কৃষিৰ সৈতে মহিলাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। কৃষিৰ প্ৰতিটো ক্ষেত্ৰত মহিলাসকলে কেনেধৰণে অৱদান যোগায় সেয়া সকলোৰে জ্ঞাত। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি স্ংস্থাৰ মতে ভাৰতত এক হেক্টৰ ভূমিত বছৰি একোগৰাকী মহিলাই ৩৪৮৫ ঘন্টাকৈ কাম কৰে। এই তথ্যই প্ৰমান কৰে ভাৰতত কৃষি ক্ষেত্ৰত মহিলাৰ ভূমিকা কি। কিন্তু কৃষিক্ষেত্ৰত মহিলাৰ অমৱদানক প্ৰায়ে আওকাণ কৰা হয়। খেতি-বাতিত মহিলাসকলৰ যোগদানক গুৰুত্বসহকাৰে ল’লে উতপাদন বৃদ্ধি অধিক ক্ষিপ্ৰ হোৱাৰ সম্ভাৱনা আছে। দেশৰ মহিলা কৃষকসকলক উতসাহিত কৰিবলৈ ৰাষ্ট্ৰসংঘই ১৫ অক্টোবৰৰ দিনটো আন্তৰ্জাতিক মহিলা দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰিছে আৰু ২০১৬ চনত ভাৰতত ৰাষ্ট্ৰীয় মহিলা কৃষক দিৱস উদযাপিত হৈছে।
কিন্তু কৃষিক্ষেত্ৰত স্বীকৃতিহীনতা আৰু বৈষম্যৰপৰা মহিলাসকল এতিয়াও মুক্ত হ’ব পৰা নাই। অসমতো দৃশ্যপট একেই। গ্ৰাম্য মহিলাসকলৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত চৰকাৰী সদিচ্ছাৰ লগতে পিতৃতান্ত্ৰিক মানসিকতা আঁতৰোৱাৰ প্ৰয়োজন আছে।কৃষিক্ষেত্ৰৰ সৈতে জড়িত মহিলাসকলক দক্ষ কৰি তুলিবলৈ প্ৰয়োজনীয় প্ৰ্শিক্ষণৰ লগতে এওঁলোকৰ বাবে উপযোগী প্ৰযুক্তিৰ সহজলভ্যতা,মহিলা আত্মসহায়ক গোট গঠন, সমবায়ভিত্তিক উৎপাদন প্ৰ্ক্ৰিয়াত জড়িতকৰন, প্ৰয়োজনীয় বিত্তীয় সাহায্য আদি আগবঢ়োৱাৰ প্ৰয়োজন আছে। অৱশ্যে ভাৰতত নাৰী আৰু পুৰুষৰ লিংগ বৈষম্য, কৃষিক্ষেত্ৰত জড়িত নাৰীসকল প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হোৱাৰ দৰে দৃশ্য অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নাৰী সমাজৰ ক্ষেত্ৰত কিছু পৃথক। বিভিন্ন চৰকাৰী আঁচনিয়ে শেহতীয়াকৈ অসমৰ মহিলা কৃষকসকলৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। মহিলা কৃষকসকলে মাটি চহাবৰ বাবে পাৱাৰ টিলাৰ, ৰোটাভেটৰ, মৰনা মৰাৰ বাবে শক্তিচালিত যন্ত্ৰ, ধান দাবলৈ বিশেষ কাঁচি আদিৰ লগতে এইসকল মহিলাক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ তেল পেৰা যন্ত্ৰ, দাইল স্ংসাধন যন্ত্ৰ আদি বিভিন্ন আঁচনিৰ জৰিয়তে আগবঢ়োৱা হৈছে।
