1. অন্যান্য

১০ বছৰ আগলৈ কৃষি আৰু কৃষক বুলিলে নাক কোচাইছিল অসমীয়া মানুহে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Agricultural sector of Assam
Agricultural sector of Assam

আজিৰ পৰা দহ বছৰমান আগলৈ কৃষি আৰু কৃষক বুলিলে নাক কোচাইছিল অসমৰ অধিকাংশ লোকেই। কিন্তু বৰ্তমান খেতিও এটা গ্লেমাৰলৈ পৰিৱৰ্তন হৈছে। বিজ্ঞানসন্মত আৰু বাস্তৱ সন্মত কৃষিপদ্ধতিত লুকাই থকা এই গ্লেমাক সম্প্ৰতি অসমৰ কেইবাজনো কৃষকে পোহৰলৈ উলিয়াই আনিছে। এই ক্ষেত্ৰত খেতিক গ্লেমাৰলৈ পৰিৱৰ্তন কৰা থোৰতে মনলৈ অহা দুজন উদ্যমী কৃষক- ধনীৰাম চেতিয়া আৰু ভৱেন শালৈ। তেওঁলোকে কৃষিক কেৱল কৃষি হিচাপে নাৰাখি খেতিক এক উদ্যোগলৈ পৰ্যৱসিত কৰিছে। পিছে বৰ্তমানেও সৰ্বভাৰতীয় পটভূমিত চালে দেখা যায় যে অন্য ৰাজ্যৰ তুলনাত অসম কৃষি উৎপাদনৰ ক্ষেত্ৰত বহুখিনি পিছ পৰি আছে৷ অসমৰ কৃষিভূমি ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অধিক উৰ্বৰ হোৱা সত্ত্বেও ৰাজ্যবাসীৰ বাবে প্ৰয়োজন হোৱা চাউল-দাইল-পিঁয়াজ আদি সকলো খাদ্য সামগ্ৰী বহিঃৰাজ্যৰ পৰাই আমদানি কৰিব লগা হয়৷মূলতঃ প্ৰাকৃতিক সমস্যা, পুৰণিকলীয়া কৃষিপদ্ধতি, কৃষিকৰ্মৰ প্ৰতি যুৱক-যুৱতীৰ অনীহা আদি কাৰণৰ বাবেই অসমৰ উৰ্বৰ কৃষিভূমি অধিক উৎপাদনশীল হৈ উঠা নাই৷

এই ক্ষেত্ৰত চিন্তাশীল লেখক টুনুজ্যোতি গগৈৰ এই কথাষাৰ প্ৰণিধান যোগ্য- ‘কৃষিখণ্ডৰ উন্নীতকৰণৰ বাবে প্ৰতিখন চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰে আৰু আঁচনিসমূহৰ ৰূপায়ণৰ বাবে শকত পৰিমাণৰ ধন ধাৰ্য কৰে৷ কিন্তু, চৰকাৰে জনসংখ্যা বৃদ্ধিৰ অনুপাতে কোনোধৰণৰ উপযুক্ত কৃষি আঁচনি গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ চৰকাৰে গ্ৰহণ কৰা আসোঁৱাহপূৰ্ণ আঁচনিসমূহৰ পৰা অসমৰ কৃষকসকল উপকৃত হোৱাৰ উদাহৰণো তেনেকৈ নাই৷ বাস্তৱ সত্য এয়াই যে চৰকাৰৰ আঁচনিসমূহে অধিকাংশ দৰিদ্ৰ কৃষককেই স্পৰ্শ কৰিব নোৱাৰে৷ আঁচনিৰ সিংহভাগ ধন পুঁজিপতি, চৰকাৰী আমোলা-বিষয়া, ৰাজনৈতিক কৰ্মীৰূপী মধ্যভোগীৰ পকেটতেই সোমায়৷ ইপিনে, চৰকাৰে বিতৰণ কৰা ‘উন্নত সঁচ’ৰ বীজ নগজা, কৃষকে ধানৰ সলনি পতান পোৱাৰ দৰে ঘটনাও এইখন অসমত ঘটিছে৷’

