Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 5 May, 2021 4:19 PM IST
Assam Chief Secretary Jishnu Baruah

"লকডাউন দিলেও অসমত তিনি মাহধৰি চলিবলৈ পৰ্যাপ্ত খাদ্য সামগ্ৰী আছে" - জিষ্ণু বৰুৱা।

    যোৱা সপ্তাহৰ বৃহৎস্পতিবাৰে অসমৰ মুখ্য সচিৱ জিষ্ণু বৰুৱাই কৈছিল যে ৰাজ্যখনত পৰ্যাপ্ত খাদ্য সামগ্ৰী আছে আৰু বজাৰবোৰ সুচাৰুৰূপে চলি আছে। এই ক্ষেত্রত খাদ্যশস্যৰ নাটনিৰ কোনো অভিযোগ নাই আৰু ৰাজ্যখনত বজাৰ ঠিকমতেই চলি আছে। আমাৰ ওচৰত নিত্য প্ৰয়োজনীয় সকলো সামগ্রী পৰ্যাপ্ত পৰিমানে উপলব্ধ আছে," বৰুৱা। তাৰোপৰি তেওঁ কয় যে অসমত এতিয়ালৈকে সম্পূৰ্ণ লকডাউন দিয়াৰ পৰিস্থিতি আহি পৰা নাই আৰু ইয়াক লৈ প্রশাসনে চিন্তা চর্চা কৰা নাই। তেওঁ লগতে কয়, "অসম এনে এক পৰিস্থিতিত আছে য'ত সম্পূৰ্ণ লকডাউনৰ প্ৰয়োজন নাই কিয়নো আক্রান্ত হাৰ এতিয়াও যথেষ্ট কম। আমি জনসাধাৰনক স্বাভাৱিক জীৱনৰ ওপৰত প্রভাৱ পেলাব পৰা কোনো সিদ্ধান্ত লোৱা নাই বুলিও কয় সচিৱ গৰাকীয়ে৷ এইপিনে গুৰত্বপূর্ণভাৱে আজিৰে পৰা কার্য্যকৰী হোৱাকৈ অসমত মিনি লকডাউন অর্থাৎ দুপৰীয়া দুই বজাৰ পৰা সকলো দোকান-পোহৰ বন্ধ কৰিব লাগিব আৰু সন্ধিয়া 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ সান্ধ্য আইন বলবৎ থাকিব।

   ভাৰতীয় খাদ্য নিগমৰ (FCl) সূত্ৰই ৰাষ্ট্ৰীয় সংবাদ প্রতিষ্ঠান টাইমছ অৱ ইণ্ডিয়াক জনাইছিল যে অসমৰ ২৮ এপ্ৰিললৈকে এফচিআইৰ গুদামত ২.৬৮ লাখ মেট্ৰিক টনতকৈও অধিক চাউল উপলব্ধ আছিল, যিটো অসমত দুমাহৰো অধিক সময়ৰ বাবে পৰ্যাপ্ত।

আৰু পঢ়ক- ভাৰতত সম্পূর্ণ লকডাউনৰ পৰামৰ্শ মার্কিন বিশেষজ্ঞ এন্থনী ফউচী‍ৰ (American Health Adviser Anthony Fauci Suggested to Nationwide Lockdown in India)

   উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যসমূহ মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ বাবে, এফ.চি.আই.-ৰ 60,378 মেট্ৰিক টন চাউল মজুত আছে যি তিনি মাহৰ অধিক সময়ৰ বাবে পৰ্যাপ্ত। অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডত ক্ৰমে 90,000 মেট্ৰিক টন, 64,066 মেট্ৰিক টন আৰু 42909 মেট্ৰিক টন চাউলৰ মজুত আছে।

   ইয়াৰোপৰি মচুৰ দাইল বেছিভাগ দিল্লীৰ পৰা বৃহৎ পৰিমাণত আহি আছে। চেনী মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ পৰা আহে। গতিকে এই ক্ষেত্রত ৰাজ্যত নাটনি হোৱাৰ সম্ভাৱনা নাই।

   যদিও পিঁয়াজ অসমত পৰ্যাপ্ত পৰিমানে উপলব্ধ, ব্যৱসায়ীসকলে কৈছিল যে সৰ্বাধিক পিয়াজ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ কিছু অংশৰ পৰা অহাৰ বাবে পিঁয়াজৰ মূল্য বৃদ্ধি হ'ব পাৰে। এজন ব্যৱসায়ীয়ে কোৱা অনুসৰি, "উৎসৰ পৰা পৰিবহন আৰু সংৰক্ষণৰ সময়ত হোৱা লোকচানৰ বাবে সামগ্রী মুল্য বৃদ্ধি কৰে।

     অসমক সপ্তাহত প্ৰায় 1,875 টন পিঁয়াজৰ প্ৰয়োজন যাৰ ভিতৰত কেৱল গুৱাহাটীক 700 টনৰ প্ৰয়োজন।

আৰু পঢ়ক- আপুনি COVID ভেকচিন লোৱা নাই যদি আজিয়ে কৰক পঞ্জীয়ন; আপোনাৰ মোবাইলৰ পৰা অনলাইন মাধ্যমেৰে
English Summary: assam won’t face food grains crisis in case of lockdown says chief secretary
Published on: 05 May 2021, 04:15 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now