Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 25 December, 2022 12:16 PM IST
cucumber farming

তিয়ঁহ এবিধ গ্ৰীষ্মকালীন পাচলি যদিও বছৰৰ বাৰ মাহে ইয়াৰ খেতি কৰিব পাৰি। কেঁচাকৈ বা ৰান্ধি দুয়ো প্ৰকাৰেই তিয়ঁহ খাব পাৰি। সুস্বাদু হোৱাৰ লগতে তিয়ঁহৰ গুণাগুণো যথেষ্ট বেছি। বৃক্ক ৰোগীৰ বাবে তিয়ঁহ এক উত্তম খাদ্য। অসমৰ জলবায়ু তিয়ঁহ খেতিৰ বাবে উপযোগী। গ্ৰীষ্ম কাল আৰম্ভ হোৱাৰ আগতেই তিয়ঁহ লগালে যথেষ্ট লাভ অৰ্জন কৰিব পাৰি। তিয়ঁহ খেতি কৰিবলৈ লওঁতে সততে মনলৈ অহা কেইটামান প্ৰশ্ন আৰু তাৰ উত্তৰ।

এবিঘা মাটিত তিয়ঁহ খেতি কৰি কিমান টকাৰ লাভ অৰ্জন কৰিব পাৰি?

  • এবিঘা মাটিত তিয়ঁহ খেতি কৰিলে প্ৰথম অৱস্থাত ৭-১০ হাজাৰ টকা খৰচ হয়। বীজ ক্ৰয় কৰা, চাং দিয়া আদি কামত এই টকা লাগে। তিয়ঁহ লগাওঁতে সমান্তৰালভাৱে বগৰী আদিৰ খেতিও কৰিব পাৰি। এবিঘা মাটিত এই খেতিৰপৰা ৭০ হাজাৰৰপৰা ১ লাখ টকা পৰ্যন্ত লাভ অৰ্জন কৰিব পাৰি। বজাৰ মূল্যৰ ওপৰত ভিত্তি কৰি লাভৰ সামান্য তাৰতম্য ঘটাৰ সম্ভাৱনা থাকে।

এবিঘা মাটিত খেতি কৰিবলৈ কেনে বীজৰ প্ৰয়োজন হয়?

  • তিয়ঁহৰ খেতিৰ উন্নত সঁচ বোৰ হৈছে -লং গ্রীণ ,পুচা সংযোগ ,পইনচেট ,এ.এ.ইউ.চি-১, এ.এ.ইউ.চি-২ ইত্যাদি।

বছৰৰ কোনটো মাহত তিয়ঁহ খেতি কৰিলে লাভৱান হ’ব পাৰি?

  • ফেব্ৰুৱাৰী-মাৰ্চ মাহত তিয়ঁহ খেতি কৰিলে সুফল পাব পাৰি। তিয়ঁহ গ্ৰীষ্মকালৰে ফচল যদিও শীত কালত আগতীয়াকৈ এই খেতি কৰিব পাৰি।

বাৰিষা কালত তিয়ঁহ খেতি কৰিলে কি কি অসুবিধা হয়?

  • তিয়ঁহ খেতি বাৰিষা কালতো কৰিব পাৰি যদিও বেছিকৈ বৰষুণ পালে খেতি নষ্ট হোৱাৰ সম্ভাৱনা থাকে। ৬-৭ দিন একেৰাহে বৰষুণ পৰিলে তিয়ঁহ খেতি নষ্ট হয়। এনে অৱস্থাত কলি ওলালেও তিয়ঁহ পচি যায়। বাৰিষা কালত তিয়ঁহত বেমাৰ-আজাৰ হোৱা বা পোক লগাৰ সম্ভাৱনা বেছি।

তিয়ঁহ খেতিৰ বাবে কেনে মাটি উপযোগী?

  • তিয়ঁহ খেতিৰ বাবে সাধাৰণতে পানী জমা নোহোৱা ওখ বালিচহীয়া মাটি উপযোগী। অৱশ্যে জৈৱিক সাৰ প্ৰয়োগ কৰি পলসুৱা বা আলটীয়া মাটিতো তিয়ঁহ খেতি কৰিব পাৰি।

তিয়ঁহ খেতিত কি সাৰ প্ৰয়োগ কৰিব?

  • তিয়ঁহৰ খেতিৰ বাবে বাছনি কৰা মাটিডোখৰ কেইবাবাৰো হাল-কোৰ মাৰি শেষৰবাৰ হাল মৰাৰ আগতে বিঘাই প্রতি ১২ কি:গ্রা: ইউৰীয়া ,৩৬ কি:গ্রা: একক চুপাৰ ফছফেট আৰু ১৬ কি:গ্রাম মিউৰেট অব পটাছ সাৰ প্রয়োগ কৰিব লাগে । অনুমোদিত সাৰৰ আধাভাগ ইউৰীয়া আৰু সম্পূর্ণ ভাগ চুপাৰ ফচফেট আৰু পটাছ সাৰ শেষৰবাৰ হাল বোৱাৰ সময়ত আৰু বাকী থকা আধাভাগ ইউৰীয়া (৬কি:গ্রাম) সাৰ পুলি গজাৰ ৩০ দিনৰ পিচত গছৰ গুৰিত প্রয়োগ কৰিব লাগে ।

কিমান দূৰত্বৰ ব্যৱধানত চাং লগাব?

  • তিয়ঁহ খেতি কৰিবলৈ চাং দিলে এটা শাৰীৰ পৰা আনটোৰ মাজৰ ব্যৱধান প্ৰায় ৪ ফুট হ’লে ভাল। এজোপা গছৰপৰা আন এজোপা গছৰ ব্যৱধানো ৩-৪ ফুট হ’ব লাগে।

তিয়ঁহত পোক লাগিলে কি কৰিব?

  • তিয়ঁহত পোক লাগিলে Malathion 50% EC কীটনাশক ব্যৱহাৰ কৰিব পাৰি

কি জাতৰ তিয়ঁহ লগালে বেছি লাভৱান হ’ব পাৰি?

  • লোকেল আৰু হাইব্ৰিড দুই জাতৰ তিয়ঁহ খেতি কৰিব পাৰি। ব্যৱসায়িকভাৱে হাইব্ৰিড তিয়ঁহ খেতিৰপৰা অধিক লাভৱান হ’ব পাৰি।

কিমান দামত বেপাৰীক তিয়ঁহ বিক্ৰী কৰিব?

  • খেতিয়কে বেপাৰীক ২০ টকা প্ৰতি কেজি পৰ্যন্ত তিয়ঁহ বিক্ৰী কৰিব পাৰে।

কেনে জলবায়ু তিয়ঁহ খেতিৰ বাবে উপযোগী?

  • অসমৰ জলবায়ু তিয়ঁহ খেতিৰ বাবে উপযোগী। ২৫-৩৫ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাৰ ভিতৰত তিয়ঁহৰ খেতি কৰিব পৰা যায়।

লগতে পঢ়কঃ তামুলপুৰৰ ডিমিলা নদীৰ পাৰত নাঙলৰ সিৰলুত কৃষকৰ সপোন

English Summary: Cucumber cultivation in assam
Published on: 25 December 2022, 12:16 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now