Krishi Jagran Tamil
Menu Close Menu

গভীৰ সংকটত ৰাজ্যৰ চাহ উদ্যোগ; পানীৰ অভাৱত ছটিয়াব পৰা নাই ইউৰিয়া

Friday, 30 April 2021 04:08 PM
Assam Tea Industry

Assam Tea Industry

  অস্বাভাৱিক পৰিস্থিতি আৰু প্ৰতিকূল বতৰৰ বাবে.অসমৰ চাহ উদ্যোগলৈ এক ভীষণ সংকট নামি আহিছে। ২০২০ চনত কভিডৰ বাবে লকডাউনৰ পৰিস্থিতি আৰু এই বছৰ অত্যধিক খৰাং বতৰে চাহ উদ্যোগক বিপদত পেলাইছে। মার্চ-এপ্রিল মাহত চাহ বাগিচাসমূহত যি হাৰত প্রাকৃতিকভাৱে (বৰষুণ) পানীৰ প্রয়ােজন হয়, সেইমতে পানী নােপােৱাত কেঁচা পাতৰ উৎপাদন মুঠেই সন্তোষজনক নহয়। পূর্বৰ তুলনাত এইবাৰ ১০ শতাংশত উৎপাদন হােৱা নাই। 

   চাহ উৎপাদনৰ প্রথম ছিজন (ফার্স্ট ক্লাছ) মার্চ-এপ্রিলত শেষ হােৱাৰ পাছত মে’ মাহত সচৰাচৰ দ্বিতীয় ছিজন (ছেকেণ্ড ফ্লাছ) অর্থাৎ অতি গুৰুত্বপূর্ণ ছিজন আৰম্ভ হয়। এই সময়ছােৱাতে চাহ বাগিচাসমূহত পর্যাপ্ত পানী নাপালে উৎপাদনত ব্যাপক প্রভাৱ পৰে। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মধ্য আৰু নামনি অসমতকৈ তুলনামূলকভাৱে পৰিস্থিতি কিছু ভাল যদিও সন্তোষজনক মুঠেই নহয়। অতিপাত খৰাঙৰ বাবে বতাহতে পানী নাইকিয়া (আদ্রর্তা) হােৱা অৱস্থাই কেঁচা চাহপাত উৎপাদনত বেয়াকৈ প্ৰভাৱ পেলাইছে।

আৰু পঢ়ক- বাদাম খেতিৰ কৃষিপ্রণালী সম্বন্ধে কিছু জানো আহক (Nuts Farming )

   উজনি অসমৰ চাহৰ ব্যৱসায় চলােৱা বহুজাতিক চাহ গােষ্ঠী ৰছেল টী ইণ্ডাষ্ট্ৰীৰ এজন জ্যেষ্ঠ প্রবন্ধকে জনােৱা মতে, বিশেষকৈ গােলাঘাট আৰু যােৰহাট জিলাৰ বাগিচাসমূহত অতি শােচনীয় পৰিস্থিতি হৈছে। বৰষুণ নােহােৱাৰ বাবে চাহ গছসমূহ মৰহি গৈছে। বিগত বর্ষসমূহতকৈ এইবাৰ উৎপাদন ৫০ শতাংশ কমি যােৱা বুলিও জ্যেষ্ঠ প্রবন্ধকজনে জনায়। গােলাঘাট আৰু যােৰহাট জিলাৰ বহু বাগিচাত পাত ছিঙা (প্লাকিং) বন্ধ কৰি কর্মচাৰী-শ্ৰমিকসকলক আগতীয়া ছুটী দিয়া বুলিও জনায়। খৰাং বতৰৰ বাবে চাহ- বাগিচাত পৰা বিৰূপ প্ৰভাৱ বহু দিনলৈকে থাকিব বুলি তেওঁ কয়। অনাগত দিনত চাহ উদ্যোগ জীয়াই ৰাখিবলৈ হ'লে অসম চৰকাৰে কেতবােৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলিও তেওঁ কয়। খৰাং পৰিস্থিতি অব্যাহত থাকিলে চৰকাৰে চাহ উদ্যোগত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে। 

   জলসিঞ্চন ব্যৱস্থাত চৰকাৰী সাহায্য প্রদান কৰিলেহে চাহ উদ্যোগৰ ভৱিষ্যৎ সুৰক্ষিত থাকিব বুলি জ্যেষ্ঠ প্রবন্ধকজনে কয়। 

উৎস - দৈনিক জনমভূমি

আৰু পঢ়ক- আপুনি এজন খেতিয়ক নেকি? তেন্তে কম খৰচতে অধিক মুনাফা দিয়া শস্য চয়াবিনৰ খেতি কৰক। গতিকে জানো আহক কেনেকৈ ইয়াৰ খেতি কৰা হয়

Assam tea industry Tea Rainfall Assam tea garden affected due to low rain fall Assam news Assam agri news

Share your comments

More on this section

Krishi Jagran Assamese Magazine Subscription Online Subscription

CopyRight - 2021 Krishi Jagran Media Group. All Rights Reserved.