কিন্তু সামাজিকভাৱে কৃষিক্ষেত্ৰত মহিলাসকল পুৰণিকলীয়া নীতি নিয়মৰপৰা এতিয়াও সম্পূৰ্ণকৈ মুক্ত হ’ব পৰা নাই। ভৰালঘৰত এতিয়াও ঋতুমতী মহিলাৰ প্ৰৱেশ নিষেধ। গা নোধোৱাকৈ ভঁড়ালত সোমাব নোৱাৰাৰ নিষেধাজ্ঞাও কেৱল মহিলাৰ ক্ষেত্ৰতে প্ৰযোজ্য। কাৰণ গা নোধোৱাকৈ ভৰালঘৰত মহিলাই প্ৰৱেশ কৰিলে বা ঋতুমতী মহিলা ভৰালঘৰত সোমালে লক্ষ্মীয়ে ঘৰ এৰে বুলি লোকবিশ্বাস আছে। তদুপৰি ঋতুমতী মহিলাই খেতি পথাৰত ভৰি দিলে খেতি দেই পুৰি যায় বুলি বিশ্বাস কৰা হয়। ইফালে কাতি বিহুৰ দিনা ঘৰৰ মহিলাগৰাকীয়ে পথাৰ চাবলৈ গ’লে খেতি লহপহকৈ বাঢ়ে বুলি বিশ্বাস কৰা হয়। তদুপৰি ভূঁই ৰোৱাৰ প্ৰথম দিনা ৰোৱনীয়ে লক্ষ্মী দেৱীক আৰাধনা কৰি বাঁও হাতেৰে গোজ দিব লাগে। এনেদৰে কৃষিৰ ক্ষেত্ৰত মহিলাসকলক অসমীয়া সমাজত কেতিয়াবা যদি লক্ষ্মী জ্ঞান কৰা হৈছে, কেতিয়াবা আকৌ অস্পৃশ্য বুলি আঁতৰাই ৰখা হৈছে। কিন্তু অৰ্থনৈতিকভাৱে কৃষি ক্ষেত্ৰত মহিলাসকল এতিয়াও স্বাৱলম্বী হৈ উঠা নাই।
গাঁৱৰ মহিলাসকলক অৰ্থনৈতিকভাবে স্বাৱলম্বী কৰি তুলিবলৈ প্ৰ্নালীবদ্ধ্বভাবে বানিজ্যমুখী কৃষি আঁচনি প্ৰ্স্ততিৰ প্ৰয়োজন আছে। প্ৰণালীবদ্ধ ফুলৰ খেতি, কাঠফুলাৰ খেতি, নাৰ্চাৰী, ফলমূল সংৰক্ষণ, উন্নত পেকেজিং ব্যৱস্থা, ঘৰতে প্ৰ্স্তত কৰিব পৰা কেতবোৰ জৈৱ নিয়ন্ত্ৰণ সামগ্ৰী আদিক গুৰুত্ব দি প্ৰস্তুত কৰা এনেবোৰ আচঁনিয়ে মহিলাসকলক অধিক উৎসাহেৰে কৃষিকৰ্মত জড়িত হোৱাৰ প্ৰ্তি আকৰ্ষিত কৰি তুলিব আৰু তেওঁলোকক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাত সহায় কৰিব।
এতিয়া সময় হৈছে অসংগঠিত মহিলা গোটসমূহক সংগঠিত কৰি উৎপাদনমুখী কৃষি আন্দোলন গঢ়ি তোলা। কিছুসংখ্যক মহিলা আত্মসহায়ক গোটে বয়ন শিল্প আৰু গ্ৰাম্য খাদ্যক কেন্দ্ৰ কৰি বানিজ্যিক প্ৰৱণতা গঢ়ি তোলাৰ প্ৰয়াস কৰা দেখা গৈছে যদিও এই গোটসমূহক সংগঠিত কৰি বজাৰমুখী সামগ্ৰী প্ৰ্স্ততিৰ সৈতে জড়িত কৰোৱাৰ প্ৰয়োজন আছে। তাৰ বাবে এক সুনিশ্চিত কৃষি আন্দোলন লাগিব, যাৰ উদ্দেশ্য হ’ব লিংগ বৈষম্য দূৰ কৰা, মহিলাৰ বাবে সম অধিকাৰ, সমমৰ্যাদা আৰু নিশ্চিত নিৰাপত্তা। এই কথাক গুৰুত্ব দিয়েই ৰাষ্ট্ৰ্সংঘই ২০১৪ বৰ্ষটো পৰিয়াল কৃষিকৰ্মৰ আন্ত:ৰাষ্ট্ৰীয় বৰ্ষ হিচাপে পালন কৰিছিল।
লগতে পঢ়কঃ সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ কৃষিখণ্ড পিছপৰি ৰোৱা কেইটামান কাৰণ