1. Government Schemes

‘স্বনিৰ্ভৰ নাৰী’ আঁচনিৰ জৰিয়তে শিপিনীৰ পৰা চৰকাৰে ক্ৰয় কৰিব তাঁতশালত বোৱা কাপোৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
‘স্বনিৰ্ভৰ নাৰী’ আঁচনি
‘স্বনিৰ্ভৰ নাৰী’ আঁচনি

অসমৰ গ্ৰামাঞ্চলৰ শিপিনীসকলৰ বাবে ভাল খবৰ। নাৰী সৱলীকৰণৰ লক্ষ্যৰে  “ স্বনিৰ্ভৰ নাৰী ' নামেৰে এখন আঁচনিৰ ঘোষণা কৰিছে। আঁচনীখনৰ জৰিয়তে অসমৰ গ্ৰাম্য শিপিনীসকলে বোৱা কাপোৰ সমূহ ক্ৰয় কৰিব। আৰু চৰকাৰে আটফেড আৰু ক্ৰয়-বিক্ৰয় কেন্দৰ যোগেদি বিক্ৰি কৰিব। অসমৰ প্ৰায় সকলো জাতি-জনগোষ্ঠী তথা সসম্প্ৰদায়ৰ মহিলাই নিজৰ সৃষ্টিশীল দক্ষতাৰে স্বকীয়তাৰ গোন্ধ থকা সাজপাৰ তৈয়াৰ কৰি অসমীয়া স্বাভিমান সদায়ে উজ্জীবিত কৰি আহিছে । কিন্তু সময়ৰ লগে লগে অসমৰ গ্ৰাম্য সমাজৰ পৰা এই তাঁতশালখন হেৰাই যাব ধৰিছে। কিন্তু এই তাঁতশালখনৰ পৰাই অসমীয়া মহিলাই স্বাৱলম্বণৰ পথ ল’ব পাৰে।

শেহতীয়াকৈ এই চেতনাই ক্ৰিয়া কৰিছে ৰাজ্য চৰকাৰখনক। যাৰ পৰিপ্ৰেক্ষিতত ১৯ জুলাইত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত “ স্বনিৰ্ভৰ নাৰী ' নামেৰে আঁচনিখন শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড ° হিমন্ত বিশ্ব শৰ্মাই। আঁচনীখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়-হস্ততাঁত খণ্ডত জড়িত বয়ন শিল্পীসকলক আর্থিকভাবে সচ্ছল কৰি তোলা আৰু পৰম্পৰাগত হস্ততাঁত শিল্পক অধিক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে । অসমৰ শিপিনীসকল অতি দক্ষ আৰু সুনিপুণ । কিন্তু এইসকল শিপিনীয়ে উপযুক্ত বজাৰ লাভ নকৰা বাবে উৎপাদিত সামগ্রী বিক্ৰীৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । এই দিশৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ চনৰ ৭ জুলাইৰ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ আলোচনা আৰু পৰৱৰ্তী বাজেট ঘোষণা অনুসৰি হস্ততাঁত বস্ত্ৰশিল্প সঞ্চালকালয়ে আটফেড আৰু অসম চৰকাৰৰ বেচা - কিনা নিগমৰ জৰিয়তে স্বনিৰ্ভৰ নাৰী " নামেৰে এই ধ্বজাবাহী আঁচনিখন ৰূপায়ণৰ পদক্ষেপ লোৱা হৈছে ।

এই আঁচনিৰ অধীনত পৰম্পৰাগতভাৱে তৈয়াৰ কৰা হস্ততাঁত বস্ত্ৰ যেনে-  গামোচা , আনাই , ডুমেৰ লগতে অন্য হস্ত্ৰতাঁত উৎপাদিত সামগ্ৰীসমূহ মধ্যভোগীৰ সহায় নোহোৱাকৈ পোনপটীয়াকৈ শিপিনীসকলৰ  চৰকাৰে ক্ৰয় কৰিব। ক্ৰয় কৰা উক্ত সামগ্রীসমূহ আর্টফেড আৰু অসম চৰকাৰৰ বেচা - কিনা নিগমৰ বিভিন্ন শাখা তথা ই - বিপণনৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰা হ'ব। ইফালে, অসমৰ ব্স্ত্ৰশিল্পীসকল পৰম্পৰাগত হস্তশিল্পৰ ক্ষেত্ৰত দক্ষ যদিও  বিভাগৰ প্ৰশিক্ষণ  কেন্দ্ৰসমূহৰ জৰিয়তে উন্নত মানৰ বস্ত্ৰ উৎপাদনৰ কৌশলৰ প্ৰশিক্ষণ প্ৰদানৰো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় মুখ্যমন্ত্রী ড ° শৰ্মাই ।

উল্লেখ্য যে আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ শিপিনীসকলে ‘স্বনিৰ্ভৰ নাৰী ’ প'ৰ্টেলযোগে পঞ্জীয়নভুক্ত হ’ব লাগিব। পঞ্জীয়নকৃত শিপিনীগৰাকীক আধাৰ নম্বৰৰ লগত সংযোজিত কৰা হ’ব। চৰকাৰৰ দ্বাৰা গঠিত এখন বিশেষজ্ঞ কমিটীয়ে পৰম্পৰাগত হস্ততাঁত বস্ত্ৰৰ জোখ , গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা মূল্যত শিপিনীসকলৰ পৰা সামগ্ৰীসমূহ ক্ৰয় কৰিব । সামগ্ৰীসমূহ ক্রয় কৰাৰ চাৰি দিনৰ ভিতৰত সমুদায় মূল্য শিপিনীসকলক আদায় দিয়া হ’ব। পঞ্জীয়নকৃত শিপিনীৰ সংখ্যাৰ ভিত্তিত জিলা পর্যায়ত সামগ্রী ক্রয় কেন্দ্ৰৰ সংখ্যা স্থাপন কৰিব । অধিকসংখ্যক শিপিনী থকা উন্নয়ন খণ্ডতো সামগ্রী ক্রয় কেন্দ্র স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। পিছে কাৰ্যক্ষেত্ৰত কিমান সফল হব সেয়া সময়তহে লক্ষ্যণীয় হব কিয়নো বিগত বহাগ বিহুত অসমৰ দোকান-পোহাৰ বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছিল কিন্তু চৰকাৰ সেই সময়ত এই ক্ষেত্ৰত উদাসীন ভূমিকা গ্ৰহণ কৰিছিল। কিন্তু হঠাৎ বস্ত্ৰ শিল্পীসকলৰ প্ৰতি দৰদ দেখুওৱাৰ অন্তচৰালত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ বুলিও মতপোষণ কৰিছে ৰাজ্যৰ একাংশ সচেতন ব্যক্তিয়ে।

লগতে পঢ়ক- ধেমাজিৰ সফল কৃষক দেৱজিৎ চাংমাইলৈ ‘দীনদয়াল উপাধ্যায় অন্ত্যোদয়া কৃষি বঁটা

English Summary: CM on Self Reliant Women' scheme

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.