Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 4 May, 2021 9:49 PM IST
Akhil Gogoi

    বহুত সন্দেহ আৰু কৌতুহলৰ অন্ত পেলাই যোৱা ২ মে' তাৰিখে বিধান সভা নির্বাচনত কৃষক মুক্তি সংগ্রাম সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে জয়লাভ কৰা বুলি খৱৰ পালে অসমৰ ৰাইজে। পিছে এতিয়াও কৌতুহলৰ অৱসান ঘটা নাই। কিয়নো নির্বাচনত জয়ী হ'লেও অখিল গগৈ পুনৰ বন্দীত্বৰ জীৱন কটাব লাগিব পাৰে।

    উল্লেখযোগ্য যে কাৰাগাৰত বন্দীত্বৰ জীৱন কটাই বিধানসভা নির্বাচনত জয়ী হােৱা প্রথমগৰাকী অসমীয়া হিচাপেও পৰিগণিত হ'ল নৱগঠিত ৰাজনৈতিক দলটোৰ নেতাগৰাকী। ইয়াৰ পূর্বে ১৯৯১ চনৰ অসম বিধানসভা নির্বাচনত আমগুৰি বিধানসভা সমষ্টিৰপৰা জাজীৰ ঢেকিয়াল গাঁৱৰ দিলীপ ঢেকিয়াল ফুকনে প্রথমবাৰৰ বাবে সংযুক্ত লােক পৰিষদৰ প্ৰাৰ্থীৰূপে কাৰাগাৰৰপৰা প্রতিদ্বন্দ্বিতা কৰিছিল যদিও যােৰহাট কাৰাগাৰত কাৰাবন্দী হৈ থকা ঢেকিয়াল ফুকনে উক্ত নির্বাচনত পৰাজয় বৰণ কৰিছিল। ইয়াৰোপৰি দেশৰ জৰুৰীকালীন শাসনৰ সময়ছােৱাত তিহাৰ জেলত কাৰাবন্দী হৈ প্রয়াত জর্জ ফার্ণাগুেজে বিহাৰৰ মজাফৰপুৰ লােকসভা সমষ্টিৰ পৰা জনতা পাৰ্টীৰ পৰা নির্বাচন খেলি জয়ী হৈ সংসদলৈ যাবলৈ সক্ষম হৈছিল। 

আৰু পঢ়ক- আপুনি COVID ভেকচিন লোৱা নাই যদি আজিয়ে কৰক পঞ্জীয়ন; আপোনাৰ মোবাইলৰ পৰা অনলাইন মাধ্যমেৰে

   ঠিক সেইদৰে ২০২১ৰ অসম বিধান সভা নির্বাচনত প্রতিদ্বন্বিতা কৰা অনুমতি লাভ কৰিলেও অখিল গগৈয়ে নির্বাচনী প্রচাৰ চলাবলৈ জামিন লাভ কৰা নাছিল, সেই পৰিপেক্ষিতত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষ কোঠাত কাৰাৰুদ্ধ হৈ থাকিয়ে, নিজ সমষ্টিৰ ভােটাৰক এদিনাে দেখা নিদিয়াকৈ মাত্র তিনিখন চিঠি লিখিয়ে বিধানসভা নির্বাচনত তেওঁ জয়লাভ কৰিলে। অসমৰ নির্বাচনী ইতিহাসত প্ৰথমবাৰৰ বাবে এনে এক অভূতপূর্ব ঘটনা সংঘটিত হােৱাৰ নজিৰ প্রত্যক্ষ কৰিলে সমগ্ৰ অসমবাসীয়ে।

     কিন্তু এতিয়া আটাইতকৈ গুৰুত্বপূর্ণ প্রশ্নটো হৈছে এগৰাকী কাৰাবন্দী হিচাপে নির্বাচনত অৱতীৰ্ণ হােৱা আৰু বিধায়ক হােৱাৰ যােগ্যতা অর্জন কৰা অখিল গগৈয়ে কিবা বিশেষাধিকাৰ লাভ কৰিবনে? এগৰাকী বিধায়ক হোৱাহেতুকে অখিল গগৈক দোষমুক্ত কৰি দিয়া হ'ব নেকি? বা জামিন লাভ নকৰিলে বা নিয়া’ আদালতত চলি থকা গােচৰটো শেষ নােহােৱালৈকে তেওঁ বন্দিত্বৰ জীৱন অতিবাহিত কৰিব লাগিব নেকি ? এই সকলোবোৰ প্রশ্নৰ উত্তৰ আজি আপোনালোকলৈ আনিছো।

আৰু পঢ়ক- আপোনাৰ Aadhar Card খন কেনেকৈ সুৰক্ষিত কৰি ৰাখিব; আপুনি ঘৰত বহিয়েই সহজে লক বা আনলক কৰিব পাৰে, জানক কেনেকৈ

