1. অন্যান্য

Floating Gardening : পানীৰ বাবে খেতি কৰিব নোৱৰাসকলৰ বাবে ভাবিব নোৱৰা কৃষি পদ্ধতি!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Floating Gardening Practice in Bangladesh
Floating Gardening Practice in Bangladesh

আমি বাংলাদেশী মিঞাৰ বিৰুদ্ধাচৰণ কৰি চিঞৰ বাখৰ কৰি থাকোঁতেই দিন গৈছে! মিঞাৰ Floating Gardening Practice চাওঁক। অসমৰ বহু অঞ্চলৰ কৃষকে পানী অধিক হোৱাৰ বাবে খেতি কৰিৱ নোৱাৰো বুলি কৈ থাকে, তেওঁলোকেও যদি এই Technic তো আকোঁৱালি লয় তেনেহ'লে agri Sector ত বাংলাদেশৰ দৰে সুফল পাবলৈ সক্ষম হ’ব।

পানীত জিকাৰ খেতি
পানীত জিকাৰ খেতি

আহকছোন, সদাই মিঞাৰ বিৰুদ্ধাচৰণ কৰি থকাৰ সলনি তেওঁলোকৰ পৰা শিকিৱ লগীয়াবোৰ শিকি লও। কিছুদিনৰ আগতে এজন কৃষকে তেখেতৰ মাটিদৰাত সোমোৱা বানৰ পানীত বাগৰি কন্দা এটা ভিডিও ভাইৰেল হৈছিল ৷ উত্তৰ নাই আমাৰ কৃষি বিভাগৰ হাতত ৷ হয়তো এইগতিত থাকিলে অহা এক দশকতো তাৰ উত্তৰ নাহিব। ইয়াৰ সমিধান বিচাৰি চাই থাকোতে বাংলাদেশৰ এই কৃষি পদ্ধতিত চকু পৰিল। বিশ্বৰ প্ৰান্তে প্ৰান্তে আজি বাংলাদেশত উৎপাদিত কৃষিজাত উৎপাদন ৰপ্তানি হয় ৷ কাৰন কৃষিত এক বৈপ্লৱিক পৰিবৰ্তন আনিছে বাংলাদেশীয়ে ৷ GDPবৃদ্ধিৰ শতকৰা হাৰ ভাৰততকৈ উন্নত ৷ কাৰন এই ফটোত দেখুওৱা বোৰেই ৷ কৃষিৰ সহজাত , উন্নত আৰু কমখৰছী পদ্ধতিৰ উদ্ভাৱন আৰু সেই পদ্ধতিক সাধাৰন কৃষকৰ মাজলৈ লৈ যাবলৈ সক্ষম হৈছে তাৰ চৰকাৰ আৰু বৈজ্ঞানিক সকল।

লগতে পঢ়ক- 

Swamp eel Farming : কম খৰচত কুচিয়া মাছ পালনৰ নতুন পদ্ধতি

Floating Gardening
Floating Gardening

এতিয়া তাৰ মাটিত কৃষি কৰিয়েই ক্ষান্ত থকা নাই তাৰ কৃষক ৷ অধিক উৎপাদন আৰু মুনাফাৰ কাৰনে কৃষকে খেতি কৰিব লৈছে পানীত ৷ হাইড্ৰপনিক ? ওহোঁ ... কৃষিত ইমান খৰছী কাৰবাৰ কোনে কৰে ? ইমান টকা খৰছ কৰাৰ প্ৰয়োজনো নাই ৷ কম খৰছত অধিক উৎপাদন মন্ত্ৰেৰে তাৰ কৃষকে লৈছে স্থানীয় টেকন’লজি। পানীৰ মেটেকা, ঘাঁহ বন পানীৰ ওপৰতে দমাই তৈয়াৰ কৰি লৈছে ভাসমান কৃষি উপযোগী floating bed ৷ পানীৰ ওপৰত বনাই লৈছে লাও, জিকাৰ চাং ৷

অসমৰ কৃষকসকলেও এনেদৰে কৰিব পাৰে
অসমৰ কৃষকসকলেও এনেদৰে কৰিব পাৰে

বান আহিলেয়ো চিন্তা নাই, পানীৰ স্তৰ বাঢ়িলেও ই ভাঁহি থাকিব। লাখ টকা খৰছ কৰি বনোৱা hydroponicsতকৈ কেইশমান খৰছ এই floating bed বনোৱাটো অসমৰ কাৰনে অধিক উপযোগী, মোৰ ধাৰনা ৷ তাতে এই ধৰনৰ bedত কোনো ৰাসায়নিক সাৰ, pesticide বা জলসিঞ্চনৰ প্ৰয়োজন নাই ৷ নাই ট্ৰেক্টৰৰ বা হালবোৱাৰ খৰছ নাই ৷ এই উৎপাদন হ’ব ১০০শতাংশ Naturally organic।

লেখক- ধ্ৰুৱজ্যোতি অৰ্জুন

লগতে পঢ়ক- 

মাটি অবিহনে বতাহতে আলু খেতি কৰি ১০ গুণ বেছি উপাৰ্জন কৰক

English Summary: Floating Gardening Practice in Bangladesh

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.