1. এগ্ৰিপেডিয়া

KVK Golden jubilee Celebration : পুডুচেৰীত কৃষি বিজ্ঞান কেন্দ্ৰৰ সোণালী জয়ন্তী উদযাপন

KJ Staff
KJ Staff
Golden jubilee celebration of KVKs at Krishi Vigyan Kendra Puducherry
Golden jubilee celebration of KVKs at Krishi Vigyan Kendra Puducherry

আজি ভাৰতবৰ্ষৰ কৃষি বিজ্ঞান কেন্দ্ৰই ৫০ বছৰ অতিক্ৰম কৰিলে। ৫০ বছৰ অতিক্ৰম কৰাৰ উপলক্ষ্য আজি  ৰাষ্ট্ৰীয় পৰ্যায়ত পুডুচেৰীৰ পেৰুন্থলাইভাৰ কামৰাজ কৃষি বিজ্ঞান কেন্দ্ৰত কেভিকেৰ সোণালী জয়ন্তী উদযাপন কৰা হয়। অনুষ্ঠানটোত KVKৰ ৫০ বছৰীয়া যাত্ৰাৰ স্মৃতি, কামৰ খতিয়ান, সংকল্প আদি সন্দৰ্ভত আলোকপাত হয়।

প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটোত সোণালী জয়ন্তী উদযাপনত ড° শৰৎ চৌহানে (আই এ এছ, মুখ্য সচিব, চৰকাৰ, পুডুচেৰী) মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আনহাতে, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডাঃ ইউ. এছ. গৌতম, (ডিডিজি, কৃষি সম্প্ৰসাৰণ, আইচিএআৰ), এ. নেডুনচেঝিয়ান (আই.এ.এছ, চৰকাৰ সচিব, কৃষি, পুডুচেৰী) ড° সঞ্জয় কুমাৰ সিং (ডিডিজি, উদ্যান শস্য), ড° এছ. বসন্তকুমাৰ (পুডুচেৰী চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ সঞ্চালক), ড° ভি গীতালক্ষ্মী (টিএনএউৰ উপাচাৰ্য, কইম্বাটুৰ) আৰু  ড° এ.কে. সিং (আৰ এল বি চি এ ইউ, ঝান্সী, উপাচাৰ্য) উপস্থিত থাকে।

ভাৰতবৰ্ষৰ কৃষি বিজ্ঞান কেন্দ্ৰই সম্প্ৰতি ৫০ বছৰ অতিক্ৰম কৰিছে। এই ৫০ বছৰীয়া যাত্ৰাৰ সন্দৰ্ভত বিশিষ্ট অতিথি ড০ এছ. বসন্ত কুমাৰে কয়- আজি সমগ্ৰ দেশতে ৭৩১টা কেভিকে কেন্দ্ৰ আছে, যিবোৰে কৃষি প্ৰযুক্তিৰ বাবে গুৰুত্বপূৰ্ণ জ্ঞান সম্পদ কেন্দ্ৰ হিচাপে কাম কৰি আছে। কৃষকসকলক সেৱাৰ জৰিয়তে কৃষি অৰ্থনীতিলৈ আমুল পৰিৱৰ্তন আনিছে।

লগতে পঢ়ক- 

Turmeric Farming : এইবাৰ বাম মাটি এক-দুই বিঘাত হালধি খেতি কৰক

ইফালে, ভাষণত ডাঃ ইউ. এছ. গৌতম ( Deputy Director General (Agril. Extension) ICAR) এ  বিগত ৫০ বছৰে দেশৰ কৃষিখণ্ডত কেভিকেৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰি তেওঁ কয়-  কেভিকে জিলা পৰ্যায়ত মিনি বিশ্ববিদ্যালয়ৰ দৰে, যিবোৰ পৰীক্ষাগাৰেৰে সজ্জিত আৰু দক্ষতা কেন্দ্ৰ হিচাপে কাম কৰে। লগতে তেওঁ কয় যে, কেভিকে গ্ৰাম্য যুৱক-যুৱতী আৰু মহিলাসকলক সবলীকৰণৰ বাবে সুবিধা প্ৰদান কৰে, যাতে তেওঁলোকে ষ্টাৰ্টআপ, কৃষক উৎপাদক সংস্থা (এফপিঅ’) স্থাপন কৰি কৃষকৰ বৃদ্ধিত অৰিহণা যোগাব পাৰে। ভাষণতে তেওঁ কয়- আগন্তুক দুবছৰ দেশত নতুনকৈ আৰু ১২১ টা কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপন কৰা হ’ব।

উল্লেখ্য যে কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটোত বিশিষ্ট ব্যক্তিসকলে বিগত ৫০ বছৰত কৃষি বিজ্ঞান কেন্দ্ৰসমূহে কৃষকৰ বাবে কৰি অহা কামৰ শলাগ লয়। আৰু আগন্তুক দিনত তেওঁলোকক এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ আহ্বান জনায়।

লগতে পঢ়ক- 

নিৰ্বাচনত ভোট বিচাৰি অহা প্ৰতিনিধিসকলক এজন কৃষক হিচাপে আপোনাৰ ভোটৰ বিনিময়ত কি বিচাৰিব

English Summary: KVK Foundation Day Celebration in Pudussery

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.