    আমি প্রথমতে মনত ৰখা দৰকাৰ যে দেশৰ ন্যায়িক ব্যৱস্থাটোৱে কাৰাবন্দী এজনক নির্বাচনত অৱতীৰ্ণ হােৱাৰ অধিকাৰ প্ৰদান কৰিলেও তেওঁক তাৰ বাবেই কাৰাবন্দী জীৱনৰপৰা মুকলি হােৱাৰ অধিকাৰ প্ৰদান নকৰে। ২০১৭ চনত উত্তৰ প্রদেশ বিধানসভা নির্বাচনত প্ৰচাৰ কার্য চলাবলৈ বিধায়ক মুখতাৰ আনছাৰিয়ে জনােৱা আবেদন এখনক নিম্ন আদালতে মঞ্জুৰ কৰাৰ পিছত সেই ৰায়ৰ বিৰুদ্ধে নির্বাচন আয়ােগ যেতিয়া দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'য়, তেতিয়া দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মুক্তা গুপ্তাই এনেদৰে পর্যবেক্ষণ আগবঢ়াইছিল যে— ‘নির্বাচন প্রতিদ্বন্দ্বিতা কৰা অধিকাৰে এইটো নুসুচায় যে প্রার্থীজনে নির্বাচনত জয়লাভ কৰিবলৈ প্রার্থী হিচাপে প্ৰচাৰ চলাবলৈ কাৰাগাৰৰপৰা মুকলি হােৱাৰ অধিকাৰ পাব। যদিহে প্রার্থীজন কোনো অপৰাধৰ বাবে কাৰাৰুদ্ধ হৈ আছে, তেন্তে তেওঁক মুকলি কৰি দিব নে নিদিয়ে তাৰ বিচাৰ আদালতে গ্রহণ কৰিব আৰু এই বিচাৰ গােচৰটোৰ বিষয় আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। গতিকে ৰাইজৰ দ্বাৰা নির্বাচিত হােৱাৰ পাছতাে অখিল গগৈয়ে শপত লােৱাৰে পৰা আৰম্ভ কৰি বিধানসভাৰ অধিৱেশনত অংশগ্রহণ কৰিবলৈ আদালতৰ অনুমতি ল'ব লাগিব।

   আমি জানাে যে ২০১৯ বৰ্ষৰ ডিচেম্বৰত নেচনেল ইনভেষ্টিগেচন এজেন্সী বা চমুকৈ ‘ NIAয়ে অখিল গগৈক আটক কৰিছিল আৰু সেই গােচৰৰ বিচাৰ গুৱাহাটীৰ চানমাৰিস্থিত আদালতত বর্তমান চলি আছে। গতিকে বিচাৰাধীন কালত অখিল গগৈক যদি সেই আদালতে বা মহামান্য উচ্চ আদালতে জামিন প্রদান কৰে, তেন্তে তেওঁ মুকলি আকাশৰ তললৈ আহিব পাৰিব, ইয়াত কোনো সন্দেহ নাই। কিন্তু যদি ‘নিয়া’ আদালত বা উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ নকৰে, তেন্তে গােচৰ নিষ্পত্তি নােহােৱালৈকে তেওঁ ন্যায়িক জিম্মাত থাকিবলৈ বাধ্য আৰু বিধানসভাত অংশগ্ৰহণৰ বাবে প্রতিবাৰে আদালত অনুমতিৰ বা অন্তর্বর্তীকালীন জামিন ল'ব লাগিব।

 গতিকে স্পষ্টৰূপে দেখা যায় অখিল গগৈ বিধানসভা নির্বাচনত জয়লাভ কৰিলেই যে কাৰাগাৰৰ পৰা মুক্ত হব তেনে কোনো কথা নাই। এইক্ষেত্রত অখিল গগৈ পুনৰ কাৰাগাৰত থকাৰ সম্ভাৱনা নোহোৱা নহয়। যিহেতু অখিল গগৈৰ মুক্তিৰ সমগ্ৰ বিষয়টো আদালতৰ বিচাৰাধীন, সেয়েহে আগন্তুক সময়ত মহামান্য আদালতে এগৰাকী বিধায়ক হিচাপে নির্বাচিত হােৱা অখিল গগৈৰ জামিনৰ বিষয়টো কেনেদৰে বিচাৰ কৰে, নিঃসন্দেহে লক্ষণীয় হ'ব।

আৰু পঢ়ক- ধান খেতিত কেনেকৈ অধিক লাভ অৰ্জন কৰিব পাৰি? (Increase production of Rice Farming )
English Summary: People asking Akhil Gogoi release from jail after result assembly elections 2021
Published on: 04 May 2021, 09:41 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now