1. সফল কাহিনী

কেৰেলাৰ কলৰ ছুলতানে প্ৰশংসা কৰিলে অসমৰ জাহাজী কলক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
অসমৰ জাহাজী কলক প্ৰশংসা কলৰ চুলতানৰ
অসমৰ জাহাজী কলক প্ৰশংসা কলৰ চুলতানৰ

এই যে মানুহজন৷ তেওঁৰ ঘৰ কেৰালাৰ তিৰুৱনন্তপুৰমৰ উপকণ্ঠৰ এখন গাঁৱত৷ ৬০ বছৰীয়া মানুহজন পদাৰ্থ বিজ্ঞানৰ স্নাতক ৷ চাকৰি বিচাৰি হাবাথুৰি খোৱাৰ সলনি তেওঁ বাছি লৈছিল জীৱিকাৰ এক সেউজীয়া পথ৷ প্ৰায় তিনি একৰ পতিত মাটিত গঢ়ি তোলা এক বিশাল কলৰ সাম্ৰাজ্যৰ মুকুটবিহীন সম্ৰাট বিনোদ সহদেৱন নায়াৰ নামৰ মানুহজন৷ স্থানীয়ভাৱে সকলোৱে তেওঁক "ৱাঝাচেট্টাম" বুলি সম্বোধন কৰে৷ মালায়ালম ভাষাৰ এই শব্দটোৰ অৰ্থ হৈছে "কলৰ চুলতান"৷

প্ৰায় ৩০ বছৰ ধৰি তিল্‌তিল্‌কৈ গঢ়ি তোলা সহদেৱনৰ কলৰ বাগিচাখনত ৪৩০টা প্ৰজাতিৰ কল আছে৷ দেশী-বিদেশী প্ৰজাতিৰ বিধে বিধে কল৷ অসমৰ জাহাজীৰ পৰা কন্যাকুমাৰীৰ মনোৰঞ্জিথমলৈ কিমানবোৰ প্ৰজাতিৰে কলেই যে শোভা বঢ়াই আহিছে সহদেৱনৰ সেইখন অভিনৱ সাম্ৰাজ্যৰ৷ তদুপৰি আছে মালয়ছিয়া, অষ্ট্ৰেলিয়া, হাৱাই, হণ্ডুৰাছ আদিৰ পৰা সংগ্ৰহ কৰা ব্লু জাভা, ৰেড বানানা, লেডীজ ফিংগাৰ বানানা আদিৰ দৰে বিদেশী প্ৰজাতিৰ কলো৷ ইয়াৰে কিছুমান কল পাচলিৰ ৰূপতো গ্ৰহণ কৰিব পাৰি৷ আনকি মাছ-মাংসৰ ব্যঞ্জনত ব্যৱহাৰ কৰাৰ বাবেও উপযোগী সেইবোৰ প্ৰজাতিৰ কল৷

লগতে পঢ়ক- 

পানীৰ বাবে খেতি কৰিব নোৱৰাসকলৰ বাবে ভাবিব নোৱৰা কৃষি পদ্ধতি!

শেহতীয়াকৈ পিতৃৰ কান্ধত কান্ধ মিলাই কলৰ বাগিচাত আত্মনিয়োগ কৰিছে সহদেৱনৰ এম টেক ডিগ্ৰীৰে শিক্ষিত পুত্ৰয়ো৷ কেৱল কলৰ পৰাই উচ্চশিক্ষিত পিতা-পুত্ৰই মাহে লক্ষাধিক টকা উপাৰ্জন কৰে৷ কৃষিজাত আনবোৰ উৎপাদনৰ পৰা হোৱা আয়ো কম নহয়৷ শেহতীয়াকৈ তেওঁলোকে কলৰ পৰা সংসাধিত খাদ্য প্ৰস্তুত কৰা উদ্যোগ এটা আৰম্ভ কৰাৰ পৰিকল্পনাও গ্ৰহণ কৰিছে৷

কলৰ চুলতান বিনোদ সহদেৱন আৰু তেওঁৰ সন্তান
কলৰ চুলতান বিনোদ সহদেৱন আৰু তেওঁৰ সন্তান

আমাৰ পৰা বহু কিলোমিটাৰ নিলগত অচিনাকি পিতা-পুত্ৰই কলৰ খেতিৰে চলাই থকা বিপ্লৱৰ বিষয়ে এনেকৈ লিখিবলৈ মোৰ মন যোৱাৰ আঁৰতো অৱশ্যে এটা বিশেষ কাৰণ আছে৷ সুদীৰ্ঘ তিনিটা দশকে কলৰ খেতি কৰি অৰ্জন কৰা অমূল্য অভিজ্ঞতাৰে সমৃদ্ধ মানুহজনে অসমৰ জাহাজী কলক লৈ প্ৰকাশ কৰা অভিমতে মোক লিখিবলৈ বাধ্য কৰিলে৷ সহদেৱনৰ মতে, অসমৰ জাহাজী কলৰ সৈতে ফেৰ মাৰিব পৰা প্ৰজাতিৰ কল হেনো বিশ্বতে বিৰল৷ পোনপটীয়াকৈ ফল হিচাপে গ্ৰহণ কৰিব পৰা প্ৰজাতি হিচাপে এঠোক অসমীয়া জাহাজীত যিমানবোৰ কল লাগে, আন কোনো প্ৰজাতিৰ কলত সিমান বৃহৎ সংখ্যক কল পোৱা নাযায়৷ তদুপৰি অসমৰ জাহাজীৰ পুষ্টি গুণো আন বহু প্ৰজাতিকৈ উন্নত৷ সোৱাদো ব্যতিক্ৰমী৷ সেই সূত্ৰে এইবিধ কলৰ চাহিদা বজাৰত সৰ্বাধিক৷ কথাকেইষাৰ শুনি আশাৰ এচেৰেঙা পোহৰে চুই গ’ল মনটোক৷ তাহানিতে ককা-আইতাহঁতৰ মুখত শুনা কথা এষাৰো মনলৈ আহিল- মন কৰিলেই ছন, বাকৰি মাটিতো ধন৷

সংগ্ৰহ:-ৰঞ্জিত হাজৰিকাৰ দেৱালৰ পৰা

লগতে পঢ়ক- 

লোকচানৰ সন্মুখীন নহ’বলৈ নতুন কৃষকসকলে মন কৰক এইকেইটা কথা

English Summary: banana cultivation in Kerala by Sultan

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.