1. News

দীপাৱলীৰ পূৰ্বেই হাতত পৰিব PM Kisan আঁচনিৰ দ্বাদশ কিস্তি!

Mrigakshi Phukan
Mrigakshi Phukan
diwali
diwali

PM Kisan 12th Installment Update: যদি আপুনিও PM Kisan আঁচনিৰ হিতাধিকাৰী, তেন্তে এই খবৰটো আপোনাৰ বাবে অতিকৈ প্ৰয়োজনীয়। দীপাৱলীৰ পূৰ্বেই আপোনাৰ বাবে আহিব পাৰে ভাল খবৰ! শীঘ্ৰেই PM Kisan যোজনাৰ (PM Kisan 12th Installment Released)ৰ দ্বাদশ কিস্তি মুকলি কৰিবলৈ ওলাইছে PM মোদীয়ে। PM Kisan যোজনাৰ কেন্দ্ৰীয় চৰকাৰে চলাই থকা এই আঁচনিখন চৰকাৰৰ অন্যতম অভিলাষী আঁচনি। স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে এই আঁচনি সন্দৰ্ভত বহুবাৰ কৃষকৰ আগ্ৰহৰ কথা কৈছে।

মাত্ৰ কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ বাবে টুইট কৰি কৈছিল- ‘আমাৰ কৃষক ভাই-ভনীসকলক লৈ দেশে গৌৰৱ অনুভৱ কৰে। তেওঁলোক যিমানেই শক্তিশালী হ’ব সিমানেই নতুন ভাৰত সমৃদ্ধিশালী হ’ব৷ মই সুখী যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু কৃষি সম্পৰ্কীয় অন্যান্য আঁচনিয়ে দেশৰ কোটি কোটি কৃষকক নতুন শক্তি প্ৰদান কৰিছে।‘

দ্বাদশ কিস্তিৰ টকা কেতিয়া আহিব?

শীঘ্ৰেই আহি আছে PM Kisan ৰ পৰৱৰ্তী কিস্তি। আচলতে এই আঁচনিৰ অধীনত বছৰৰ প্ৰথম কিস্তি ১ এপ্ৰিলৰপৰা ৩১ জুলাইৰ ভিতৰত কৃষকসকলক দিয়া হয়। আনহাতে দ্বিতীয় কিস্তি ১ আগষ্টৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত দিয়া হয়।

একে সময়তে তৃতীয় কিস্তিৰ ধন ১ ডিচেম্বৰৰ পৰা ৩১ মাৰ্চৰ ভিতৰত হস্তান্তৰ কৰা হয়। সেই অনুসৰি অহা মাহত কৃষকৰ একাউণ্টত সোমাব পাৰে প্ৰধানমন্ত্ৰী কিষাণৰ দ্বাদশ কিস্তি। কোৱা হৈছিল যে কেন্দ্ৰীয় চৰকাৰে ৩০ ছেপ্টেম্বৰৰ ভিতৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰৱৰ্তী অৰ্থাৎ দ্বাদশ কিস্তি হস্তান্তৰ কৰিব। কিন্তু এতিয়ালৈকে কৃষকৰ হাতত পৰা নাই দ্বাদশ কিস্তি। জানিব পৰা মতে অক্টোবৰ মাহত অহা দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক ধন হস্তান্তৰ কৰিব পাৰিব।

আপোনাৰ এপ্লিকেচন আপডেট কৰক

যদি আপুনি PM Kisan Samman Nidhi আঁচনিৰ অধীনত কিবা সমস্যাৰ সন্মুখীন হৈছে তেন্তে সমস্যাসমূহ সোনকালে সমাধান কৰক। ইয়াৰ বাবে আপুনি হেল্প লাইন নম্বৰত ফোন কৰি বা মেইল ​​আইডিত মেইল ​​কৰি সমাধানটো সম্পন্ন কৰিব পাৰে।

পি এম কিষানৰ হেল্পলাইন নম্বৰ- ১৫৫২৬১ বা ১৮০০১১৫৫২৬ (টোল ফ্ৰী) বা ০১১-২৩৩৮১০৯২ নম্বৰত যোগাযোগ কৰিব পাৰিব।

আপুনি আপোনাৰ অভিযোগ ই-মেইল আইডি (pmkisan-ict@gov.in)ত মেইল ​​কৰিব পাৰে।

যদি আপুনি এতিয়াও আবেদন কৰা নাই, তেন্তে অফিচিয়েল ৱেবছাইট pmkisan.gov.in ত গৈ পঞ্জীয়ন কৰক।

লগতে পঢ়কঃ 5G য়ে সমাধান কৰিব কৃষকৰ সমস্যাঃ কেনেকৈ জানক...

English Summary: PM Kishan installment

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.