1. News

Morel mushroom : কাশ্মীৰ এই কাঠফুলা বিধৰ এক কেজিৰ দাম ২০-২৫ হাজাৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Morel mushroom
Morel mushroom

অতি উচ্চ মূল্যৰ খাদ্য সামগ্ৰীৰ ভিতৰত Morel mushroom বা গুচ্ছি অন্যতম৷ ইয়াৰ বৈজ্ঞানিক নাম Morchella esculenta জম্মু-কাশ্মীৰৰ ডোডা জিলাত স্থানীয় ভাষাত "ঠুন্ঠু" বোলা হয়৷ সাধাৰনতে অনলাইন স্বপিংত Kasmiri morel এই অধিক পোৱা যায়৷

অধিক উচ্চতাৰ শীতপ্ৰধান জঙ্ঘলত প্ৰাকৃতিক ভাৱেহে উপলব্ধ গুচ্ছি মাশৰুম এতিয়া বন্ধ কোঠাতো উৎপাদন সম্ভৱ হৈ পৰিল৷ মাশৰুম অনুসন্ধান নিৰ্দেশালয় (DMR) এ বিগত পাঁচ বছৰৰ গৱেষণাত সফলতা লাভ কৰিছে৷ প্ৰাকৃতিক আৰু বন্ধ কোঠাত উৎপাদিত গুচ্ছি মাশৰুমৰ পৌষ্টিকতা আৰু ঔষধী গুণাগুণো সমানেই উপলব্ধ হৈছে৷ অন্তিম গৱেষণাত গুচ্ছিৰ পৰ্যাপ্ত আৰু বাণিজ্যিক ভাৱে সফল উৎপাদন পোৱা গৈছে৷

লগতে পঢ়ক- 

নিৰ্বাচনত ভোট বিচাৰি অহা প্ৰতিনিধিসকলক এজন কৃষক হিচাপে আপোনাৰ ভোটৰ বিনিময়ত কি বিচাৰিব

শীত প্ৰধান অঞ্চলৰ জঙ্ঘলত সাধাৰণতে প্ৰাকৃতিক গুচ্ছি উৎপাদিত হয়৷ এই গুচ্ছি ২৫/৩০ হাজাৰ টকা প্ৰতি কিলো দৰত বিক্ৰী হয়৷ গুচ্ছিৰ ৰপ্তানি চাহিদাও উচ্চ মানৰ৷ DMR ৰ নিৰ্দেশক ড° অনিল কুমাৰৰ মতে ইন্দোৰৰ দেৱনাৰ, কায়ল আদি জঙ্ঘলৰ ছয় হাজাৰ ফুটৰো অধিক উচ্চতাত প্ৰাকৃতিক গুচ্ছি উপলব্ধ হৈছিল৷ সেইবোৰ অঞ্চলৰ পৰা স্থানীয় লোকে গুচ্ছি সংগ্ৰহ কৰি বজাৰত বিক্ৰী কৰি নিজৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিছিল৷ ইয়াৰ খেতি কৰিব পৰাটো সম্ভৱ হোৱা নাছিল কাৰন ইয়াৰ বীজ বিকশিত কৰিব পৰা হোৱা নাছিল৷ বৰ্তমান DMR বীজ আৰু গুচ্ছি উৎপাদনত সফল হৈছে৷

ৰোগ প্ৰতিৰোধক গুচ্ছিত ভিটামিন ডি,চি,কে,আয়ৰণ, কপাৰ, জিংক আৰু ফচফৰাচ উচ্চ মাত্ৰাত উপলব্ধ৷ ইয়াৰ সেৱনে গাঁঠিৰ বিষ, থাইৰয়েড,বনহেল্থ, মানসিক চাপ, লাঘব কৰে৷ হৃদৰোগ আৰু শৰীৰৰ আঘাত নিৰাময়তো সহায়ক হয়৷

গুচ্ছি গৱেষণাৰ এই সফলতাৰ বাবে হিমাচল প্ৰদেশৰ চোলান স্থিত মাশৰুম অনুসন্ধান নিৰ্দেশালয়ৰ নিৰ্দেশক ড° বি.পি. শৰ্মাই বৈজ্ঞানিক সকলক অভিনন্দন জনাইছে৷

(লেখাটো Jogesh Das ৰ ফেচবুক পেজৰ পৰা সংগৃহীত)

লগতে পঢ়ক- 

New Farming Technique : বোকা-পানী, ৰ’দ-বৰষুণ নলগাকৈ এই পদ্ধতিৰে খেতি কৰক

 

English Summary: Morel mushroom Now Not Nutural

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.