Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 6 May, 2021 12:13 PM IST
5G network trial approved in India

    একবিংশ শতিকাৰ আৰম্ভণিতে, ভাৰতে এক যুগান্তকাৰী টেলিকম খণ্ডত বিপ্লৱৰ সূচনা কৰিছিল। প্ৰথমতে মানুহে 2জি আৰু 3জি সেৱা লাভ কৰিছিল, কিন্তু 2015 চনৰ আশে পাশে জিঅ (Jio)ই এক নতুন বিপ্লৱ আনিছিল, য'ত 4জি সেৱা জনসাধাৰণৰ হাতত আহিছিল। তদুপৰি, বর্তমান সীমাহীন ডাটা আঁচনিয়ে যোগাযোগ বিপ্লৱক এক নতুন সন্ধিক্ষণলৈ লৈ আহিছে। ইণ্টাৰনেটৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি, বহুতো কোম্পানীয়ে ভাৰতত 5জি সেৱা আৰম্ভ কৰিব বিচাৰিছে, যাৰ বাবে অলপতে ভাৰত চৰকাৰে পৰীক্ষণৰ অনুমোদন জনাইছে।

দেশৰ প্রান্তে প্রান্তে কৰা হ'ব পৰীক্ষন 

5G network
আৰু পঢ়ক- গ্রীণ চাহ( Green Tea) নে কলা চাহ (Black Tea): কোনটো বেছি স্বাস্থ্যকৰ ?

যোগাযোগ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, টেলিকম বিভাগে 5জি পৰীক্ষণত অনুমোদন জনাইছে। যাৰ পৰিপেক্ষিততে দেশৰ বিভিন্ন টেলিকমসেৱা প্ৰদানকাৰী সংস্থাই পৰীক্ষণৰ বাবে ব্যাপক প্রস্তুতি চলাইছে। এই পৰীক্ষণ ভাৰতৰ গ্ৰাম্য, অৰ্ধ-নগৰ অঞ্চলত কৰা হ'ব কিয়নো যিহেতু জনসংখ্যাৰ এক বৃহৎ অংশ ডাঙৰ চহৰ অঞ্চলত বাস কৰে। আনহাতে, ভাৰতত এই সেৱা কেতিয়া আৰম্ভ হ'ব সেই সন্দৰ্ভত জনসাধাৰণৰ মনত প্ৰশ্ন ৰৈ গৈছে বা টেলিকম সংস্থাই সঠিককৈ ক'ব নোৱাৰে। কিছুমান সংবাদমাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে জিঅ' (Jio)ই এই বছৰৰ দ্বিতীয়াৰ্ধত ইয়াক মুকলি কৰিব পাৰে, যদিও সকলোবোৰ পৰীক্ষণত ওপৰত নির্ভৰশীল। 

5G met speed upto 310mbps
আৰু পঢ়ক- গভীৰ সংকটত ৰাজ্যৰ চাহ উদ্যোগ; পানীৰ অভাৱত ছটিয়াব পৰা নাই ইউৰিয়া

গতি কিমান হ'ব?

  ভাৰতী এয়াৰটেলে এই বছৰৰ আৰম্ভণিতে হায়দৰাবাদত ৫জি নেটৱৰ্কৰ কথা ঘোষণা কৰিছিল। য'ত লিবাৰেলাইজড স্পেকট্ৰাম 1800 মেগাহাৰ্জ বেণ্ডত NSA (None-Standalone) নেটৱৰ্ক প্ৰযুক্তি ব্যৱহাৰ কৰিছিল। পৰীক্ষণৰ সময়ত দেখা গৈছিল যে 5জি-ৰ গতি 4জিতকৈ 10 গুণ বেছি আছিল, য'ত ডাউনলোডৰ গতি প্ৰতি ছেকেণ্ডত 310 MBলৈ বৃদ্ধি হৈছিল, আনহাতে আপলোডৰ গতি 65 MBPS ওচৰত আছিল। বিশেষজ্ঞসকলৰ মতে, 5জিৰ গতি 100MB প্রতি ছেকেণ্ডতকৈ অধিক হ'ব, কিন্তু বিশেষ সঁজুলিৰ সহায়ত ইয়াক 1000 এমবিপিএছলৈ উন্নত কৰিব পাৰি।

ক্রয় কৰিব লাগিব নেকি নতুন ফোন? (Would you buy new phone)

উন্নত দেশবোৰে 2020 চনতে 5জি মুকলি কৰিছিল, সেয়েহে এতিয়া ভাৰতৰ দৰে উন্নয়নশীল দেশত আৰম্ভ কৰাৰ সময় আহি পৰিছে। এটা প্ৰতিবেদনত দাবী কৰা হৈছে যে ভাৰতৰ টেলিকম কোম্পানীবোৰে ৫জি প্ৰযুক্তিত অংশগ্ৰহণ কৰাটো এৰাই চলিছে কিয়নো ইয়াৰ সঁজুলিবোৰত যথেষ্ট বিনিয়োগ প্রয়োজন। ইয়াৰোপৰি উৎক্ষেপণৰ পিছত সিমান লাভ নহ'বও পাৰে। অৱশ্যে, জিঅ' আৰু এয়াৰটেলে যোৱা কেইমাহমানত ইয়াৰ বাবে সাজু হৈছে। এতিয়া আহো ফোনৰ প্রসংগলৈ, যিহেতু ভাৰতৰ বেছিভাগ গ্ৰাহকৰ হাতত 4জি ফোন আছে, সেয়েহে তেওঁলোকে 5জি সেৱাৰ বাবে নতুন ফোন লাভ কৰিব লাগিব, ইয়াৰ বাবে হয়তো গ্রাহক সকলৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব। অৱশে 5G ফোন বজাৰত ইতিমধ্যে উপলব্ধ হৈছে৷

Is covid 19 second wave affection of 5G network trial?

5জিৰ বাবে মানুহ অসুস্থ হৈ পৰিছে নেকি?

  ইফালে, আজিকালি ছ'চিয়েল মিডিয়াত এটা উৰাবাতৰি চলি আছে আৰু দাবী কৰা হৈছে যে 5জি পৰীক্ষাৰ ফলত কৰোনাৰ দ্বিতীয় ঢৌ আহিছে। ইয়াৰ বাবে, লোকসকল অধিক ৰুগীয়া হৈ পৰিছে। ঘটনাটোত, PlBয়ে কৈছে যে বিশ্বব্যাপী মহামাৰী কৰোনা ভাইৰাছৰ সন্দর্ভত এনে মিছা আৰু ভুৱা তথ্য ভাগ বতৰা কৰাটো উচিত নহয়। 5G পৰীক্ষনৰ বাবে এনে কোনো ঘটনা সংঘটিত হোৱা নাই । সেয়েহে ইয়াক মুঠেই বিশ্বাস নকৰিব।

আৰু পঢ়ক- ভাৰতত সম্পূর্ণ লকডাউনৰ পৰামৰ্শ মার্কিন বিশেষজ্ঞ এন্থনী ফউচী‍ৰ (American Health Adviser Anthony Fauci Suggested to Nationwide Lockdown in India)
English Summary: 5G trial approved in India, speed up to 310 MB per second, know here when to launch
Published on: 06 May 2021, 11:59 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now