Krishi Jagran Tamil
Menu Close Menu

ভাৰতত সম্পূর্ণ লকডাউনৰ পৰামৰ্শ মার্কিন বিশেষজ্ঞ এন্থনী ফউচী‍ৰ (American Health Adviser Anthony Fauci Suggested to Nationwide Lockdown in India)

Tuesday, 04 May 2021 09:45 AM
American President Health Adviser Anthony Fauci

American President Health Adviser Anthony Fauci

  "ভাৰতে অপৰিপক্কভাৱে বিজয় ঘােষণা কৰিছিল"- এন্থনী ফউচী

মার্কিন মহামাৰী বিশেষজ্ঞ এন্থনী ফউচীয়ে ভাৰতত সম্পূর্ণ লাউন দিয়াৰ পৰামর্শ দিছে। দেশৰ কোভিড পৰিস্থিতিৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি দেশত কেইসপ্তাহমানৰ বাবে সম্পূর্ণ লকডাউন দিয়াৰ পৰামৰ্শ আগবঢ়ায়।

  ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতক দিয়া এটা সাক্ষাৎকাৰত তেওঁ লগতে কয়, ভাৰতৰ বাবে আটাইতকৈ জৰুৰী আনটো বিষয় হৈছে পর্যাপ্ত অক্সিজেন, দৰব আৰু পি পি ই কিটৰ যােগান। ভাৰতৰ সংকটপূর্ণ পৰিস্থিতিলৈ লক্ষ্য ৰাখি তেওঁ এটা ‘ক্রাইছিছ গ্রুপ গঠনৰাে পৰামর্শ দিছে যিয়ে দুর্যোগ ব্যৱস্থাপনাৰ সকলাে পদক্ষেপ গ্রহণ কৰিব। কাৰাে নাম উল্লেখ নকৰাকৈ তেওঁ চৰকাৰকে ইংগিত কৰি এক তাৎপর্যপূর্ণ মন্তব্য কৰে। তেওঁ কয়, ‘সম্ভৱতঃ খুব অপৰিপক্কভাৱে বিজয় ঘােষণা কৰা হৈছিল। তেওঁ পৰামর্শ দিয়ে যে ভাৰতে এতিয়া অতি জৰুৰীভাৱে কৰাৰ লকডাউন ঘোষনা কৰা সময় হৈছে ৷ উল্লেখ্য যে ফউচী হৈছে জ' বাইডেনৰ মুখ্য স্বাস্থ্য পৰামৰ্শদাতা।

আৰু পঢ়ক- ২২লাখ টকা বার্ষিক বেতনৰ চাকৰি এৰি আৰম্ভ কৰিলে খেতি ! ভৱিষ্যতে সমগ্র ভাৰততে কোম্পানীৰ শাখা স্থাপন কৰাৰ পৰিকল্পনা এই গৰাকী যুৱতীৰ

   আনহাতে কিছুদিন আগতে ক'ৰনা মহামাৰী অতি জটিল ৰূপ লােৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কৈছিল যে, ‘কৰনাৰ বিৰুদ্ধে দেশে আজি পুনৰ এক বৃহৎ যুঁজ দিছে। যোৱা কেই সপ্তাহমানৰ আগলৈকে পৰিস্থিতি নিয়ন্ত্রণত আছিল। এতিয়া এই দ্বিতীয় টৌ ধুমুহাৰ গতিত আহিছে। আপােনালােকে কেনেধৰণৰ পীড়া সহিব লগা হৈছে সেয়া মই সম্পূর্ণৰূপে অনুভৱ কৰিছোঁ। যিসকল লােকে বিগত দিনবােৰত নিজৰ আত্মীয়ক হেৰুৱালে তেওঁলােকক মই সমবেদনা জ্ঞাপন কৰিছোঁ। পৰিয়ালৰ এজন সদস্য ৰূপে আপােনালােকৰ দুখৰ সমভাগী হৈছোঁ। দেশ পুনৰ এক বৃহৎ প্রত্যাহ্বানৰ সন্মুখীন হােৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়, ‘প্রত্যাহ্বান বৃহৎ, কিন্তু আমি সকলােৱে মিলি নিজৰ সংকল্প, সাহস আৰুপ্রস্তুতিৰে সৈতে ইয়াক পাৰ কৰিব লাগিব। দেশক লকডাউনৰ পৰা যিকোনো উপায়েৰে বচাব লাগিব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ জনসাধাৰণক লকডাউন দিব লগা পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ আহ্বান কৰে।

   প্রধানমন্ত্রীয়ে ভাষণৰ আৰম্ভণিতে দেশৰ সকলাে চিকিৎসক, পেৰা মেডিকেল কর্মী, চাফাই কর্মী, এম্বুলেন্সৰ চালক, নিৰাপত্তা বাহিনী, আৰক্ষী আদিক প্রশংসা কৰি কৰনাৰ বিৰুদ্ধে যুঁজত আগবঢ়োৱা সেৱাৰ বাবে তেওঁলােকে কৰনাৰ প্ৰথমটো টৌত নিজৰ জীৱনক তুচ্ছ কৰি সেৱা আগবঢ়োৱাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয়, ‘এতিয়া এই সংকটৰ সময়ত আপােনালােকে পুনৰ নিজৰ পৰিয়াল, সুখ আৰু চিন্তা পাহৰি আনৰ জীৱন বচোৱাৰ বাবে দিনে নিশাই কাম কৰিছে। 

    গতিকে এনে পৰিপেক্ষিতত কেন্দ্রই কি সিন্ধান্ত গ্রহণ কৰে লক্ষ্যনীয় হ'ব। কিন্তু গুৰত্বপূর্ণ ভাৱে দেশত বর্তমান তিনি-চাৰি লাখ লোক প্রতিদিনে আক্রান্ত হোৱাৰ বিপৰীতে তিনি-চাৰি হাজাৰ মৃত্যু হৈছে৷

আৰু পঢ়ক- SBI ক্লাৰ্ক নিযুক্তি 2021: পঞ্জীয়ন আৰম্ভ হৈছে; পদৰ সংখ্যা 5000 (SBI Clerk Recruitment 2021: Registration Starts; Important Details and Direct Link to Apply Inside)

Nation wide lockdown American President Health Adviser Anthony Fauci Lockdown in india News Today News assam

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.