1. News

১০০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেন মোদীৰ

Mrigakshi Phukan
Mrigakshi Phukan
Heeraben Modi
Heeraben Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীৰ আজি পুৱা আহমেদাবাদৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০০ বছৰ। শুকুৰবাৰে পুৱা ৩.৩০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজেই টুইট কৰি এই তথ্য ৰাজহুৱা কৰিছে। মাতৃৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহমেদাবাদলৈ ৰাওনা হয়।

দুদিন আগতে, হীৰাবেনৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ পাছত তেওঁক আহমেদাবাদৰ ইউ এন মেহতা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। প্ৰধানমন্ত্ৰী মোডীয়েও তেওঁক চাবলৈ আহমেদাবাদলৈ গৈছিল। ইয়াৰ পাছত খবৰ পোৱা গৈছিল যে তেওঁৰ স্বাস্থ্য উন্নত হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ স্বাস্থ্যৰ খবৰ লৈ পুনৰ দিল্লীলৈ ৰাওনা হৈছিল। পিছে শতবৰ্ষ গৰকা হীৰাবেনৰ মোদীৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটে। উল্লেখ্য যে এই বছৰৰ জুন মাহত, তেওঁ তেওঁৰ ১০০ সংখ্যক জন্মদিন উদযাপন কৰিছিল। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে ভৰি মাতৃৰ ভৰি ধুৱাই তেওঁৰ পৰা আশীৰ্বাদ লয়।

গান্ধীনগৰত মাতৃ হীৰাবেন মোদীৰ শেষ যাত্ৰাত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আহমেদাবাদৰ গান্ধীনগৰত থকা ভাতৃ পংকজ মোদীৰ ঘৰত উপস্থিত হৈ মাতৃৰ অন্তিম যাত্ৰাত যোগদান কৰে মোদীয়ে।
পৰিয়ালৰ আন সদস্যসকলৰ সৈতে মাতৃৰ নশ্বৰ দেহ কান্ধত লৈ গাড়ীলৈ লৈ যায় প্ৰধানমন্ত্ৰী মোদীয়ে। মাতৃৰ শেষ যাত্ৰাত মোদীৰ ভাতৃ পংকজ মোদীও উপস্থিত থাকে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোডীৰ মৃত্যুত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰা, এনচিপিৰ শীৰ্ষ নেতা শৰদ পাৱাৰ, দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই শোক প্ৰকাশ কৰিছে। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে টুইট কৰি কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ মাতৃ হীৰাবেনৰ মৃত্যুৰ খবৰ অতি দুখজনক। এই কঠিন সময়ত, মই তেওঁ আৰু তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ।“ ইয়াৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, নীতিন গাডকাৰী, যোগী আদিত্যনাথ, শিৱৰাজ সিং চৌহান আৰু অন্যান্য নেতাসকলেও প্ৰধানমন্ত্ৰী মোদীৰ মাতৃৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীৰ মাতৃৰ মৃত্যুত শোক প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- ‘১০০ টা গৌৰৱময় বছৰ ধৰি মাতৃ হীৰাবেনে আমাক তেওঁৰ শ্নেহাশীষ প্ৰদান কৰিছিল। তেওঁ সৰলতা, নম্ৰতা আৰু দৃঢ়বিশ্বাসৰ প্ৰতীক আছিল। তেওঁৰ শেষযাত্ৰাত মই অশ্ৰুসিক্ত নয়নেৰে লাখ লাখ লোকৰ সৈতে প্ৰাৰ্থনাত যোগ দিওঁ। তেওঁৰ আশীৰ্বাদ সদায় আমাৰ লগত থাকক।“

লগতে পঢ়কঃ বন্ধ হ’ল PMGKYৰ বিনামূলীয়া ৫ কেজি চাউল, কিয় লোৱা হ’ল এই সিদ্ধান্ত?

English Summary: Heeraben Mody passes away at the age of 100

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.