Krishi Jagran Tamil
Menu Close Menu

আপুনি COVID ভেকচিন লোৱা নাই যদি আজিয়ে কৰক পঞ্জীয়ন; আপোনাৰ মোবাইলৰ পৰা অনলাইন মাধ্যমেৰে

Friday, 30 April 2021 10:55 AM
Register yourself for covid 19 vaccine

Register yourself for covid 19 vaccine

   ভাৰতত ইতিমধ্যে COVID-19 টিকাকৰণ অভিযানৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। অহা ১ মে’ অথাৎ কালিৰ পৰা ভাৰতত আৰম্ভ হ’ব ১৮ বছৰ ঊৰ্ধ্বৰ ব্যক্তিসকলৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া। বর্তমান সময়ত ৪৫ ঊৰ্ধ্বৰ ব্যক্তিসকলকহে দি থকা হৈছে COVID-19 ভেকচিন। তেনে পৰিপেক্ষিতত ১ মে’ৰ পৰা ১৮ বছৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে প্ৰতিষেধক গ্রহনৰ বাবে শীঘ্ৰেই পঞ্জীয়ন কৰিবলৈ টুইটযোগে আহ্বান কৰিছে mygovtindia ই। লোক সকলক Cowin website আৰু Arogya stetu এপ'ৰ যোগেদি পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছে।

অনলাইন মাধ্যমেৰে কিদৰে পঞ্জীয়ন কৰিব?

CoWIN portalত পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়া-

১. https://www.cowin.gov.in/home ত গৈ register/ sign in yourself ক্লিক কৰিব

২. নিজৰ ফোন নম্বৰটো লিখি get otp ত ক্লিক কৰিব। ফোনত অহা otpটো প্রৱিষ্ট কৰি verifyত ক্লিক কৰিব।

৩. পঞ্জীয়ন পেজত নাম, লিংগ, পৰিচয় পত্ৰ, জন্মৰ চন লিখি register ত ক্লিক কৰিব।

৪. পঞ্জীয়ন হ’লে এপইণ্টমেণ্ট লাভৰ বাবে বিকল্প পাব, নামৰ কাষত থকা schedule ত ক্লিক কৰিব।

৫. আপোনাৰ পিন ক’ড লিখি search কৰক, স্ক্ৰীনত উল্লেখিত তাৰিখ আৰু সময় নিৰ্বাচন কৰি confirm ত ক্লিক কৰক।

৬. এবাৰত ৪ জন ব্যক্তিৰ নাম পঞ্জীয়ন কৰিব পাৰিব। পূৰ্বৰ প্ৰক্ৰিয়াৰ দৰেই নিৰ্বাচন কৰি reschedule কৰিব পাৰিব সময়সূচী।

আৰোগ্য সেতু এপত পঞ্জীয়ন কৰাৰ প্ৰক্ৰিয়া-

১. আৰোগ্য সেতু এপত গৈ ফোনৰ হোম স্ক্ৰীনত থকা cowin টেবত ক্লিক কৰক।

২. vaccination registration নিৰ্বাচন কৰিব> ফোন নম্বৰ লিখিব> otp লিখিব।

৩. verify ক্লিক কৰিলে registration of vaccination পেজ পাব।

৪. cowin portal ত নাম পঞ্জীয়নৰ ক্ষেত্ৰতো একে প্ৰক্ৰিয়া গ্ৰহণ কৰক।

   প্ৰতিগৰাকী ব্যক্তিক ২ ড’জ বা পালি ভেকচিন প্ৰদান কৰা হ’ব। প্ৰথম পালি ভেকচিন লোৱাৰ ২৮ দিনৰ পৰা ৫৬ দিনৰ ভিতৰত প্ৰদান কৰা হ’ব ভেকচিনৰ দ্বিতীয়টো ড’জ।

আৰু পঢ়ক- কলেষ্টৰল বৃদ্ধি আৰু লবলগীয়া সাৱধানতা (What is cholesterol and how to control it in human body)

Covid vaccine Schedule your covid vaccine Assam vaccine Assam news

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.