৰ্বাতিঘেঁহু" ৰোপণ কৰা হয়, তেন্তে ইয়াৰ বাৰ্ষিক উৎপাদন ১০৯০৫৩ নিযুত টনলৈকে আশা কৰিব পাৰি ।
শৰ্বাতি ঘেঁহু খেতিঃ
- শৰ্বাতি হৈছে মধ্য প্ৰদেশৰ জনাজাত এক উন্নত মানদণ্ডৰ ঘেঁহু ।
- শৰ্বাতিৰ ময়দাৰ শস্যবোৰ আকাৰত ডাঙৰ ।
- মধ্য প্ৰদেশত, এক ক'লা আৰু পলসুৱা উৰ্বৰ মাটি আছে যি ইয়াৰ বাবে উপযুক্ত ।
- শৰ্বাতি ঘেঁহুক সোণালী শস্য বুলিও জনা যায় ।
- এই ঘেঁহু মধ্য প্ৰদেশৰ চেহোৰ, নৰসিংপুৰ, হোচঙ্গাবাদ, হাৰ্দা, অশোকনগৰ, ভূপাল আৰু মালৱা জিলাত খেতি কৰা হয় ।
- ইয়াৰ গড় ৰোপণৰ হাৰ হৈছে ৩০-৩৫ কি.গ্ৰা/একৰ ।
- ইয়াৰ উৎপাদন প্ৰতি হেক্টৰত প্ৰায় ৪০-৪৫ কুইন্টাল ।
- এই খেতি কৰিবৰ বাবে সময় লাগে প্ৰায় ১৩৫ ৰ পৰা ১৪০ দিন ।
শৰ্বাতি ঘেঁহুৰ লাভালাভঃ
ই অত্যন্ত পুষ্টিকৰ আৰু ইয়াত প্ৰতি ৩০ গ্ৰামত প্ৰায় ১১৩ কেলৰি, চৰ্বি (১ গ্ৰাম), কাৰ্বোহাইড্ৰেট (আহাৰত আঁহ সহ ২১ গ্ৰাম), প্ৰ'টিন (৫ গ্ৰাম), কেলচিয়াম (৪০ মি.গ্ৰা) আৰু লো (০.৯ মি.গ্ৰা) থাকে । ইয়াৰ উপৰিও, ই মেগনেছিয়াম, চেলেনিয়াম, কেলচিয়াম, জিংক আৰু মাল্টি-ভিটামিনৰ দৰে পুষ্টিৰে সমৃদ্ধ।
লগতে পঢ়কঃ জলবায়ুৰ পৰিবৰ্তনে হ্ৰাস কৰিছে মৰেল কাঠফুলাৰ উৎপাদন