Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 30 December, 2022 11:55 AM IST
Rishabh Pant accident

আজি পুৱা ৰুৰকীত সংঘটিত এক ভয়াৱহ দুৰ্ঘটনাত টীম ইণ্ডিয়াৰ উইকেট কিপাৰ তথা বলাৰ ঋষভ পন্ত গুৰুতৰভাৱে আহত হয়। দিল্লীৰ পৰা ৰুৰকী অভিমুখে তীব্ৰ গতিত গৈ থকা গাড়ীখনে এটা ডিভাইডাৰত খুণ্ডা মৰাৰ পাছত উলটি পৰে। দুৰ্ঘটনাটোৰ বাবে গাড়ীখনত জুই লাগে আৰু ভিতৰত থকা ক্ৰিকেটাৰ গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গাড়ীখন সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয় যদিও কেনেবাকৈ গাড়ীৰ পৰা নামি আহিবলৈ সক্ষম হয় পন্ত।

ইয়াৰ পাছত তেওঁক ৰুৰকিৰ সক্ষম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰাৰম্ভিক চিকিৎসাৰ পাছত তেওঁক ডেৰাডুনৰ মেক্স হাস্পটাললৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাটোৰ পিছত চিকিৎসকসকলে ঋষভৰ অৱস্থাৰ বিষয়ে এক ডাঙৰ তথ্য দিছে। চিকিৎসকসকলে প্ৰকাশ কৰা মতে ঋষভ পন্তে মূৰ আৰু ভৰিত গুৰুতৰ আঘাত পাইছে। তেওঁৰ সোঁ ভৰিত ফ্ৰেকচাৰ হৈছে আৰু পিঠিত গুৰুতৰ আঘাত পাইছে।

ঋষভ পন্তৰ দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে এছ পি দেহাত স্বপ্ন কিশোৰ সিং ঘটনাস্থলীত উপস্থিত হৈ গোটেই পৰিস্থিতিটোৰ বুজ লয়। সক্ষম চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ সুনীল নাগৰে কয়, ‘ঋষভৰ অৱস্থা এই মুহূৰ্তত সুস্থিৰ। ঋষভক ৰুৰকীৰ ডেৰাডুন মেক্স চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। তাত তেওঁৰ প্লাষ্টিক ছাৰ্জাৰী কৰা হ’ব।‘ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাৰ ওপৰত চকু ৰাখিছে। অৱশ্যে চিকিৎসকসকলে স্পষ্টকৈ কৈছে যে ঋষভ পন্তৰ অৱস্থা উদ্বেগজনক নহয়। তেওঁৰ অৱস্থা উন্নত হৈছে।

ঋষভ পন্তৰ গাড়ী দুৰ্ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে কয়, ‘দ্ৰুতবেগী গাড়ীখনে ডিভাইডাৰত খুন্দা মাৰিছিল। ইয়াৰ পিছত, গাড়ীখনত জুই লাগিছিল। গাড়ীখন ওলোটা খাই পৰিল বাবে অত্যন্ত কষ্টেৰে জুই নিয়ন্ত্ৰণলৈ অনা হৈছিল। একে সময়তে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ঋষভ পন্তক সক্ষম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁলোক ৰাতিপুৱা দিল্লীৰ পৰা ৰুৰকীলৈ আহি আছিল। যেতিয়া গাড়ীখন নৰচান চহৰৰ ওচৰত উপস্থিত হৈছিল, ই নিয়ন্ত্ৰণহীনভাৱে উলটি পৰিছিল। ৰেলিং আৰু প’ষ্টবোৰ গাড়ীখনে ভাঙি পেলাইছিল।‘

লগতে পঢ়কঃ ১০০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেন মোদীৰ

English Summary: Cricketer Rishabh pant hospitalized after accident
Published on: 30 December 2022, 11:55 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now