1. News

আজিৰে পৰা চাৰিদিনীয়াকৈ দিল্লীত নর্থ-ইষ্ট ফেষ্টিভেল

PANKAJ KHANIKAR
PANKAJ KHANIKAR
North-East festival-2022 in Delhi
North-East festival-2022 in Delhi

অর্থনৈতিক দৃষ্টিভংগীৰে উত্তৰ-পূৰ্বাঞ্চলক বিশ্বত পৰিচিত কৰাৰ পৰিকল্পিত প্রয়াসৰ অংশস্বৰূপে দিল্লীত আজিৰে পৰা চাৰিদিনীয়াকৈ নর্থ-ইষ্ট ফেষ্টিভেল। কেন্দ্রীয় মন্ত্রী নাৰায়ণ বানেই শুভাৰম্ভ কৰিবলগীয়া এই অনুষ্ঠানত উত্তৰ-পূবৰ বৈচিত্র্যময় খাদ্য-সম্ভাৰ, কাৰুশিল্প আৰু সংস্কৃতিৰ বৈভৱ প্ৰদৰ্শনৰ লগতে পুথি উন্মোচন, বৈঠক আৰু প্রদর্শনীলৈকে বহুকেইটা কাৰ্যসূচী আছে। নর্থ-ইষ্ট ফেষ্টিভেলৰ এই দশম সংস্কৰণ দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত আয়োজন কৰা হৈছে।

লগতে পঢ়ক-  

৪০ দিনতে বিক্ৰিব পাৰিব এই জাতসমূহৰ পালেং। কৃষি বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত এই জাতসমূহ

ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্তই এই বিষয়ে উল্লেখ কৰি কয় যে এয়া মাথোঁ উৎসৱ নহয়, বৰং ইয়াৰ জৰিয়তে সকলোকে একত্রিত কৰাৰ এক প্ৰয়াস। ইয়াত উত্তৰ- পূৰ্বাঞ্চলৰ বৈচিত্ৰ্য আৰু অৰ্থনৈতিক দিশৰ পৰা অঞ্চলটোৰ গুৰুত্ব উপস্থাপন কৰিব পৰাকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াৰ দ্বাৰা অঞ্চলটোক বিশ্বত প্ৰতিষ্ঠিত কৰাৰ প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ চাৰিদিনীয়া এই উৎসৱ আকর্ষণীয় হোৱাৰ আশা ব্যক্ত কৰে।

চাৰিদিনীয়াকৈ অনুষ্ঠিত এই ফেষ্টিভেলৰ সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্র্যৰ সোৱাদ ল'ব পৰাকৈ ষ্টেডিয়ামৰ মুকলি পথাৰত শতাধিক বিপণী স্থাপন কৰা হৈছে। এই বিপণীসমূহত থলুৱা খাদ্য-সম্ভাৰৰ পৰা সাজ-পোছাককে ধৰি অঞ্চলটোৰ বিভিন্ন সামগ্রী উপলব্ধ হ'ব।

তদুপৰি এই ফেষ্টিভেলত 'ন ইয়ৰ নৰ্থ-ইষ্ট' শীর্ষক এখন পুথি উন্মোচন কৰা হ'ব আৰু অঞ্চলটোৰ বিষয়ে যাতে সকলো পৰিচিত হ'ব পাৰে সেই উদ্দেশ্যে পুথিখন বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত বিতৰণ কৰাৰ লক্ষ্য কৰা হৈছে।

লগতে পঢ়ক- 

প্ৰধানমন্ত্ৰীৰ ক’ভিড বৈঠকৰ পাছতে ৰাজ্যসমূহত তৎপৰতা: শীঘ্ৰে নতুন নিৰ্দেশনাৰ সম্ভাৱনা

English Summary: North-East festival-2022

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.