লগতে পঢ়ক- অসমত ধেমচি খেতিৰ সম্ভাৱনাৰ

লগতে বহুতে কব খোজে যে অসমীয়া মানুহবোৰ অকৰ্মণ্য আৰু এলেহুৱা বাবেই অসমৰ কৃষিখণ্ড সৰ্বভাৰতীয় পৰ্যায়ত পিছ পৰি ৰ’ল। অৱশ্যে এই অভিযোগ ভাৰত চন্দ্ৰ দাসে ১৯০৮ চনতে খেতি  নামৰ পুথিখনত খণ্ডন কৰিছিল এনেদৰেঃ ” আসামৰ মাটি অতিশয় উৰ্ব্বৰা আৰু ইয়াত খেতি কৰিবলৈ বৰ সুচল; তথাপি ইয়াত চহকী বা ধনী মানুহ নাই বুলিলেও হয়। অনেকে, “অসমীয়া মানুহ এলেহুৱা”, “কেৱল ফিতাহি মাৰি ফুৰে, অলপো পৰিশ্ৰম নকৰে” ইত্যাদি নানা দোষাৰোপ কৰে; কিন্তু দকৈ গমি চালে দেখা যায় যে, এই কথা সম্পূৰ্ণ অমূলক নহ’লেও বৰ সঁ‌চা নহয়। সোৰোপাৰ কথাকে নকওঁ‌, যিবিলাকে বিশেষ পৰিশ্ৰম কৰে, তেওঁলোকেও ৰজা আৰু গুৰুঘৰীয়া দায় মাৰি বছৰৰ কেৱল নমাহমানহে পেটে ভাতে খায়। ধাৰ ঋণ নকৰিলে বা নিকিনিলে বাকী তিনিমাহ সুকলমে চলাব নোৱাৰে।” এই সন্দৰ্ভত শেহতীয়াকৈ মুক্ত চিন্তা নামৰ আলোচনীখনত ‘এক নতুন সেউজ বিপ্লৱৰ স্বপ্ন’ নামৰ লেখাটোত টুনুজ্যোতি গগৈৰ ৰচনাখনৰ সাম্প্ৰতি প্ৰেক্ষাপটৰ লগত মিলিব। তেওঁ লিখিছে- ‘বহুতেই ক’ব খোজে যে অসমৰ কৃষক ৰাইজ অকৰ্মণ্য আৰু আৰামপ্ৰিয় হোৱা বাবেই অন্য ৰাজ্যৰ তুলনাত অসম কৃষিক্ষেত্ৰত পিছ পৰি আছে৷ কিন্তু, তেওঁলোকে কৃষক ৰাইজৰ প্ৰতি তোলা এনে অভিযোগ সম্পূৰ্ণ শুদ্ধ নহয়৷ তেওঁলোকে কৃষক ৰাইজৰ অকৰ্মণ্যতা বা কৃষিৰ প্ৰতি যুৱক-যুৱতীৰ অনীহাৰ সম্পৰ্কত গভীৰভাৱে বিচাৰ-বিবেচনা নকৰে ৷ 

কৃষিক্ষেত্ৰত দেখা দিয়া প্ৰায়োগিক সমস্যাসমূহ উপলব্ধিও কৰিব নোৱাৰে৷ সাধাৰণতে দেখা যায় যে কৃষকসকলৰ সমস্যাৰ কোনোদিন অন্ত নপৰে – বানৰ সমস্যা সমাধান হ’লে খৰাঙৰ সমস্যা সৃষ্টি হয়, পানীৰ সমস্যা সমাধান হ’লে বীজৰ সমস্যাই দেখা দিয়ে, বীজৰ সমস্যা সমাধান হ’লে বজাৰৰ সমস্যাই দেখা দিয়ে৷ বীজ যোগান সম্পৰ্কত পৰিলক্ষিত হোৱা গুৰুত্বপূৰ্ণ সমস্যাটো হ’ল, অসৎ বীজ ব্যৱসায়ীসকলে উন্নত জাতৰ বীজ বুলি নিম্ন জাতৰ বীজ বিক্ৰী কৰি কৃষক ৰাইজক ঠগি আহিছে৷ প্ৰচলিত সমাজ ব্যৱস্থাৰ গইনা লৈ বীজৰ অবৈধ ব্যৱসায় কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে উপযুক্ত তথ্য-প্ৰমাণ নথকাৰ বাবে কৃষকসকলে আইনী প্ৰক্ৰিয়াৰে ব্যৱস্থা গ্ৰহণ কৰিবও নোৱাৰে৷ ব্যৱস্থা গ্ৰহণ কৰিলেও তেওঁলোক আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ সম্ভাৱনা থাকে৷’

