1. অন্যান্য

নিৰ্বাচনত ভোট বিচাৰি অহা প্ৰতিনিধিসকলক এজন কৃষক হিচাপে আপোনাৰ ভোটৰ বিনিময়ত কি বিচাৰিব

PANKAJ KHANIKAR
PANKAJ KHANIKAR

আহি আছে আগন্তুক লোকসভা নিৰ্বাচন। ইতিমধ্যে আৰম্ভ হৈছেই জনপ্ৰতিনিধিসকল জনতাৰ কাষলৈ যোৱা। আমাৰ ভোটাৰসকলে এইবাৰ জনপ্ৰতিনিধিসকলক প্ৰশ্ন কৰক- তেওঁলোকক আপোনালোকে কি কাৰণে ভোট দিব! আপোনালোকে হয়তো জানে আপোনালোকৰ ভোটটোৰ মূল্য কিমান! আপোনাৰ ভোটটোৰ ওপৰত ৫ বছৰৰ বাবেই নহয় ই দেশৰ ভৱিষ্যতো নিৰ্ভৰ কৰিব। আমাৰ পাঠকসকল- আপোনালোকলৈ মোৰ এটা প্ৰশ্ন। এজন কৃষক হিচাপে আপুনি অনাগত ৫ বছৰত আপোনাৰ ভোটটোৰ বিনিময়ত কি বিচাৰিব! আপোনালোকে কমেন্ট বক্সত জনাব।

এজন কৃষকৰ পুত্ৰ হিচাপে মই নিজেই আহিবলগীয়া চৰকাৰখনৰ পৰা দাবী কৰিম-

১। অসমৰ কৃষি পথাৰত বছৰত তিনিটা শস্যৰ খেতিৰ ব্যৱস্থা কৰা।

২। অসমৰ পথাৰসমূহত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ দাবী জনাম।

৩। কৃষক সমস্যাত পেলাই অহা বান্দৰ আৰু উদঙীয়া গৰুৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাম।

৪। কৃষকৰ বাবে অহা আঁচনিসমূহ নেতা-পালিনেতা আৰু তেওঁলোকৰ অঙহী-বঙহীৰ সলনি প্ৰকৃত কৃষকে পাবৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই প্ৰশ্ন কৰিম।

৪। কৃষকক সমস্যাত পেলোৱা বানপানী ৰোধৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব।

৫। কৃষকৰ বাবে মৌজা পৰ্যায়ত শীতল ঘৰ স্থাপন কৰিবলৈ আপোনালোকে পাৰিব নে! যিদৰে মদৰ দোকানসমূহ বনোৱা হৈছে।

৬। দুখীয়া কৃষকে ঋণ পাবৰ বাবে হাজাৰবাৰ অফিচ কাছাৰি, বেংকলৈ যাব লগা হয়। ইয়াৰ বাবে আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিব।

লগতে পঢ়ক- 

ধান খেতি ভাগ্য পৰীক্ষা নহয়, ভাল ফল পাবলৈ গুৰুত্ব দিব লাগিব এইবোৰ কথাত

ওপৰত উল্লেখ কৰা প্ৰশ্নকেইটা এজন কৃষকৰ পুত্ৰ হিচাপে মই জনপ্ৰতিনিধিসকলক প্ৰশ্ন কৰিম। কিন্তু জনপ্ৰতিনিধিসকলে আপোনালোকক এটা মদৰ বটল, ইলেকচনৰ আগৰ দিনা ৫০০ টকা দি আপোনাৰ ভোটটো কিনিবলৈ আহিব। আপোনালোকে জানে আপোনালোকৰ ভোটৰ মূল্য ৫০০ টকা বা এটা মদৰ বটলৰ সমান নহয়। আপোনালোকে তেওঁলোকক প্ৰশ্ন কৰক। আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ তেওঁলোকক চুক্তিবদ্ধ কৰক। পুনৰ কৈছো আৰু দুই-তিনিদিনৰ পাছতেই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আপোনালোকৰ অঞ্চললৈ যাব জনপ্ৰতিনিসকল। আপোনালোকে তেওঁলোকক প্ৰশ্ন কৰিবলৈ সাজু হওঁক, আপোনালোকৰ দাবীসমূহ তেওঁলোকৰ সন্মুখত বলিষ্ঠভাৱে উত্থাপন কৰক। কাৰণ তেওঁলোকক আপোনালোকে ভোট দিব। আপোনাৰ ভোটৰ মূল্য বিনিময়ত আপুনি তেওঁলোকৰ পৰা প্ৰাপ্য দাবী কৰিব।

এতিয়া জনপ্ৰতিনিধিসকলে, ভোটাৰ ভৰিত ধৰিবলৈয়ো সাজু থাকিব। মিঠা মিঠা কথা ক’ব। আপোনালোকক ইমান গুৰুত্ব দিব যে আপুনি ভাবিব সঁচাকৈ প্ৰজাহে ৰজা। কিন্তু এইবোৰত ভুল নগৈ আপোনাৰ দৃষ্টিত যাক ভাল লাগে, যিয়ে কাম কৰিব বুলি আপোনাৰ মনে কয় তেওঁকে ভোট দিয়ক। বাহিৰত দেখুৱাই আপুনি সকলোৰে লগত মিলি থাকক। কিন্তু ভিতৰত আপুনি নিজৰ স্থিতিত অটল থাকক। লগতে এটা কথা কওঁ- নিৰ্বাচনৰ সময়ত আমাৰ কৃষক ৰাইজৰ মাজত, ভাই-ককাই, ওচৰ-চুবুৰীয়াৰ মাজত ই কংগ্ৰেছী, ই বিজেপি, ই চিপিএম আদি ধৰণৰ বিভেদ হয়। বহুতৰ কাজিয়া হয়। এইবোৰৰ পৰা আঁতৰি থাকক। কাইলৈ বিপদ এটা হ’লে যাৰবাবে বাবে আপুনি কাজিয়া কৰিছে তেওঁ আপোনাৰ ওচৰত নাথাকে, যাৰ লগত কাজিয়া কৰিছে তেওঁহে আপোনাৰ ওচৰত থাকিব।

লগতে পঢ়ক- 

Cucumber Farming Benefit : দুবিঘা মাটিত ৬ হাজাৰ টকা খৰচ কৰি তিয়ঁহৰ এই জাতটো খেতি কৰক

English Summary: What is the demand as a Farmer

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.