1. সফল কাহিনী

Beharbari Outpost : সকলোৰে চিনাকী মণিবৌৰ আছে আন এক পৰিচয়

PANKAJ KHANIKAR
PANKAJ KHANIKAR

ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে বহিঃৰাষ্ট্ৰলৈও অসমৰ থলুৱা সামগ্ৰী যোগান ধৰা এটি ক্ষুদ্ৰ উদ্যোগ হ'ল মণি বৌৰ 'অঙঠা'৷ ২০১৯ চনত মণি বৌ খ্যাত অভিনেত্ৰী পাপৰি বৰা আৰু তেখেতৰ স্বামী বাবাটো বৰুৱাই এই ক্ষুদ্ৰ উদ্যোগটি প্ৰতিষ্ঠা কৰি আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছিল। বিভিন্ন ধৰণৰ আচাৰ, চাউল, হালধি, জালুক আদিৰ সামগ্ৰী বিক্ৰীৰ জৰিয়তে 'অঙঠা'ই গ্ৰাহকৰ যথেষ্ট সমাদৰ পাইছে। এই ক্ষুদ্ৰ উদ্যোগটোৰ উৎপাদিত সামগ্ৰী ভাৰতৰ বাহিৰলৈও ৰপ্তানি হৈছে, যাৰ ফলত অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্ত আৰু বহিঃৰাষ্ট্ৰত থকা লোকসকলে অঙঠাৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছে৷ কথাৰে নহয় কামেৰে নিদৰ্শন দাঙি ধৰা দম্পতিহাল আমাৰ সমাজৰ সম্পদ।

এগৰকী সু-অভিনেত্ৰীৰ সমান্তৰালভাৱে আচাৰ প্ৰস্তুত কৰাতো পাকৈত বেহাবাৰী আউটপষ্টৰ মণিবৌ খ্যাত পাপৰি বৰা। সম্পূৰ্ণ ঘৰুৱা সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে তৈয়াৰী কৰা আচাৰ আৰু থলুৱা সামগ্ৰী মণি বৌ হাতৰ পৰশত প্ৰাণ পাই উঠে। বিগত ৪ বছৰে অঙঠাৰ পৰিয়াল আৰু মণিবৌৰ বাবেই বিদেশত থাকিও অসমীয়া খাদ্যৰ সোৱাদ লৈ আহিছে প্ৰবাসী অসমীয়াই। সম্প্ৰতি মণিবৌৰ অঙঠাৰ পৰাই অসমৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে দিয়া সমান্তৰালভাৱে বহিঃৰাজ্য বাংগালোৰ, হায়দৰাবাদ, অন্ধ-প্ৰদেশ, দিল্লী, গুজৰাট, পাঞ্জাৱ, কেৰেলা, জম্মু-কাশ্মীৰ, চেন্নাই, মুম্বাই আদি ৰাজ্যলৈ DTDC India কুৰিয়া দ্ধাৰা পঠিওৱা হয়।

সম্প্ৰতি এই আদৰ্শ দম্প্ৰতি শালে আৰম্ভ কৰা অঙঠাই ৰাজ্যৰ বহু নিৱনুৱা যুৱক-যুৱতীক সংস্থাপন দিছে। অঙঠাৰ সন্দৰ্ভত পাপৰি বৰাৰ স্বামী বাবাটো বৰাই কয়- ‘’  উদ্দেশ্য আছিল নিজৰ লগতে আন কেইবাজনকো প্ৰত্যক্ষ বা পৰোক্ষভাবে স্বাৱলম্বী কৰা। আৰু তাৰে কেইবাজনক হ’লেও আজি কিবা এটা সহায় কৰি আত্মনিৰ্ভৰশীলতাৰ বাট দেখুৱাব পাৰিছোঁ বুলি দাঠি ক’ব পৰা হৈছো । সহায়ক হিচাপে থকা কেইজনেও বৰ সুন্দৰকৈ আগুৱাই নিছে তাৰ বাবে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ ।’’

কিবা এটা কৰিবলৈ গ'লে তিতা-মিঠা অভিজ্ঞতা দুয়োটাই থাকে। এই তিতা-মিঠা অভিজ্ঞতা সন্দৰ্ভত বাবাটো বৰাই কয়- ৪ বছৰত তিতা মিঠা বহু অভিজ্ঞতা হ’ল যদিও মিঠা অভিজ্ঞতাবোৰে বৰ আনন্দ দিয়ে, যেনে- দিল্লীৰ মানুহগৰাকীয়ে যেতিয়া ক’ব তোমাৰ বাবেই এই সোৱাদ পালোঁ অসমৰ। হাইদৰাবাদৰ অসমীয়া গ্ৰাহকজনে যেতিয়া ক’ব সান্দহ গুৰি, ভূত জলকীয়া আপোনালোকে আমালৈ পঠিয়াই যি সোৱাদ দি আছে অসমত থকাৰ দৰেই লাগে । তিতা অভিজ্ঞতা বোৰ যে কেতিয়াবা মনটো ভাঙি দিয়ে যদিও নিজৰ লগতে আমাৰ দ্বাৰা স্বাৱলম্বী হোৱা ভাই ককাই বোৰৰ কথা চিন্তা কৰি আকৌ সবল হওঁ । মনৰ দুখবোৰ দেখুৱাই নিদিওঁ, যিহেতু মই সকলো সময়তে পজিটিভ হৈ থাকি ভালপাওঁ ।’

উল্লেখ্য যে অঙঠাই অসমৰ নিৱনুৱা যুৱক-যুৱতীসকলক সংস্থাপন দিয়াই নহয় অঙঠাৰ আদৰ্শক সন্মুখতলৈ আগবাঢ়ি যাবলৈ প্ৰেৰণা দিছে। সম্প্ৰতি ৰাজ্যত ওপৰলৈ বল এটা মাৰি পঠিয়ালে বলটো উভটি আহি এজন নিৱনুৱাৰ ওপৰতে পৰিব। এনে এক প্ৰেক্ষাপটত যুৱক-যুৱতীসকলে হাত-সাৱতি বহি নাথাকি পাপৰি বৰা বাবাটো বৰাৰ দৰে কামবোৰ কৰিব পাৰে। লগতে এইক্ষেত্ৰত বিভিন্নক্ষেত্ৰৰ সফল ব্যক্তিসকলে অকণমান নেতৃত্ব ল’লেই বহু নিৱনুৱাই সংস্থাপন পাব। ইফালে, বৰ্তমান সময়ত থলুৱা আৰু ঘৰুৱা খাদ্যসামগ্ৰীৰ চাহিদা বাঢ়িছে বজাৰত। শেষত এটাই অনুৰোধ- অসমৰ এই থলুৱা সামগ্ৰীৰ বজাৰখন বহিঃৰাগতৰ হাতলৈ যাবলৈ নিদি অসমৰ অসমীয়া হাতত ৰখাৰ চেষ্টা কৰক।

English Summary: A another identity of Manibau

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.