1. News

Pumpkin Export : মৰিগাঁৱৰপৰা নেপাললৈ ২৯ মেট্ৰিক টন ৰঙালাউ ৰপ্তানি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
29 tones Pumpkin Export to Nepal from Assam
29 tones Pumpkin Export to Nepal from Assam

মৰিগাঁও জিলাৰ কৃষক ৰাইজৰ লগতে অসমৰ কৃষি খণ্ডৰ বাবে এক অত্যন্ত উৎসাহজনক খবৰ। মৰিগাঁও জিলা কৃষি কাৰ্যালয়ৰ অধীনস্থ ৰজামায়ং কৃষি চক্ৰৰ অন্তৰ্গত প্ৰগতিশীল কৃষকসকলৰদ্বাৰা উৎপাদিত ৰঙালাউ বিহাৰ সীমান্তৰে, স্থলপথেৰে নেপাললৈ ৰপ্তানি কৰা হয়। বিগত বৰ্ষৰ শেষৰ আৰু চলিত বৰ্ষৰ প্ৰথমফালে মৰিগাঁও জিলাৰ ৰজামায়ং কৃষি চক্ৰৰ অধীনৰ শিলডুবিত প্ৰায় ৩০ বিঘা, গৰুবন্ধাত ৩৫ বিঘা, আশিগড়ত ৫০ বিঘা, গৰৈমাৰীত ৩০ বিঘা আৰু মৰিসুতিটুপ গাঁৱত ৩৫ বিঘা ভূমি সামৰি প্ৰায় ১৮০ বিঘা কৃষিভূমিত একাংশ প্ৰগতিশীল কৃষকে জিলা কৃষি বিভাগৰ উদ্যোগত ৰঙালাউৰ খেতি কৰিছিল। উল্লিখিত কৃষিভূমিত উতপাদন হোৱা ৰঙালাও শেহতীয়াকৈ বিদেশৰ বজাৰলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে মৰিগাঁও জিলাৰ কৃষকসকল।

শনিবাৰে  জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ উপস্থিতিত প্ৰায় ২৯ মেট্ৰিক টন ৰঙালাও অসমৰ পৰা বিহাৰ সীমান্তৰে নেপাললৈ ৰপ্তানি কৰা হয়। ১৮০ বিঘা মাটিত একাংশ প্ৰগতিশীল কৃষকে জিলা কৃষি বিভাগৰ উদ্যোগত ৰঙালাওৰ খেতি কৰি উৎপাদিত ৰঙালাও বিদেশলৈ বজাৰলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে। মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আৰম্ভ কৰা ৰঙালাও খেতিয়ে স্থানীয় তথা অসমৰ বজাৰত সমাদৰ লাভ কৰাৰ পিছতেই কৃষক সকলে উৎপাদিত ৰঙালাও বিদেশৰ বজাৰলৈ ৰপ্তানি কৰি আনন্দ প্ৰকাশ কৰাৰ লগতে ৰঙালাও খেতিৰ দ্বাৰা অধিক স্বাৱলম্বী হ'ব পাৰিব বুলি মত প্ৰকাশ কৰে। ইয়াৰ লগতে ৰঙালাও ৰপ্তানিৰ দ্বাৰা ৰাজ্যখনৰ কৃষি অৰ্থনীতিত এক নতুন বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হ'ব বুলি কৃষক সকল দৃঢ় বিশ্বাসী।

লগতে পঢ়ক- 

এইবাৰ ধান নোহোৱা এবিঘা মাটিত ১৫০ জোপা কাচকলৰ খেতি কৰক

উল্লেখ্য যে অসমৰ কৃষকেও শেহতীয়াকৈ বিগত দুই-তিনি বছৰত কৃষি ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। আৰু ভাৰতৰ দুই এখন ৰাজ্যৰ লগতে চৌদি আৰৱ, আমেৰিকা আদি দৰে দেশতো অসমৰ কৃষকৰ শস্যই স্থান পাবলৈ সক্ষম হৈছে। শেহতীয়াকৈ অসমৰ ভোট জলকীয়া, নেমু, বৰা চাউল, কলা চাউল, বাও চাউল আদিয়ে এই বিদেশৰ লোকৰ মাজত সমাদৰ পাইছে। নিসন্দেহে এয়া অসমৰ কৃষকৰ বাবে গৌৰৱৰ বিষয়। ভৱিষ্যত দিনত অসমৰ কৃষকসকলৰ এই দিশৰ পৰা আশাৰ দিন আহি আছে বুলিব লাগিব। আৰু বিদেশৰ বজাৰখন বিস্তাৰ কৰিবলৈ আমাৰ কৃষক আৰু বিভাগীয় বিষয়াসকলে পদক্ষেপ আৰু পৰিকল্পনা হাতত ললে নিশ্চিতভাৱে আমি লাভান্বিত হ’ব পাৰিম।

অসমৰ বস্তুৰ বিদেশত চাহিদাৰ মূলতে আমাৰ কৃষকসকলে জৈৱিক খেতিৰ ওপৰত গুৰুত্ব দিয়ে। গতিকে ভৱিষ্যত দিনবোৰক আগত ৰাখি আমাৰ কৃষকসকলে জৈৱিক দিশটোক অত্যন্ত গুৰুত্ব দিব লাগিব। কাৰণ জৈৱিক বা প্ৰাকৃতিক খেতিকেই সাৰথি কৰি আগবাঢ়িলে নিশ্চিতভাৱে আমাৰ কৃষকসকল এদিন সফলতা শিখৰত আৰোহন কৰিব পাৰিব।

লগতে পঢ়ক- 

Moran Ginger : মাৰ্চ-এপ্ৰিল মাহতে এইবাৰ দুই এবিঘা মাটিত কৰক মৰাণ আদাৰ খেতি

English Summary: 29 tones Pumpkin Export to Nepal from Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.