অৱশ্যে পূৰ্বৰ তুলনাত অসমৰ কৃষিখণ্ডলৈ পৰিৱৰ্তন আহিছে। শিক্ষিত যুৱকসকলেও কৃষিৰ জড়িয়তে স্বাৱলম্বণৰ বাট লবলৈ পূৰ্বৰ দৰে কুণ্ঠাবোধ নকৰা হৈছে। কিন্তু সেয়া পৰ্যাপ্ত নহয়। এইক্ষেত্ৰত আৰু অধিক উন্নতিৰ বাবে প্ৰাকৃতিক সমস্যাসমূহ দূৰীকৰণ আৰু বিজ্ঞানসন্মত কৃষিপদ্ধতিৰ ব্যাপক প্ৰচলনৰ ক্ষেত্ৰত চৰকাৰেই আগ-ভাগ ল’ব লাগিব৷ কৃষি সম্পৰ্কীয় আসোঁৱাহপূৰ্ণ নীতিসমূহ সংশোধন কৰি পথাৰলৈ আহি ক্ষেত্ৰ অধ্যয়ন কৰি চৰকাৰী বিষয়ববীয়াই আঁচনি গ্ৰহণ কৰিলে কৃষকসকল উপকৃত হোৱাৰ সম্ভাৱনা আছে৷ ইফালে চৰকাৰে বিভিন্ন উৎসৰ জৰিয়তে কৃষক ৰাইজক প্ৰদান কৰা কৃষি ঋণসমূহ কৃষকসকলে যাতে সঠিকভাবে ব্যৱহাৰ কৰে, তাৰ প্ৰতি বিভাগীয় কৰ্মচাৰীসকলে সজাগ দৃষ্টি ৰাখিব লাগে৷ বহু সময়ত দেখা যায় যে গাঁৱৰ বহু অশিক্ষিত-অনভিজ্ঞ কৃষকে কৃষি ঋণৰ সদ্ব্যৱহাৰ নকৰাৰ বাবেই চৰকাৰী আঁচনিসমূহ ব্যৰ্থ হৈ পৰে আৰু ৰাজহুৱা ধনৰো বিস্তৰ অপচয় ঘটে৷ কৃষি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ সৈতে জড়িত কৃষিবিজ্ঞানী, অধ্যাপক, গৱেষক আদিয়েও নিত্য-নতুন গৱেষণাৰে উন্নত প্ৰজাতিৰ বীজ, কৃষি সঁজুলি আদি উদ্ভাৱন কৰি চৰকাৰ আৰু কৃষক ৰাইজক সহায় কৰা উচিত৷ এনে কৰিলে কৃষিকৰ্মক এটা সন্মানজনক বৃত্তি হিচাপে গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰিব অসমৰ শিক্ষিত যুৱকসকলে। শিক্ষিত লোকসকল কৃষিৰে জড়িত হৈ পৰিলেই অসমৰ কৃষিখণ্ড আপোনা আপুনি পাঞ্জাৱ-হাৰিয়ানাৰ দৰেই হৈ পৰিব।

বিঃদ্ৰঃ লেখাটো প্ৰস্তুত কৰোঁতে “অসমত আকালো নাই ভঁ‌ৰালো নাই”: মিথ নে বাস্তৱ?'- (সঞ্জীৱ পল ডেকা) আৰু ''এক নতুন সেউজ বিপ্লৱৰ স্বপ্ন'' (টুনুজ্যোতি গগৈ) লেখা দুটাৰ সহায় লোৱা হৈছে। 

লগতে পঢ়ক-  সুগন্ধি বিৰিণাৰ শিপাই ১৪-১৫ ফুট গভীৰলৈকে মাটিক খামুচি ধৰে

English Summary: behind the lagging of the agricultural sector of Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2023 Krishi Jagran Media Group. All Rights Reserved.