1. এগ্ৰিপেডিয়া

জলবায়ুৰ পৰিবৰ্তনে হ্ৰাস কৰিছে মৰেল কাঠফুলাৰ উৎপাদন

KJ Staff
KJ Staff
Morel mushrooms are the victims of changing climate
Morel mushrooms are the victims of changing climate

গুছি হৈছে এবিধ মৰেল কাঠফুলা যাক জম্মু আৰু কাশ্মীৰৰ লগতে উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ কেইটামান অঞ্চলটো পোৱা যায় । আমি সচৰাচৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা খোৱা কাঠফুলাবোৰৰ ভিতৰত এইবিধ কাঠফুলা হৈছে আটাইতকৈ ব্যয়বহুল।

ফেব্ৰুৱাৰীৰ পিছত আৰ্দ্ৰতাৰ মাটিত মৰ্চেলা কাঠফুলা প্ৰাকৃতিকভাৱে খেতি কৰা হয় । বাৰিষাৰ সময়ছোৱাত এই কাঠফুলাবোৰৰ বিকাশ আৰম্ভ হয় । মন কৰিবলগীয়া যে, এইবিধ  কাঠফুলাৰ খেতি কৰাতো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে ।

এই ক্ষে্তৰত দুটা মুখ্য  কাৰণ আছে । প্ৰথমটো হৈছে গুছি খেতি কেৱল প্ৰাকৃতিকভাৱেহে কৰিব পাৰি । যাৰ ফলত এই কাঠফুলাৰ জৰিয়তে উপাৰ্জন কৰাটো অত্যন্ত কঠিন হৈ পৰে । দ্বিতীয়তে এই কাঠফুলাবোৰৰ উপলব্ধতা দিনক দিনে দুৰ্লভ হৈ পৰিছে ।

চোলানৰ ভাৰতীয় কৃষি গৱেষণা সঞ্চালকালয়ৰ জ্যেষ্ঠ বিজ্ঞানী অনিল কুমাৰৰ মতে, মৰেল কাঠফুলা পৰিৱৰ্তনশীল জলবায়ুৰ ভুক্তভোগী । তেওঁ লগতে কয় যে, প্ৰতি বছৰে উষ্ণতা বৃদ্ধি হোৱাৰ ফলত মাটিৰ আৰ্দ্ৰতা পৰিমাণ হ্ৰাস পাইছে । যিহেতু মৰেল কাঠফুলাৰ বিকাশৰ বাবে মাটিৰ আৰ্দ্ৰতাৰ প্ৰয়োজন হয় । ফলত ক্ৰমাৎ নোহোৱা হৈ গৈছে এইবিধ কাঠফুলা ।

যিহেতু এইবিধ কাঠফুলা পৰীক্ষাগাৰত খেতি কৰিব পৰাকৈ সাধাৰণ কাঠফুলা নহয় । গতিকে বৰ্তমান বতৰৰ পৰিৱৰ্তনৰ লগতে কিছুমান মানৱীয় কাৰ্যকলাপৰ ফলত হ্ৰাস পাবলৈ ধৰিছে মৰেল কাঠফুলাৰ উৎপাদন ।

লগতে পঢ়কঃ Ukraine Crisis:কণী আৰু কুকুৰা ৰপ্তানিৰ ক্ষেত্ৰত সুবৰ্ণ সুযোগ ভাৰতৰ

English Summary: Morel Mushroom Guchhi Getting Scarce Due To Climate Change

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.