Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 October, 2022 5:59 PM IST
spam call

আপুনি স্পেম কলৰ চিকাৰ হৈছে নেকি? বেংক লোন, অচিনাকি লোকৰ বন্ধুত্বৰ আবেদন, ভুৱা ইলেক্ট্ৰিচিটী বিল। বিভিন্ন কৌশলেৰে আপোনাক লুটিবলৈ ৰৈ আছে প্ৰৱঞ্চক চক্ৰ।এনে চক্ৰৰ জালত নপৰিবলৈ কি কৰিব লাগিব আপুনি?প্ৰৱঞ্চকে আপোনাৰ ফোন নম্বৰ কেনেকৈ লাভ কৰে জানেনে?

আপোনাৰ ফোন নম্বৰটো হৈছে আপোনাৰ ব্যক্তিগত তথ্যৰ চাবি কাঠি। কেৱল ফোন নম্বৰটোৰপৰাই আপোনাৰ বয়স, থকা ঠাই, বৃত্তি, সম্পত্তিৰ পৰিমাণ, বজাৰ কৰাৰ অভ্যাস আদিৰ বিযয়ে জানি ল'ব পাৰে স্পেমাৰে। ফোন ৰিচাৰ্জ ,অনলাইন শ্বপিং, অনলাই খাদ্য অৰ্ডাৰ কৰোঁতে আপুনি হয়তো বিভিন্ন ৱেবছাইটত আপোনাৰ ফোন নম্বৰ দিছে। লোন বা বেংকৰ ষ্টেটাছ পৰীক্ষা কৰিবলৈয়ো ৱেবছাইটত ফোন নম্বৰ দি থৈছে আপুনি। ইয়াৰপৰাই  লীক হয় আপোনাৰ ব্যক্তিগত তথ্য। ফোন নম্বৰৱ পোৱাৰ পাছত প্ৰশিক্ষিত স্পেমাৰে সুন্দৰী যুৱতী, বেংকৰ এজেণ্ট আদিৰ ভাও ধৰি আপোনাৰ ধন সৰকোৱাৰ চেষ্টা কৰিব পাৰে।

অচিনাকি নম্বৰৰপৰা অহা সন্দেহজনক মেছেজ-ফোনৰ উত্তৰ দিওঁতে দহবাৰ ভাবক। অচিনাকি ব্যক্তিৰ সৈতে একাউণ্ট নম্বৰ, পেন বা এটিএম নম্বৰ, যিকোনো OTP আদি শ্বেয়াৰ নকৰিব। পৰিচিত লোকৰ নাম লৈয়ো দুষ্ট চক্ৰই টকা ধাৰলৈ বিচৰাৰ ঘটনা বৃদ্ধি পাইছে।

সন্দেহ হ'লেই পলম নকৰাকৈ এই বিষয়ে জনাওক আৰক্ষীক। এই সন্দৰ্ভ অসম আৰক্ষীয়ে অলপতে এক জাননী জাৰি কৰিছে।

*সন্দেহজনক WHATSAPP বাৰ্তাৰ স্ক্ৰীনশ্বট সংগ্ৰহ কৰক

*cybercrime.gov.in ত স্ক্ৰীনশ্বট সংলগ্ন কৰি অভিযোগ দাখিল কৰিব পাৰিব।

*নম্বৰটো পোনপটীয়াকৈ REPORT কৰক WHATSAPPত

 

আপোনাৰ ফোনতো আপুনি স্পেম কল ব্লক কৰিব পাৰে। গুগল ডায়েলাৰত বা ছেমছাং ফোনত সহজে স্পেম নম্বৰ ব্লক কৰিব পাৰি। তাৰ বাবে প্ৰথমে

*গুগল ডায়েলাৰ অপেন কৰক

*তিনিটা ডটত ক্লিক কৰি ছেটিংছলৈ যাওক

*কলাৰ ID আৰু স্পেম অপশ্যনত ক্লিক কৰক

ইয়াত আপুনি GFX IDENTIFY, FILTER SPAM CALLS আৰু VERIFIED CALLS অপশ্যন পাব।

এইসমূহ অন কৰি আপুনি এনে অবাঞ্চিত ফোনকল, SMS আদিৰপৰা বাচি থাকিব পাৰিব।

লগতে পঢ়কঃ e-Sharm Card: 2 লাখ টকাৰ বীমা কভাৰেজ প্ৰাপ্ত কৰিবলৈ সোনকালে কৰক আবেদন!

English Summary: How to save yourself from spam calls
Published on: 06 October 2022, 05:59 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now