1. সফল কাহিনী

৮ বছৰ পূৰ্বে খেতি পথাৰত নমা লক্ষ্য দাবাছৰ বৰ্তমান ৮ কোটি টকাৰ ব্যৱসায়

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Success story of progressive millionaire farmer Lakshay Dabas
Success story of progressive millionaire farmer Lakshay Dabas

প্ৰায় এটা দশক ধৰি জৈৱিক কৃষি আৰু প্ৰাকৃতিক কৃষিৰ সৈতে জড়িত হৈ আছে দিল্লীৰ জাট খোৰৰ বাসিন্দা লক্ষ্য দবাছ। যিসময়ত আমাৰ অধিকাংশ কৃষকে ৰাসায়নিক সাৰৰ বিনে খেতি-পথাৰত লাভ নাই বুলি ভাবিবলৈ ধৰিছে তেনে সময়তে কৃষকগৰাকীয়ে জৈৱিক খেতিকে সাৰথি কৰি সফলতা লাভ কৰিছে। তেওঁ বিভন্নধৰণৰ ঔষধি  শস্য, ফল-মূল, ঘেঁহু আৰু ধানৰ দৰে শস্যৰ খেতি কৰে। তেওঁৰ এখন কুকুৰাৰ পামো আছে য’ত তেওঁ হাঁহ-কুকুৰা পালন কৰে। তদুপৰি তেওঁ খাদ্য প্ৰক্ৰিয়াকৰণৰ কামো কৰে। কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁলোকৰ পৰিয়ালৰ ১৩ একৰ ব্যক্তিগত মাটি আছে য’ত তেওঁলোকৰ কৃষিফাৰ্মখন অৱস্থিত।

তেওঁ কয় যে তেওঁৰ সৈতে হাজাৰ হাজাৰ কৃষক জড়িত। এই কৃষকসকলৰ পৰা লক্ষ্য দাবাসে বহু সময়ত শস্য ক্ৰয় কৰে আৰু তেওঁৰ পৰাও এই কৃষকসকলে বীজ, পুলি, সংসাধিত বা প্ৰক্ৰিয়াকৰণ কৰা সামগ্ৰীসমূহ ক্ৰয় কৰে। বৰ্তমান তেওঁ খেতিৰ সমান্তৰালভাৱে খাদ্য সংসাধন, শস্যৰ বিপণন আৰু লগতে কৃষকসকলক কৃষিৰ প্ৰশিক্ষণ প্ৰদান কৰে। খেতিৰ সমান্তৰালভাৱে লক্ষ্য দাবাছৰ এটা ইউটিউব চেনেল আছে। তেওঁ এই ইউটিউব চেনেলটোৰ জড়িয়তে কৃষকসকলৰ মাজত খেতি সম্বন্ধীয় তথ্য যোগান ধৰে। বৰ্তমান তেওঁৰ ইউটিউব চেনেলটোত কেইবাহাজাৰ চাবচক্ৰাইবাৰ আছে। ইউটিউব চেনেলটোৰ জড়িয়তে কৃষক লক্ষ্য দাবাছে কৃষকসকলৰ লগতে গ্ৰাহকসকলৰ লগত সম্পৰ্ক ৰাখে। থিক ধৰি লওঁক আমাৰ অসমৰ কৃষক ধনীৰাম চেতিয়াৰ দৰে।

কৃষি জাগৰণৰ জ্যেষ্ঠ সাংবাদিক বিবেক কুমাৰ ৰায়ৰ সৈতে হোৱা কথা-বতৰাত প্ৰগতিশীল কৃষক লক্ষ্য দাবাছে কয় যে কৃষি খণ্ডত তেওঁৰ যাত্ৰা ২০১৬ চনৰ পৰাই আৰম্ভ হৈছিল। ইয়াৰ আগতে তেওঁৰ খেতিৰ বিষয়ে বিশেষ জ্ঞান নাছিল। দেউতাই চৰকাৰী চাকৰিৰ লগতে ২০০০ চনৰ পৰা প্ৰাকৃতিক খেতি কৰি আছিল। লক্ষ্য দাবাছে দেউতাকৰ পৰা দেখি শুনিয়েই ২০১৬ চনত খেতি আৰম্ভ কৰিছিল। দুবছৰ পিছত জ্যেষ্ঠ ভাতৃৰ সফলতা দেখি ভাতৃ মৃণাল দাবাছেও ককায়েকৰ লগত প্ৰাকৃতিক কৃষিত যোগ হয়। ২০২৩ চনত তেওঁলোকে ইউটিউব চেনেলটোৱে আত্মপ্ৰকাশ কৰে। তাৰ পাছত আৰু তেওঁলোকে উভটি চাব লগা হোৱা নাই । আজি লাখ লাখ মানুহে তেওঁলোকৰ ইউটিউব চেনেল Organic Acre ৰ সৈতে সংযুক্ত হৈ আছে। আৰু চেনেলটোৰ জৰিয়তে হাজাৰ হাজাৰ যুৱক-যুৱতীক প্ৰশিক্ষণ দিছে। কৃষক লক্ষ্য ডাবাছে জানিবলৈ দিয়া মতে, তেওঁলোকে প্ৰশিক্ষণ দিয়া বহু যুৱক বৰ্তমান একোজন সফল কৃষক। বৰ্তমানলৈ তেওঁলোকে ৩০ হাজাৰ যুৱক-যুৱতীক প্ৰাকৃতিক কৃষিৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।

কৃষি জাগৰণৰ জৰিয়তে কৃষক সকলক বাৰ্তা প্ৰদান কৰি লক্ষ্য দাবাছে কয়- মই সকলোকে কওঁ যদি আপুনি খেতি কৰি আহিছে, তেন্তে আমাৰ লগত অনলাইন যোগদান কৰি খেতিৰ নতুন কৌশল আৰু পদ্ধতি শিকিব পাৰিব। একে সময়তে যদি আপুনি খেতিৰ বিষয়ে বিতংভাৱে জানিব আৰু বুজিব বিচাৰে তেন্তে আমাৰ ফাৰ্মখন চাব পাৰে। বছৰ বছৰ ধৰি ভুলৰ পৰা আমি যি শিকিছো, কিছু সময়ৰ ভিতৰত আপুনি শিকিব পাৰিব। তেওঁ কয় যে কৃষকৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল তেওঁলোকে কৃষিক ব্যৱসায় হিচাপে নেদেখে। আনহাতে, খেতি কৰাটো এটা লাভজনক ব্যৱসায়। ইয়াৰ উপৰিও তেওঁ আৰু কয় যে শস্যৰ বিপণনৰ অভাৱো কৃষকৰ বাবে এক ডাঙৰ সমস্যা। কাৰণ, প্ৰাকৃতিক পদ্ধতিৰে প্ৰস্তুত কৰা সামগ্ৰীৰ বজাৰ বৰ থিক নহয়। এনে পৰিস্থিতিত চৰকাৰে এই দিশত কিছু পদক্ষেপ লোৱা উচিত।

লগতে পঢ়ক- 

বায়'ফ্লক পদ্ধতিৰে মাছ পালন কৰক ৬ ফুট গোলাকাৰৰ এটা টেংকিতে

English Summary: Success story of progressive millionaire farmer Lakshay Dabas

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.